নাম-কীৰ্তন আৰু ভকতৰ সংগই অধমকো কেনেধৰে নিৰ্মল কৰে? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, December 23, 2020

নাম-কীৰ্তন আৰু ভকতৰ সংগই অধমকো কেনেধৰে নিৰ্মল কৰে?


 যিয়ে নিজৰ দোষ নেদেখে,পৰৰ দোষ দেখা লোকৰ অন্তৰ পাপেৰে ভৰা বুলি কৈছে ৷
পৰৰ দোষ চিন্তা কৰা বাবে তেওঁৰ অন্তৰৰ মল নাশ নহয় সদায় অপবিত্ৰ হৈ থাকে ৷কিন্ত ভকতৰ সংগত অধমলোকে সদায় হৰি নাম শ্ৰৱণ কীৰ্তন কৰাৰ ফলত তেওঁৰ অন্তৰ নিৰ্মল হয় ৷অন্তৰৰ পাপ নাশ হৈ অজ্ঞানত নাশ হৈ চিত্ত নিৰ্মল হয়৷

ৰাম কৃষ্ণ নামৰ দেখিয়ো কেনে বল,

অধমকো কৰে নামে পৰম নিৰ্মল ৷৷

    ৰাম কৃষ্ণ নামৰ বল কেনে চোৱা,উত্তমৰ কথাই নাই অধম লোককো নামে পবিত্ৰ কৰে ৷অধম লোকে মহাপাপী ৷অধম লোকৰ কথা নামঘোষাত কৈছে----

    অধমে কেৱল দোষ লৱয় মধ্যমে গুণ,

    দোষ লৱে কৰিয়া বিচাৰ ৷

উত্তমে কেৱল গুণ লোৱয় উত্তমোত্তমে ,

    অল্প গুণ কৰয় বিস্তাৰ ৷৷

নামৰ মহা মহিমাৰ ফলত দুৰাচাৰ অধম লোকেও ভকতৰ সংগত হৰিনাম শ্ৰৱণ কীৰ্ত্তন কৰাৰ ফলত তেওঁৰ চিত্ত শুদ্ধ হয় ৷তেতিয়া অধম পাপীও শুদ্ধ হয় ৷

ৰত্নাকৰ দস্যু ৰাম নাম অবিৰাম লোৱাৰ ফলত বাল্মিকী ঋষি হৈছিল ৷মহাপাপী অজামিলে নাৰায়ণ নাম উচ্চাৰণ কৰি যমৰ যাতনাৰ পৰা ৰক্ষা পৰি,হৰিক ভজি শেষত পাৰিষদী তনু লাভ কৰিছিল ৷

    ভগৱানৰ নামৰ মহিমাৰ কৌটি জন্মৰ দুৰ্বাসনা হ্ৰিদয়ত থাকে ভগৱানে অধমলোককে পৰম নিৰ্ম্মল কৰে ৷৷কৃষ্ণ ৷৷

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages