যে-তেওঁৰ একমাত্র পুত্ৰকে-জগতৰ বাবে দান কৰিলে/যাতে-যিকোনোৱে তেওঁক বিশ্বাস কৰে..
তেওঁ অনন্ত জীৱন পায়... "
বৰদিনৰ সৈতে কিছুমান প্ৰচলিত নীতি-নিয়ম আৰু ঘটনাৰ পৰিপ্ৰেক্ষিতত ছান্তাক্লজ.., খ্ৰীষ্টমাছ.. ট্ৰি-কেৰল উপহাৰ আদি বৰদিনৰ লগত জড়িত হৈ আছে... কিন্তু এইবোৰ কৰপৰা কেনেকৈ আহিল-ইয়াৰ বিষয়ে ভিন্ন মতবাদ দেখিবলৈ পোৱা যায়..
খ্ৰীষ্টমাছ ট্ৰিৰ বিষয়ে পৌৰাণিক কথা মতে-
তাহানিৰ ইউৰোপৰ বাসিন্দা সকলে-
ধৰ্ম হিচাপে সাপ-গছ-আদিক উপাসনা কৰিছিল.
কিন্তু যীশুৰ আগমনৰ পিচত তেওঁলোকে খ্ৰীষ্ট ধৰ্মলৈ-পৰিৱৰ্তিত হয়... অৱশ্যে পিচলেও তেওঁলোকে মনৰপৰা গছডালক বিৰ্সজন দিব নোৱাৰিলে... সেইবাবে বৰদিনৰ এই বিশেষ দিনটোত_গছ এডালক আকৰ্ষণীয় ৰূপত সজাই তোলে-আৰু ভালপোৱা বিভিন্ন বস্তু বিশেষকৈ যীশুৰ জন্মৰ ঘটনাৰ লগত জড়িত বস্তুবোৰ যেনে-পৰি-ঘন্টা-বেল-তৰা-আৰু বিভিন্ন উপহাৰ আদিৰে গছডাল সু-সজ্জিত কৰি তোলে....
ছান্তা'ক্লজ বা খ্ৰীষ্টমাছ ফাদাৰ পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ ৰূপত আগমন হয়...
প্ৰকৃততে ছেন্ট নিক'লাছ এজন পুৰোহিতে তাহানি ৰাছিয়াত ভোক-ঠাণ্ডা আৰু অনাহাৰত জৰ্জৰিত হৈ থকা শিশুসকলক সকলো সময়ত
সময়ত নহলেও অন্তত এই বিশেষ দিনটোত তেওঁলোকে মনে বিচৰা বস্তু আৰু এসাজ পেট ভৰাকৈ আহাৰৰ যোগান ধৰিবলৈ চেষ্টা কৰিছিল..
সেই ল'ৰা-ছোৱালীবোৰৰ বাবে লাগতিয়াল সামগ্রী
বিতৰণ কৰি ফুৰিছিল.. নিক'লাছৰ এই কাৰ্য্যৰ দ্বাৰা হাজাৰ হাজাৰ শিশুৱে-এদিনৰ বাবে-হলেও-
সকাহ পাইছিল..। তেওঁৰ মৃত্যুৰ পাচটো এই ঘটনা পুনৰাবৃত্তি হৈছিল সেইবাবে তেওঁক "ছেইন্ট" উপাধি দিয়া হয়.. অৰ্থাৎ ছেইন্ট নিক'লাছ।
বৰ্তমান সেই প্ৰথাৰ সংশোধন ঘটিছে যদিও এতিয়াও কিছু মহান ব্যাক্তিয়ে নিক'লাছৰ দৰে- খ্ৰীষ্টমাছ ফাদাৰ সাজি-সেই কাৰ্য্যৰ পুনৰাবৃত্তি কৰে-পৃথিৱীৰ চহকী দেশসমূহেও বিভিন্ন দৰিদ্ৰ দেশলৈ কিছুমান-সংস্হাৰ যোগেদি- দৰিদ্ৰ ল'ৰা-ছোৱালীক আৱশ্যকীয় বস্তু উপহাৰ দিয়ে...
কেৰেলৰ বিষয়ে বাইবেলত আভাস পোৱা যায়-
যীশু খ্রীষ্টৰ জন্মলগ্নত- স্বৰ্গদূতসকলে যীশুৰ জন্মৰ বিষয়ে আগতীয়াকৈ বাণী প্ৰচাৰ কৰিছিল...সেইখিনি সময়ত ভেড়া ৰখীয়াহঁতে এই বাণী শুনি গৌৰৱেৰে-গীত গাই-গাই যীশুৰ জন্ম স্হানলৈ গৈছিল.. সেইবাবে এততিয়াও বৰদিনৰ প্ৰাক মূহুত্বত অৰ্থাৎ খ্ৰীষ্টমাছ ইভৰ দিনামাজনিশালৈ ডেকা-গাভৰুসকলে পৰাপক্ষত সকলোৰে ঘৰলৈ গৈ-কেৰল গীত পৰিৱেশন কৰে...
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment