ৰাধাই কিয় কান্দে নিৰবে ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 16, 2020

ৰাধাই কিয় কান্দে নিৰবে ?


-“ তুমি ৰাধা নহয়নে “ মই পিছফালৰ পৰাই মাত দিলো৷ তেওঁ সামান্য অপ্ৰস্তত হ’ল৷ ঘূৰি চালে, যেন চিনা নিচিনাৰ দোমোজাত, “ মই কমল ৷“ 

-“ হাৰে তুমি, ও মাই গড, কৰ পৰা ওলালাহে, কিমান বছৰৰ মুৰত৷“ 

-“ গুৱাহাটীতে আছো, কেনে আছা তুমি, কত থাকা এতিয়া, ইয়াতে নে৷ “

-“ গুৱাহাটীতে, হোৱাটছ এপ নং দিয়াচোন জলদি, মোৰ দেৰি হৈছে বহুত, ফেচবুকতো পাবা৷ ও শুনা, , এতিয়া কিন্তু দত্তহে দে৷ লগ পাম পিছত,  ফোনকৰিম তোমাক৷ চৰি কমল, বাই৷ “ ষ্টাফ গাড়ী এখনত উঠি ৰাধা পানবজাৰৰ ফালে গুছি গ’ল,  তেওহে মোৰ নম্বৰ ল’লে, মোৰ লোৱা নহ’ল, ৰাধাই নিশ্চয় ফোন কৰিব! 

  ৰাধা শৰ্মা,  কলেজৰ অন্তৰংগ বান্ধৱী , আমি পাচঁজনৰ এটা গ্ৰুপ আছিল, লগত আছিল নয়ন, প্ৰাণ আৰু ৰেখা৷ সাহিত্য, তৰ্ক কুইজ আদিত আমাৰ গ্ৰুপটোৰ নাম আছিল৷ ৰাধা পঢ়াতো চোকা আছিল৷ এবাৰ কলেজত তেওঁ এটা অদ্ভুত কাণ্ড কৰিছিল৷ দুজন অধ্যাপকে কলেজত উপস্থিত থাকিও নিয়মীয়াকৈ ক্লাছ কৰা নাছিল৷ ৰাধাই অধ্যক্ষৰ কোঠাৰ বাহিৰত প্লেকাৰ্ড লিখি অনশনত বহিছিল৷ তেতিয়াৰ পৰা ৰাধা কলেজৰ হিৰো৷ প্ৰকৃতাৰ্থত ভাল বন্ধু আছিলোঁ আমি৷ কলেজ শেষ হোৱাৰ পাছত মই গাঁৱলৈ গুছি গৈছিলোঁ আৰু এদিন ৰাধাও বিয়া হৈ গৈছিল৷ তেতিয়াৰ পৰাই তেওঁৰ লগত যোগাযোগ নাছিল৷ তেতিয়াৰ দিনত আজিৰ দৰে হাতে হাতে মবাইল ফোন নাছিল৷ গতিকে কলেজৰ পিছত কোনে ক’ত কি কৰিছে, সেইবোৰ খবৰ সঘনাই পোৱা নগৈছিল ৷ পিছত কামৰ তাগিদাত আকৌ গুৱাহাটীলৈ আহিলোঁ ৷ নয়নে এদিন কৈছিল, ৰাধা গুৱাহাটীত থকাৰ কথা ৷ কিন্তু লগ পোৱা নাছিলোঁ৷ 

 সিদিনা সন্ধিয়াই ৰাধাৰ ফোন আহিল -“ কমল, কিমান বছৰৰ পাছত পালো তোমাক৷ ৷ বহুত ভাল লাগিছে জানা৷ কিমান মধুৰ স্মৃতিয়ে আজি আমনি কৰিছে৷ কেনে আছা তুমি৷ আৰু ইহতবোৰৰ খবৰ? ““

-“ মোৰ ভালেই৷ মোৰো বহুত ভাল লাগিছে, কত আছা ইয়াত৷ আৰু পৰিয়াল? “ খন্তেক মৌন হৈ থাকি ৰাধাই কলে -“ একেদিনাই ইমান বোৰ জানিব নালাগে দিয়া৷ বহুত কথা, তুমি আহিবাছোন, ওচৰতে থাকা৷ ““

 তাৰ পিছত প্ৰায় প্ৰতিদিনে আমাৰ যোগাযোগ হৈ আছিল৷ কিন্তু ৰাধাই কিছুমান কথা যেন কব নোখোজে৷ হয়তো কান্দে নিৰবে৷ পৰিয়ালৰ কথা উলিয়াব খুজিলেই বেলেগ কথা পাতে৷যোৰ কৰি একো সুধিবও নোৱাৰি ৷ কিবা যেন ৰহস্য আছে৷ এদিন সন্ধিয়া ৰাধাৰ ঘৰ বিচাৰি উলিয়ালো ‌৷ মোক দেখিয়েই বৰ ফুৰ্তি পালে তাই,  ৰাধাৰ পাচ বছৰীয়া ছোৱালী এজনী৷ পৰিৰ দৰে মৰমলগা ৷ বহুত কথা পাতিলো আমি, কিন্তু কিছুমান কথা অস্পষ্ট৷ অতীতৰ দিনবোৰ ৰোমন্থন কৰিহে ভাল পাইছে ৷ বৰ্তমানৰ পৰা যেন পলাব খোজে ৰাধাই ৷ আমাৰ গ্ৰুপটোৰ কথা ওলাল৷ বৰ উদাশ ভাবে ৰাধাই কলে “ সেই দিনবোৰেই ভাল আছিল৷ নহয়নে কমল,  হাঁহি ধেমালি কৰিছিলো, পঢ়া শুনাও কৰিছিলো৷ তুমি মোৰ বিষয়ে বিশেষ নাজানা৷ কিমান বছৰ এনেদৰে গল নহয়নে৷ “-- এনেতে ৰাধাৰ ছোৱালী জনীয়ে ভিতৰৰ ৰুমৰ পৰা এখন ডাঙৰ ফটো লৈ আহি মোৰ ওচৰত বহিল আৰু কলে -“ আংকল এয়া হেনো মোৰ দেউতা৷ সৌ আকাশত থাকে৷ আমাৰ ঘৰলৈ নাহে৷ তুমি চিনি পোৱা নেকি৷ মায়ে কৈছে আমাক বেয়া পাই গুছি গৈছে, বেছিকৈ দেউতাৰ কথা কৈ থাকিলে মায়ে খং কৰে৷ তুমি দেউতাক আনি দিব পাৰিবা নেকি আংকল, প্লিজ আংকল দেউতাক আনি দিয়া৷ “ ছোৱালী জনীয়ে মোৰ হাতখনত ধৰি জোকাৰি আছে৷  মই ৰাধাৰ ফালে চালো, তাই হুকহুকাই কান্দি কান্দি কলে -“ তাইক কেনেকৈ বুজাও কমল, যে তাইৰ জন্ম হোৱাৰ আগতেই ......“৷“ এটা হুমুনিয়াহ ওলাই আহিল মোৰ৷

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমলেন্দ্ৰ শৰ্মাৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages