মিৰ্গী ৰোগ কিয় হয় আৰু এই ৰোগৰ ঘৰুৱা বিধান: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 14, 2020

মিৰ্গী ৰোগ কিয় হয় আৰু এই ৰোগৰ ঘৰুৱা বিধান:


 শাৰীৰিক তথা মানসিক ভাৱে দুৰ্বল মানুহৰ ক্ষেত্ৰত মিৰ্গী ৰোগ বেছিকৈ হোৱা দেখা যায় । 


অত্যাধিক শ্ৰম , নিচাযুক্ত দ্ৰব্য সেৱন , মূৰত পোৱা আঘাত আদিৰ বাবেও মিৰ্গী ৰোগ হব পাৰে ।


অকস্মাৎ হাত ভৰি কোচাই লৈ বাগৰি যোৱা , মুখেৰে ফেন ওলোৱা , দাঁত কামুৰি ধৰা আৰু কঁপনি উঠা আদি লক্ষণ দেখা যায় ৰোগীৰ । 


5 মিনিটৰ পৰা আধা ঘন্টা পৰ্যন্ত থাকিব পাৰে বা কেতিয়াবা কেতিয়াবা বেছি সময়ো থাকিব পাৰে । 


ৰোগীয়ে সংজ্ঞা ঘূৰাই পালে খুব ভাগৰ ভাগৰ অনুভৱ কৰে ।


###এই ৰোগৰ ঘৰুৱা বিধান কেইটনাম তলত দিয়া হল ####


1. ৫ টা বেলপাত আৰু ৫ টা জালুক পতাত ভালকৈ পিছি লৈ আধা গিলাচ পানীত মিহলাই অলপ গুড় দি গৰম কৰি চাহৰ দৰে খাব । দৈনিক 3 বাৰ খাব । 


2. ৰোগ উঠাৰ সময়ত ৰোগীক সোঁফালে কাটি কৰি শুব দিয়ক আৰু ৰুমাল এখনত চূণ লৈ ৰোগীক শুঙিবলৈ দিলে সোনকালে সংজ্ঞা ঘূৰি আহে । 


3. ব্ৰাহ্মী শাক 100 গ্ৰাম আধা লিটাৰ পানীত উতলাই পানী 1 কাপমান থাকিলে তাত অলপ সন্ধ্যা নিমখ মিহলাই ৰাতিপুৱা নিয়মীত 6 মাহ খুৱাব ।


4. কোমল নিমপাত , জনীগুটি আৰু কলানিমখ মিহলাই চাটনি বনাই ৰোগীক দৈনিক ৰাতিপুৱা 4 মাহলৈ খুৱালেও সুফল পোৱা যায় ।


5. আকন গছৰ বাকলি শুকাই লৈ গুড়ি কৰি ছাগলীৰ গাখীৰৰ লগত আধা চামুচ মিহলাই গৰম কৰি খালে মিৰ্গী ৰোগ ভাল হয় । 


6. অস্বগন্ধা চূৰ্ণ 1 চামুচ গৰম গাখীৰৰ লগত মিহলাই ৰাতি শুৱাৰ সময়ত নিয়মীত 6 মাহ খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পায়। 


লগতে নিয়মীত কপালভাটি , অনুলম বিলোম আৰু ভ্ৰমৰী প্ৰণায়ম কৰি থাকিলে সোনকালে সুফল পাব ।

বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages