বিষাক্ত সাপে দংশন কৰিলে প্ৰথমে আপুনি কি কৰিব ? সেয়া জনাৰ পূৰ্বে পৰিচয় হৈ লও আহক অসমৰ হাবিত পোৱা ৬বিধ বিষাক্ত সাপ বিষয়াে-
( Assamese Fact )
বিষাক্ত সাপ-১
ৰজাফেঁটীঃ
King cobra
Ophiophagus Hannah
পৃথিৱীৰ আটাইতকৈ ডাঙৰ বিষাক্ত সাপ- ৰজাফেঁটী। ইয়াৰ প্ৰধান খাদ্য হ'ল সাপ। যদিও ৰজাফেঁটীক ঘন অৰণ্যৰ বাসিন্দা বুলি কোৱা হয়, অসমৰ বিভিন্ন ঠাইত ইয়াক লগ পোৱা যায়।
ই গছৰ শুকান পাতেৰে বাঁহ সাজে আৰু পোৱালি নোলোৱালৈকে ৰখি থাকে। এই সাপে দংশন কৰিলে মৃত্যু নিশ্চিত, কিয়নো ভাৰতবৰ্ষত ইয়াৰ এন্টিভেনম উপলব্ধ নহয়। এই সাপ যদি ক'ৰবাত দেখে তেনে পিছুৱাই আহক।
বিষাক্ত সাপ-২
এটা চকৰি থকা ফেঁটীঃ
Monocled Cobra
Naja Naja Kaouthia
অসমৰ হাবিত পোৱা এবিধ বিষাক্ত সাপ হ'ল - এটা চকৰি থকা ফেঁটী। ইয়াৰ যেতিয়া খং উঠে ই ডিঙিটো চেপেটা কৰি এখন ফণাৰ সৃষ্টি কৰে। চেপেটা মূৰটোত জিলিকি থাকে এখন দৃষ্টিনন্দন চকৰি। বহুতে মচোৱাগোম সাপকে ফেঁটী সাপ বুলি মাৰি পেলায়। ইহঁত দেখিবলৈ বিষহীন ঢোৰাসাপ আৰু মচোৱাগোম সাপৰ দৰে, ছালৰ বাকলি ডাঠ।
ফেঁটী সাপৰ মগজুত চেৰিবেলাম নামৰ অংশটো অন্য সাপৰ তুলনাত উন্নত বাবে ইহঁতবোৰ আত্মৰক্ষাৰ তাড়নাত অস্থিৰ হৈ উঠে। সেয়ে যদি তাক কেতিয়াবা আধামৰা কৰি এৰি থৈ অহা হয় ই খঙৰ ভমকত যিকোনো প্ৰাণীকেই দংশন কৰিব পাৰে।
ফেঁটী সাপৰ পৰা দূৰৈত থাকক। তাক জোকালে সি আপোনাক খেদি আহিও দংশন কৰিব পাৰে! কেতিয়াবা দংশন কৰিলেও তৎক্ষণাৎ চিকিৎসকৰ সহায় লওক।
বিষাক্ত সাপ-৩
ছশমা চিহ্নযুক্ত ফেঁটী বা দুটা চকৰি থকা ফেঁটী
Spectacled cobra
Naja Naja
অসমৰ হাবিত মাথোঁ দুবিধ ফেঁটী সাপহে পোৱা যায়। এবিধ এটা চকৰি থকা ফেঁটী আৰু আন বিধ ছশমাচিহ্নযুক্ত ফেঁটী। মাটিফেঁটী বা মূগীফেঁটী বুলি কোনো ফেঁটী সাপৰ প্ৰজাতি নাই। ক'লাবৰণৰ মোচোৱাগোম সাপ এটা দেখিলেই প্ৰায়সকলেই মাটিফেঁটী-ক'লীফেঁটী বুলি হাই-উৰুমি কৰি পৰিৱেশটো উত্তাল কৰি তোলে অথবা অবিষাক্ত মূগাবৰণৰ সৌকাগোম সাপটো দেখি মূগীফেঁটী বুলি বিভ্ৰান্ত কৰি, লাঠিডাল লৈ খেদা মাৰি আহে। কিছুসংখ্যকে আকৌ সমগ্ৰ সাপৰ প্ৰজাতিটোকে মানৱ জাতিৰ শত্ৰু বুলি গন্য কৰে। আহক, সকলোৱে সাপৰ বিষয়ে জানোঁ-বুজোঁ-শিকোঁ। অকল মাথোঁ অজ্ঞতাৰ বাবেই বহু সংখ্যক সাপৰ প্ৰজাতি এতিয়া বিপণ্ন প্ৰাণীৰ তালিকাত। অবিষাক্ত ধুন্দুলি ফেটী বা ৰজাফেটী 'ফেটী সাপ'ৰ প্ৰজাতিত নপৰে।
মূল কথালৈ আহোঁ- স্পেকটেক'ল কব্ৰা বা দুটা চকৰি থকা ফেঁটী অসমৰ হাবিৰ বাসিন্দা। ই যেতিয়া ডিঙিটো চেপেটা কৰি ফণা তোলে, চেপেটা মূৰটোত জিলিকি থাকে এযোৰ ছশমা। সেয়ে ইয়াক ছশমাচিহ্নযুক্ত ফেঁটী বুলি কোৱা হয়। অসমৰ হাবিৰ বিষাক্ত সাপকেইবিধৰ ভিতৰত ইয়ো অন্যতম। দুৰ্ভাগ্যজনকভাৱে যদি কেতিয়াবা এই সৰ্পই দংশন কৰে তেনে অলপো পলম নকৰি হাস্পতাল যাব। মনত ৰাখিব বিষাক্ত দংশনৰ একমাত্ৰ বিকল্প এন্টিভেনম।
