অৰঙে দৰঙে ঘুৰি ফুৰি,
সেউজীয়া ভাল পোৱা ল'ৰাটো ।
সেউজীয়াবোৰ গোটাই লৈ ,
সমস্ত পৃথিৱীখনক সেউজময় কৰিব ।
সেউজীয়াবোৰক উমাল পৰশে উপচাই দিব বিচাৰে ।
সোনাৰু হালধীয়াবোৰ বেয়া পায়,
সময়ে গৰকি সেউজীয়াবোৰক হালধীয়া কৰি দিয়ে ।
সৰু বনগোটিবোৰ তাৰ বৰ প্ৰিয় ,
বনগোতিবোৰত প্ৰেমৰ শ্বাশত বিচাৰি পায় ;
বনগোটিবোৰে মানুহৰ উমাল সান্নিধ্য বিচাৰে ।
তাৰ ঠিকনাতো :
নৈ পাৰৰ সৰু ইকৰা বেৰৰ পজাঁতো ।
নৈ পাৰত পানীৰ জোৱঁলী সৈতে ,
সি তাৰ প্ৰেয়সীৰ কথা পাতে ।
আৰু কেতিয়াবা
গীটাৰ খনত টুং নাং শব্দৰে,
সুৰৰ মুচৰণা তোলাত মুগ্ধ হৈ থাকে ।
হেই সেউজীয়া ভালপোৱা ল'ৰাতো '
তুমি ভালেই আছানে ?
বেকা হাঁহি এটি মাৰি কৈছিল
এতিয়া মোৰ সেউজীয়া প্ৰিয় নহয় ,
সেউজীয়াবোৰ হৃদয়ত কবৰ দিলো ।
সেউজীয়াবোৰৰ ঠাইত হালধীয়া প্ৰিয় ,
যান্ত্ৰিক ময় দিনত সেউজীয়া ফাল্গুধাৰা;
নি:শেষ হৈ হালধীয়া গৰ্ভত সমাধিত হল ।
এতিয়া মোৰ সংগী হ'ল জটিলতা ,
জটিলতাৰ মাজত সেউজীয়াবোৰৰ শ্বাশত বিচাৰি পাওঁ ॥
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য মাঘা গগৈৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment