পুনৰ মৃত্যুঞ্জয় নামৰ আন এজন অসম সন্তান শ্বহীদ হল দেশ মাতৃৰ বাবে।ধেমাজিৰ এটা আৰ্থিকভাবে কিছু দুৰ্বল পৰিয়ালৰ সন্তান আছিল প্ৰয়াত মৃত্যুঞ্জয় চুতীয়া।যোৱা বুধবাৰে কাশ্মীৰৰ গান্দৰবল জিলাৰ তৌহিদ চ’কত মৃত্যুঞ্জয় চুতীয়া সহ এটা চি আৰ পি এফৰ দলে পহৰা দি আছিল।আৰু সেই সময়তে সন্ত্ৰাসবাদীয়ে চি আৰ পি এফৰ তহলদাৰী দলটোলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰে।গ্ৰেণেড বিস্ফোৰণত গুৰুতৰ ভাবে আহত হয় ধেমাজিৰ মৃত্যুঞ্জয় চুতীয়া।আৰু ততাতৈয়াকৈ আহত মৃত্যুঞ্জয়ক চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে তেওঁ মৃত্যুক সাৱটি লব লগা হয়।
উল্লেখ্য যে সৰুৰে পৰাই প্ৰচূৰ মেধা সম্পন্ন মৃত্যুঞ্জয় চুতীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।আৰু পৰৱৰ্তী সময়ত পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষা গ্ৰহণৰ বাবে মন মেলিছিল যদিও আৰ্থিক দুৰ্বলতাৰ বাবে সেই ইচ্ছা পূৰণ নহল দুৰ্ভগীয়া মৃত্যুঞ্জয়ৰ।
২০১৭ চনত তেওঁ চি আৰ পি এফত যোগ দিছিল ২০২০ ৰ ২৪ ডিচেম্বৰত মাতৃভূমিৰ বাবদ তেওঁ শেষ নিশ্বাশ ত্যাগ কৰে।তেওঁৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পেলাইছে।মৃত্যুঞ্জয় অমৰ হওক তাৰেই আমি কামনা কৰি বীৰ জনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলো।ঔ শান্তি
No comments:
Post a Comment