বিষাক্ত সাপ-৪
ক'লা শংখচূড়
Lesser black krait
Bangarus Lividus
নিশাচৰ এই সাপবিধক আমাৰ ফালে ক'লা শংখচূড় বুলি কোৱা হয়। চিকমিকাই থকা ক'লা বাকলিৰে আৱৰা দেহ, পেটৰ ফালে বৰণ পাতল হালধীয়া। বহুতে ইয়াক অবিষাক্ত মোচোৱাগোম বুলি ভাবি ভুল কৰে। কিয়নো আঁতৰৰ পৰা দেখাত ই মোচোৱাগোমৰ দৰে লাগে। সাধাৰণতে ই ৰাতিহে বাহিৰলৈ ওলায়। ১০ বছৰ মান আগলৈকে আমাৰ গহপুৰৰ ফালে এই সাপ প্ৰচুৰ পৰিমানে পোৱা গৈছিল। এতিয়া কেতিয়াবাহে ক'ৰবাত দেখা পাওঁ।( Assamese Fact )
ই এবিধ বিষাক্ত সাপ। দুৰ্ভাগ্যজনকভাৱে যদি এই সাপে কেতিয়াবা দংশন কৰে তেন্তে অলপো পলম নকৰি চিকিৎসালয় যাব। ইয়াৰ এন্টিভেনম বা প্ৰতিবিষ অসমত উপলব্ধ।
বিষাক্ত সাপ-৫
বাটচুপা
Red Necked Keelback
Rhabdophis subminiatus
দেখিবলৈ ধুনীয়া শান্ত প্ৰজাতিৰ এই সাপ বিধক আমাৰ গহপুৰৰ ফালে ৰঙামূৰীয়া ফেটী বুলি কয়। বাটৰাজ, নিগনিখোৱা, ৰঙাগোম আদি নামেৰেও ইয়াক জনা যায়। অসমৰ সকলো ঠাইত ইয়াক পোৱা যায়। ই অতি বিষাক্ত সাপৰ শ্ৰেণীত নপৰে যদিও, ইয়াৰ পূৰ্ণ দংশনত মানুহৰ অপকাৰ হ'ব পাৰে।
এই সাপে যদি কেতিয়াবা দংশন কৰে, তেন্তে চিকিৎসকৰ সহায় লওক।
বিষাক্ত সাপ-৬
পটিযুক্ত ক্ৰেইট বা শংখচূড় বা শকঁচুৰ বা বাকৰাজ বা শঁকা সাপঃ
Banded Krait
Bungarus Fasciatus
বিশ্বৰ অতি বিষাক্ত সাপৰ ভিতৰত ই অন্যতম। ইয়াক আমাৰ অসমত প্ৰচুৰ পৰিমানে পোৱা যায়। দেখিবলৈ ধুনীয়া এই সাপবিধক কেইবাটাও নামেৰে জনা যায়। বহুতে ক'ব খোজে ইয়াৰ গাৰ ওপৰেদি মানুহ পাৰ হৈ গ'লেহে ইয়াৰ বংশ বৃদ্ধি হয়। আচলতে কথাটো তেনে নহয়। ইয়াৰ গতিবেগ ক'ম আৰু ইহঁত ৰাতিহে বাহিৰলৈ ওলায়। গতিবেগ কম বাবেই ইয়াৰ ওপৰেদি চাইকেল-গাড়ী পাৰ হৈ যায়। গতিকে সি তাৰ ওপৰেদি কোনোবা পাৰ যাবলৈ ৰৈ থকা ধাৰণাটো সম্পূৰ্ণ মিছা। কিছুমানৰ মতে ই ৰাতি গাই গৰুৰ গাখীৰ খায়। পৃথিৱীৰ কোনো সৰ্পৰে প্ৰিয় খাদ্য গাখীৰ নহয়। তাৰ ভোটা নেজ ডালৰ বাবেই তাৰ মুখ দুখনৰ দৰে লাগে, প্ৰকৃতাৰ্থত তাৰ মুখ এখনহে।
এই সাপৰ পৰা সদায়ে দূৰৈত থাকক। কিবা কাৰণত দংশন কৰিলেও তেন্তে তৎক্ষণাত চিকিৎসকৰ সহায় লওক। এই সাপ যিকোনো জীৱিত প্ৰাণীৰ বাবেই বিষাক্ত।
বি.দ্ৰ.- বিষাক্ত দংশনৰ একমাত্ৰ বিকল্প এন্টিভেনম। বিষাক্ত দংশনৰ পিছত প্ৰতিটো মিনিট মহা মূল্যবান। সেয়ে গাঁৱলীয়া চিকিৎসা বা বেজৰ ওচৰলৈ নি সেই সময়ক আৰু জটিল নকৰিব। যেনেকৈ পাৰে হাস্পতাললৈ নিয়ক, হাস্পতালত এন্টিভেনম নাথাকিলেও তেওঁলোকে আপোনাক জনাব পাৰিব এন্টিভেনম ক'ত পোৱা যায়।
অসমৰ ৭ বিধ বিষহীন বা অবিষাক্ত সাপৰ বিষয়ে জানিবলৈ এই লিংকত ক্লিক কৰক - www.অবিসাক্ত সাপ.in
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য নিশান্ত বৰদলৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment