জনপ্ৰিয় "পেদেল মাৰি-মাৰি" শীৰ্ষক গীতটিত সুন্দৰ অভিনয়ৰে অসমৰ ৰাইজৰ মন মোহা মোহময়ী অভিনেত্ৰী অমৃতা গগৈৰ আজি ওপজা দিনটোত তেওঁৰ বিষয়ে জানো আহক বহু নজনা কথা (এক আছুতীয়া সাক্ষাৎকাৰ) :শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত অৱস্থিত কালুগাওঁ নামৰ গাওঁ খনৰ পথাৰত ভুঁই ৰুই,গাঁৱৰ সমনিয়াৰ লগত টেঙা বল খেলি,বাৰিষা কালত কলগছৰ ভুৰ সাঁজি আৰু ইত্যাদি ধৰনৰ সম্পূৰ্ণ গাঁৱলীয়া পৰিবেশত ডাঙৰ দীঘল হৈছিল বৰ্তমানৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ।সেয়ে হয়টো আজিওঁ গাৱৰ গৃহত তেওঁ উপস্থিত নোহোৱালৈকে তেওলোকৰ ন-ভুঁই ৰুৱা নহয় বুলি আমি জানিব পাৰিছো।আপোনালোকে জানিলে হয়টো আচৰিত হব যে, অমৃতা গগৈৰ অভিনয় জগৎখনলৈ অহাৰ কোনো ধৰনৰ পূৰ্ব পৰিকল্পনা নাছিল।২০০৯ চনত গৃহজিলা শিৱসাগৰত বিদ্যালয়ৰ শিক্ষা শেষ কৰি উচ্চশিক্ষাৰ বাবে মৰমৰ গাওঁখন এৰি গুৱাহাটীৰ কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে অভিনেত্ৰী গৰাকীয়ে।নগৰত শিক্ষা গ্ৰহণ কৰি থকাৰ কালছোৱাতে সেইসময়ৰ টেলিভিছনৰ এক ৰিয়েলিটি ছ' "মই অসম দেশৰ ছোৱালী" শিৰ্ষক অনুষ্ঠানটিত মহাবিদ্যালয়ৰ তৰফৰ পৰা ভাগ লৈ বিজয়ী হবলৈ সক্ষম হৈছিল তেওঁ।আৰু ইয়াৰ পিছতে সেইসময়ৰ টেলিভিছনৰ আন এটি জনপ্ৰিয় অনুষ্ঠান "অনুভৱ"ত অমৃতা গগৈয়ে এঙ্কৰিঙ কৰিবলৈ সুবিধা পাই আৰু সেই অনুষ্ঠানত অসমৰ বহুকেজন চেলিব্ৰিতিৰ সাক্ষাৎকাৰ লৈ বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল অমৃতা গগৈয়ে।এইসূহৰ লগতে সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰটো মনোনোবেশ কৰি ৰাজনৈতিক বিজ্ঞান আৰু জনসংযোগ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ক্ৰমান্নয়ে অভিনয় জগৎ খনত সোমাই পৰে প্ৰতিভাৱান অভিনেত্ৰী গৰাকী।আৰু অভিনয় জগৎখনত লাহে লাহে ইটোৰ পিছত সিটো সফলতা লাভ কৰি তেওঁ নিজকে অসমৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী হিচাপে নিজৰ পৰিচয় দাঙী ধৰিবলৈ সক্ষম হৈছে।বিশেষ দুখন অসমীয়া ছবি "আমিনা" আৰু "পুৰব কি আৱাজত" অভিনেত্ৰী গৰাকীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল যদিও কিছু ব্যস্ততা আৰু সমস্যাৰ বাবে উক্ত ছবি দুখন কৰিব নোৱাৰাত একপ্ৰকাৰৰ দুখ প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে।
অসমৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক নিজৰ আদৰ্শ হিচাপে মনা অমৃতাৰ বলিউদৰ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী হৈছে ক্ৰমে ৰনবিৰ কাপুৰ আৰু দিপিকা পাদোকনে।সমৰ কলাত বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত অভিনেত্ৰী গৰাকীৰ প্ৰধান হবি কিতাপ পঢ়া যদিও ড্ৰইভিং কৰা,জিম যোৱা,ইন্টাৰনেত চাৰ্ফিং তথা বিভিন্ন ভাষাৰ চিনেমা চোৱাও তেওঁৰ প্ৰিয়।যিহেতু অভিনেত্ৰী গৰাকীৰ প্ৰিয় পোচাক হৈছে মেখেলা চাদৰ সেয়ে প্ৰায় তেওঁ চুটিঙত মেখেলা চাদৰেই পৰিধান কৰি যায় আৰু সেই বাবে তেওঁৰ সহকৰ্মি সকলে তেওঁক কাপোৰৰ গোদাম বুলিও ব্যঙ্গ কৰে বুলি আমাক জানিবলৈ দিয়ে।বৰ্তমান গুৱাহাটীত অস্থায়ি ভাবে বসবাস কৰা অভিনেত্ৰী গৰাকীয়ে নিজৰ একমাত্ৰ ভগ্নী গৰাকীক নিজৰ লগতে ৰাখি শিক্ষা-দিক্ষা প্ৰদান কৰোৱাৰ লগতে চোৱাচিতা বহন কৰি একপ্ৰকাৰৰ অভিভাৱকৰ ভূমিকাও পালন কৰি আহিছে।বলিউদ অভিনেত্ৰী প্ৰিয়ঙ্কা চোপ্ৰাক অসম পৰ্যাতনৰ ব্ৰেণ্ড এম্বেচদৰ হিচাপে লোৱা প্ৰসংগত তেওঁৰ প্ৰতিক্ৰিয়া শুধাত, তেওঁ কয় যে চৰকাৰৰ এই ব্যয়বাহুল সিদ্ধান্তৰ ফলাফলে অসম পৰ্যাতনৰ ক্ষেত্ৰত কেনে পৰিবৰ্তন আনিব পাৰে, সময়ত সেয়া প্ৰতক্ষ কৰিহে ইয়াৰ ওপৰত প্ৰতিক্ৰীয়া প্ৰকাশ কৰাটো উচিৎ হব।প্ৰিয় ঠাইৰ বিষয়ে সোধাত তেওঁৰ নিজৰ গাওঁখনৰ কথা কয় আৰু অৱসৰৰ মুহূৰ্ত নিজৰ পৰিয়ালৰ সৈতে অতিবাহিত কৰিব বিচাৰে বুলি আমাক জানিব দিয়ে।অভিনেত্ৰী গৰাকীৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক বিষয় যে ,সংসাৰত তেওঁৰ বাবে অতিকৈ প্ৰিয় ব্যক্তি তেওঁৰ পিতৃক হঠাৎ হেৰৱাব লগিয়া হল।অৱশ্যে জীৱন সংগ্ৰামত হাৰ নমনা আৰু ভবিষ্যতে অভিনয় জগতখনতে নিজৰ কেৰিয়াৰ আগবঢ়াই নিব বিচৰা প্ৰতিভাৱান শিল্পী অমৃতা গগৈৰ ভৱিষ্যৎ উজ্বল হোৱাৰ আমি কামন কৰিলো আৰু তেওঁৰ মূল্যবান সময় কন আমাক দিয়াৰ বাবে তেওঁক আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছো।
বিঃদ্ৰঃ অভিনেত্ৰী গৰাকীৰ সৈতে SMJ24 ৰ মুখ্য পৰিচালন সঞ্চলক দিব্য জ্যোতি দত্তৰে হোৱা এই সাক্ষাত্কাৰ বিগত ২০১৬ চনৰে।পূৰ্বেও এই সাক্ষাত্কাৰ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ পাইছে।যিহেতু অভিনেত্ৰী গৰাকীৰ আজি ওপজা দিন,সেয়ে আজিৰ বিশেষ দিনটোত অমৃতা গগৈক আমাৰ ফালৰ পৰা ওপজা দিনৰ শুভকামনা জনাই সাক্ষাত্কাৰটো পুনৰ প্ৰকশ কৰিলো,আশা কৰিছো সকলোৱে আদৰি লব ধন্যবাদ।
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment