অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত লখিমপুৰ জিলা প্ৰশাসন,সদৌ চুতীয়া জাতি সন্মিলন(অসম),চুতীয়া যুৱ সন্মিলন,সদৌ অসম চুতীয়া ছাত্ৰ সন্থা,চুতীয়া জাতি মহিলা সন্মিলন আৰু সমূহ ঢকুৱাখনাবাসী ৰাইজৰ সহযোগত তথা ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত আজি ২০২০ বৰ্ষৰ সতী সাধনী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়।আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্টা সমাজসেৱিকা মিনতি বৰঠাকুৰক ২০২০ বৰ্ষৰ সতী সাধনী বঁটা প্ৰদান কৰে।
বীৰাঙ্গনা সতী সাধনী হৈছে এনে এগৰাকী মহিয়সী নাৰী যিগৰাকী কেৱল নাৰী জাতিৰ বাবেই নহয়,সমগ্ৰ সমাজৰ বাবেই সাহস আৰু প্ৰেৰণাৰ এক মূৰ্তমান প্ৰতীক।সতী সাধনীৰ জীৱন হৈছে নিঃস্বাৰ্থ দেশপ্ৰেম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন।চুতীয়া ৰাজ্যৰ ৰাণী বীৰাঙ্গনা সতী সাধনীৰ দেশপ্ৰেম আৰু মহত্বৰ কথা ইতিহাসৰ পাতত যুগমীয়া হৈ থাকিব।আজিৰ এই অনুষ্ঠানত অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা ,ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগু,বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ,
সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি অমিয় কুমাৰ বৰা,সন্মিলনৰ কাৰ্যকৰী সভাপতি ড° সৰ্বেশ্বৰ চুতীয়া,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডঃ জ্যোতি প্ৰসাদ শইকীয়া,বিশিষ্ট সমাজকৰ্মী প্ৰদীপ চমুৱা,বসন্ত শইকীয়া প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
No comments:
Post a Comment