আজিৰ ৰাশিফল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, December 14, 2020

আজিৰ ৰাশিফল

 

 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:                          ২৮ আঘোণ , সোমবাৰ,ইং ১৪ডিচেম্বৰ ২০২০। 

সূৰ্য্যোদয় ঘ:৬/৬/৪৯সূৰ্য্যাস্ত ঘ:৪/২৯/৫৩


ৰাশি -  বৃশ্চিক ৰাশি। ৰা:ঘ:- ১১/২৬/৪৫ লৈ 

তিথি - অমবস্যা ।ৰা: ঘ:৯/৪৬/৩২লৈ।

নক্ষত্ৰ  - জ্যোষ্ঠা ।ৰা:ঘ: ১১/২৬/৪৫ লৈ।

আদ্যঋতু হলে - প্ৰতিহীনা যোগ।

যাত্ৰা :- ঈশান কোনত নাই । ৰা:ঘ:৯/৪৬ /৩২  যোৱাত পূৱ দিশত নাই।

যোগিনী :- ঈশান কোনত  । ৰা:ঘ:৯/৪৬ /৩২  যোৱাত পূৱ দিশত ।

মৰণত দোষ:- নাই।

ভক্ষাভক্ষ্য :-  মাছ মাংস খোৱা নিষেধ । ৰা:ঘ:- ৯/৪৬/৩২ যোৱাত কোমোৰা খোৱা নিষেধ।


১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, কৰ্মত লাভ হব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।  

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, আৰক্ষী তথা প্ৰশাসনিক বিষয়া সকলৰ শুভ হব যদিও কৰ্মত সজাগ নহলে সামান্য বিৰোধৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, জ্ঞান লাভ হব,বিদ্যাৰ্থী সকলৰ শুভ হব যদিও মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়‌।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যশস্যা বাঢ়িব, লগতে ভ্ৰমণৰ সুযোগ লাভ  হোৱাৰ যোগ  দেখা যায়।

৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, কৰ্মত শুভ, সৌভাগ্য উদয় হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত প্ৰেমত শুভ, কৰ্মত শুভ, গৃহ উন্নতি হব, যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত উত্তম খাদ্য লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে অযথা সময় ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক সন্মান বাঢ়িব,যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে লগতে ভ্ৰমণত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনৰ সহায় লাভ হব, লগতে পাৰিবাৰিক সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত উন্নতি হব যদিও  সজাগ নহলে সামান্য উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত  পদমৰ্য্যদা লাভ হব, বিবাহ প্ৰাৰ্থী সকলৰ শুভ, প্ৰেমত শুভ, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়। 

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, কৰ্মত বিপৰীত  লিংগৰ পৰা সহায় লাভ হব , যদিও সজাগ নহলে সঞ্চিত ধন ক্ষয় হোৱাৰ যোগ দেখা যায়।


"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।

সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "


আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।


         -: জ্যোতিষী :-


শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 

-: নৱগ্ৰহ জ্যোতিষালয় :-                                                জালুকবাৰী , গুৱাহাটী -১৪


Pn no -9101096481

Wp no - 9577136205


বিঃদ্ৰঃ উক্ত ৰাশিফল সন্মানীয় জ্যোতিষী নয়নজ্যোতি দেৱ শৰ্মা ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো বিশেষ লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages