ৰাহুলক মই ইমানদিনে এজন ভাল মানুহ বুলি ভাবি আহিছিলোঁ l সকলো জানি বুজি সি মোক কিয় মৃত্যুৰ মুখলৈ ঠেলি দিলে l
মই তাৰ কি অপকাৰ কৰিলোঁ l মানুহ ইমানেই নিষ্ঠুৰ হব পাৰে নে l অলপ সম্পত্তিৰ বাবে জন্তুৰ দৰে মানুহৰ হত্যা কৰিব পাৰেনে l ই এটা মানৱ ৰূপত জন্ম লোৱা ভোকাতুৰ দানৱ lসচাকৈয়ে ইয়াৰ দৰে মানুহবোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই l এই ভুলৰ উচিত শাস্তি মই দিম ইয়াক গৰিমা l তুমি মাথোন ধৈয্য ধৰা l
নাই নাই কেতিয়াও মই ধৈয্য ধৰিব নোৱাৰোঁ প্ৰশান্ত ! কেতিয়াও নোৱৰোঁ l ছোৱালীৰ জীৱনটো ইমানেই মূল্যহীন বুলি ভাবিব কেনেকৈ পাৰিলে সি l মই বন্দনা আৰু চন্দনাৰ লগত কৰা অন্যায়ৰ বাবে তাক উচিত শাস্তি দিম l
চাৰ , বাইদেউ মই এতিয়া ঘৰলৈ যাওঁ প্ৰয়োজন হলে মোক মাতিব l মই প্ৰতিটো মুহূৰ্ততে আপোনালোকক সহায় কৰিম l ৰাতি 8 বাজিল আপুনি অকলে নাথাকিব l চাৰ যি কৰে সোনকালে কৰক l ৰাহুল চাৰে এই ঘৰতো ভাঙি ইয়াত এটা কোম্পানী বনাম বুলি পাতি থকা মই শুনিছিলো l
গৰিমা আজি মোৰ তাতে থাকিবা ব'লা l ইয়াত থকাটো বিপদজনক l
নাই ! মই ইয়াতে থাকিম l তুমি যোৱা প্ৰশান্ত মোৰ বাবে তুমি নিজৰ জীৱনতো বিপদত পেলাব নালাগে l
তুমি এইবোৰ কি কৈছা মই তোমাক পঢ়ি থকাৰ পৰাই ভাল পাওঁ ! কিন্তু কবলৈ সাহস নহল l
এদিন সাহস কৰি আহিছিলোঁ কিন্তু তুমি ৰাহুলক ভাল পোৱা বুলি জানি আতৰি গৈছিলোঁ l আৰু সেই ভাল পোৱা বোৰ মনতে পুহি ৰাখিছো l এতিয়া তুমি কৈছা মই তোমাক অকলে এৰি যাওঁ ! তাকো মৃত্যুৰ মুখত l এইয়া জানো সম্ভৱ গৰিমা lথিক আছে আজি মইও ইয়াত থাকিম l দুয়ো মিলি কৰিম যি কৰোঁ l ব'লা আজি দিনটো একো খোৱা নাই হোটেলতে খাই আহোঁ l
গৰিমা তুমি ইয়াৰ পৰা গুচি যোৱা ! গৰিমা যোৱা l
প্ৰশান্ত !!!
তাক এৰি দিয়া বন্দনা ! তাক এৰি দিয়া কান্দি কান্দিয়ে কলে গৰিমাই l ৰাহুলে কৰা ভুলৰ বাবে আমাক কিয় মাৰিব বিচাৰিছা l
আমি তোমালোকক ন্যায় দিম lৰাহুলে কৰা দোষৰ বাবে তাক আমি শাস্তি দিম l
এইবাৰ প্ৰশান্তক দলিয়াই দিলে l
ৰাহুলক কিবা এটা বুদ্ধি কৰি আজি ইয়ালৈ মাতি আনিব লাগিব l
ৰাহুল মোক ইহঁতে মাৰি পেলাব তুমি সোনকালে আহা l তাই কান্দি কান্দিয়ে কলে ৰাহুলক l
কোনে মাৰিব কি কথা কৈছা lকি হৈছে তোমাৰ গৰিমা কিয় কৰিছা এনে ব্যৱহাৰ l
মই ! মই কি কৰিলোঁ l তোমাৰ দৰে দানৱ এতাক মই কি শাস্তি দিম l যাৰ লগত অন্যায় কৰিছিলা সিহঁতে দিব তোমাক উচিত শাস্তি l
এইক কমলাই মোৰ সকলো ৰহস্য কৈছে চাগে সেই বাবে এইবোৰ কৈছে l তুমি কি পাগলামি গাই আছা গৰিমা l
তোমাৰ সেই মুখেৰে মোৰ নাম নকবা l চি:হ অলপ সম্পত্তিৰ বাবে তুমি তিনিটাকৈ জীৱন ধ্বংস কৰি পেলালা l মই তোমাৰ দৰে ইমান নিচ্চ মানুহ এটাক মই ভাল পাইছিলোঁ l মই আজি সকলো কথা পুলিচৰ আগত কমগৈ l
জীয়াই থাকিলে কবলৈ যাবি সিহঁত দুজনিৰ ওচৰলৈ তোৰ যাব হল l হা ! হ !হা ! এই ৰাহুল দত্তৰ লগত খেল খেলিবলৈ আহিছ l
ৰচী এদাল তাইৰ ডিঙিৰ দিশে আগুৱাই আনিছিল l তোৰ আজি শেষ দিন l মোক শেষ কৰিবলৈ আহিছ কিন্তু আজি তই নিজে শেষ হবি l
ঘৰৰ সকলো লাইট ধাম ধুম ফুটিছে l ফেন খনৰ পৰা তেজ পৰিবলৈ ধৰিছে l ফেন খনলৈ চাই সি উচপ খাই উঠে l পলাব খুজোতে পিছফালৰ পৰা বন্দনাই তাৰ ডিঙিত ধৰি দলিয়াই দিয়ে l
বন্দনা তুমি ! মোক ক্ষমা কৰি দিয়া বন্দনা মই কৰা ভুলৰ বাবে মোক ক্ষমা কৰি দিয়া বন্দনা l
হঠাৎ প্ৰশান্ত আৰু পুলিচৰ দল এটা সুমাই আহিল l
মি: ৰাহুল দত্ত তোমাৰ সকলো কথা আমি শুনিলোঁ l এতিয়া ব'ল থানালৈ l হাতত হাত কৰি পিন্ধাই লৈ গ'ল lবন্দনা আৰু চন্দনাৰ আত্মা দুটাই অৱশেষত শান্তি পালে l প্ৰশান্তই সিহঁত দুজনীৰ অন্তিম সংস্কাৰ কৰিলে l
অৱশেষত ৰাহুলৰ ফাচিঁ হল l গৰিমাৰ মনটো যেন তেতিয়াহে শান্তি পালে l
ধাৰাবাহিক খনৰ প্ৰথমটো খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_339.html ধাৰাবাহিক খনৰ দ্বিতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_232.html ধাৰাবাহিক খনৰ তৃতীয় খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_262.html ধাৰাবাহিক খনৰ চতুৰ্থ খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - https://www.smj24.in/2020/12/blog-post_288.html ধাৰাবাহিক খনৰ পঞ্চম খণ্ড পঢ়িবলৈ এই লিংকত ক্লিক কৰক - বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা এনিশা শইকীয়া ডেকাৰ দ্বাৰা এই লেখা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment