সাপে দংশন কৰিলেই বা সাপ দেখিলেই ভয় নাখাব। বহুতে বিষাক্ত বুলি ভবা অসমৰ ৭বিধ বিষহীন বা অবিষাক্ত সাপৰ বিষয়ে জামো আহক -
(এক)
ধুন্দুলীগোম বা ধুন্দুলী ফেটী
Copper headed trinket snake
Elaphe radiata
ভঁৰালৰ পৰা বা ডুলিৰ পৰা ধান উলিয়াওতে ডিঙিটো ফুলাই ৰূদ্ৰ মূৰ্তি ধাৰণ কৰা ধুন্দুলীগোম বা ধুন্দুলী ফটী সাপটো দেখিলে আপুনি কোন সতেৰে ভাবিব- সি বিষহীন বুলি? বহুতে তাৰ নামৰ লগত 'ফেটী' শব্দটো সংযুক্ত হৈ থাকে বাবেই তাক বিষাক্ত বুলি ধৰি লয়। প্ৰকৃতাৰ্থত সি এবিধ বিষহীন সাপ। কেইবাটাও ভাঁজ দি সি ডিঙিৰ অংশটো ফুলাই শত্ৰুৰ ফালে খেদা মাৰি অাহে। কৃষকৰ বন্ধু সদৃশ এই সাপ সমগ্ৰ মানৱজাতিৰ বাবে উপকাৰী।
এই সাপে আপোনাক যদি দংশন কৰে তেন্তে ভয় নাখাই অায়ডিনযুক্ত পানীৰে কামোৰা ঠাই টুকুৰা ধুই দিয়ক আৰু নিশ্চিত থাকক আপোনাৰ একো নহয়।
(দুই)
মচোৱা গোম বা ক'লা মচোৱাগোমঃ
Indian rat snake
Ptyas mucosus
খোজকাঢ়ি গৈ থাকোঁতে, চাইকেলৰ সন্মুখত, গৰু চৰাবলৈ যাওঁতে মুখৰ আগতে ওলোৱা দেখিবলৈ ভয়ংকৰ অথচ বিষহীন সাপ এবিধ মচোৱাগোম। মচোৱাগোম এবিধ ভয়াতুৰ সাপ। ইয়াৰ ভয়ংকৰ চেহেৰাটো দেখিয়েই মানুহে ইয়াক বিষাক্ত বুলি ধৰি লয়। কিছুমানে ক'ব খোজে মচোৱাগোম সাপৰ নেজত বিষ থাকে। সম্পূৰ্ণ মিছা। কেতিয়াবা ই অাতুৰত পৰি নেজ ডাল মাৰি আপোনাৰ কলাফুলত দাগ লগাই গ'লেও ভয় নাখাব। চেকনিৰ কোব আৰু মচোৱাৰ কোবৰ মাজত কোনো পাৰ্থক্য নাই! কেতিয়াবা দংশন কৰিলেও ভয় নাখাব। কিয়নো মানুহক অপকাৰ কৰিব পৰা ক্ষমতা ইহঁতৰ তিলমাণো নাথাকে।
কিছুলোকে ক'ব খোজে মহিলাসকলৰ মাহেকীয়াৰ সময়ত ই কাষ চাপি আহে। যদি কথাটোত সঁচাকৈ যুক্তিযুক্ততা আছে, এই বিষয়ে সঠিক কৈ কোৱা টান। অৱশ্যে যোৰ পতা সময়ত যিবোৰ গ্ৰন্থি কাৰ্যক্ষম হৈ উঠে, সেই গ্ৰন্থিৰ পৰা ওলোৱা গোন্ধৰ সৈতে ইয়াৰ যদি কিবা সাদৃশ্য আছে, তেনে সেই প্ৰাসংগিকতাক নুই কৰিব নোৱাৰি।
(তিনি)
কাৰ্শলা সাপ
Painted Bronzeback
Dendrelaphis pictus
জলকীয়া, বেঙেনা, লাউ-জীকা চিঙিবলৈ যাওঁতে সতকাই অাপোনাৰ গাৰ কাষতে ওলোৱা সাপবিধ হ'ল কাৰ্শলা। আমাৰ অসমত ইয়াৰ তিনিটা প্ৰজাতি পোৱা যায়। গাটো লাহি হোৱাৰ বাবে ইহঁতে গছত সহজে বগাব পাৰে। কাৰ্শলা সাপ উৰি যায় বহুতে কয়। ই সম্পূৰ্ণ মিছা আৰু তথ্যহীন। ইহঁত বহুত শান্ত আৰু নিমাখিত প্ৰজাতিৰ সাপ।
বিষহীন কাৰ্শলা সাপক বহুতে বিষাক্ত বুলি ভাবে। দৰাচলতে কাৰ্শলা সাপ এবিধ বিষহীন সাপ। এই সাপে দংশন কৰিলে ভয় নাখাব। কিয়নো মানুহৰ তিলমাণো অপকাৰ কৰিব পৰা ক্ষমতা কাৰ্শলা সাপৰ নাই।
(চাৰি)
চিকামড়লী
Indian wolf snake
Lycodon aulicus
খেৰৰ মেজিত, ঘৰৰ চালিত-মাৰলিত-বৰছাঙত, বেৰৰ পোলাৰ মাজত কুচিমুচি শুই থকা সাপটো হ'ল- চিকামড়লী। অসমত ইয়াৰ তিনিটা প্ৰজাতি পোৱা যায়। ইহঁত সাধাৰণতে ৰাতিহে ওলায়। দেখিবলৈ ধুনীয়া এই শান্ত প্ৰজাতিৰ সাপবিধক বহুতে ওলোৱাৰ লগে লগে বিষাক্ত বুলি মাৰি পেলায়। প্ৰকৃতাৰ্থত চিকামড়লী এবিধ বিষহীন সাপ।
এই সাপে দংশন কৰিলে ভয় নাখাব। মানুহক অপকাৰ কৰিব পৰা ক্ষমতা এই সাপৰ মুঠেই নাই।
(পাঁচ)
কেঁচুসাপ
Worm Snake
Typhlops Bothriorhynchus
মাটিত পৰি থকা কাঠ, শিল, ইটা অাদিৰ তলত নহ'লে কোমল মাটিত গাঁত খান্দি ইহঁতে বাস কৰে। কেঁচুৰ নিচিনা শৰীৰটোত চিকমিকাই থকা বাকলিৰে আবৃত। নেজৰ ফালে কাঁইটৰ দৰে এটা অংশ আছে। ভাৰতত কেঁচুসাপৰ প্ৰায় ১৫ টামান প্ৰজাতি আছে, তাৰে ৫ টা মান প্ৰজাতি অসমত পোৱা যায়।
মাটি খান্দোতে আপুনি প্ৰায়েই তাক লগ পায়। বহুতে বিষাক্ত বুলি ভাবে আৰু মাৰি পেলায়। প্ৰকৃতাৰ্থত কেঁচুসাপ এবিধ বিষহীন সাপ। কিছুমানে তাৰ নেজৰ ফালে থকা কাঁইটৰ দৰে অংশটোত বিষ থাকে বুলি ভাবে, যিটো সম্পূৰ্ণ মিছা।
(ছয়)
সৌকাগোমঃ
Indo-Chinese Rat snake
Ptyas Korros
আমাৰ কলাবাৰীৰ(গহপুৰ) ফালে এই সাপ যেতিয়া কাৰোবাৰ গাৰ কাষেৰে পাৰ হৈ যায়, মায়াভৰা সংলাপ এফাঁকি আওৰাই সকলোৰে মুখৰ পৰা স্বতঃস্ফূৰ্তভাবে ওলাই আহে- 'মুগীফেটী'! ইয়াৰ মুগা বৰণৰ দেহটোৰ বাবেই বহুতে ইয়াক মুগীফেটী বুলি ক'ব খোজে। প্ৰকৃতাৰ্থত মুগীফেটী অথবা মাটিফেটী বুলি কোনো সাপৰ প্ৰজাতি নাই। ঠাইভেদে এই সাপৰ নামৰ ভিন্নতা আছে। কিছুলোকে ইয়াক গোমফেটী বুলিও কয়। ইয়াৰ গতিবেগ বেছি। খাদ্য বস্তুৰ সন্ধানত ই কেতিয়াবা ঘৰৰ ভিতৰতো সোমায়।
এই সৰ্প মুঠেই বিষাক্ত নহয়। এই সাপে কেতিয়াবা দংশন কৰিলে ভয় নাখাব, ইয়াৰ দংশনত মানুহৰ একো অপকাৰ নহয়।
(সাত)
বামুণী সাপ
Buff striped keelback
Amphiesma stolatum
দেখিবলৈ ধুনীয়া খুবেই শান্ত প্ৰজাতিৰ এই সাপবিধক অসমত প্ৰচুৰ পৰিমানে পোৱা যায়। আমাৰ ফালে ইয়াক ধুন্দুলিগোম সাপৰ পোৱালি বুলি ভাবে। অৱশ্যে ধুন্দুলিগোম সাপৰ বৰণৰ সৈতে ইয়াৰ আংশিক সাদৃশ্য আছে। আকাৰত সৰু। বহুতে ইয়াক বিষাক্ত বুলি ভাবে আৰু ওলোৱাৰ লগে লগে মাৰি পেলায়।
প্ৰকৃতাৰ্থত বামুণী সাপ এবিধ বিষহীন সাপ, ইয়াৰ দংশনত মানুহৰ একো অপকাৰ নহয়।
অসমৰ ৬ বিধ বিষাক্ত সাপৰ বিষয়ে জানিবলৈ এই লিংকত ক্লিক কৰক - www.অবিষাক্ত সাপ.com
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment