অসমত পুনৰ আৰম্ভ হৈছে নি কৰ'নাৰ বিভীষিকা ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 27, 2020

অসমত পুনৰ আৰম্ভ হৈছে নি কৰ'নাৰ বিভীষিকা ?

 


দেশ তথা বিশ্বৰ ভিন্ন প্ৰান্তত মহামাৰী কৰ'নাই পুনৰ সংহাৰী ৰূপ ধাৰন কৰাৰ বাতৰি প্ৰকাশ পাই থকাৰ সময়তে আজি অসমত ২৯ গৰাকী ক'ৰনা ৰোগী চিনাক্ত হোৱা বুলি জানিব পৰা গৈছে।
ইফালে কৰ'নাত আক্ৰান্ত হৈ ৰাজ্যখনৰ আন দুজন ব্যক্তিৰ আজি মৃত্যু হোৱাৰ খবৰো পোৱা গৈছে।মৃত ব্যক্তি দুগৰাকী হৈছে আটাবুল খান (৬২) কামৰূপ মেট্ৰ'ৰ আৰু গংগা চেত্ৰী (৫৫) তিনিচুকীয়াৰ।ইয়াৰ পিছতে ৰাজ্যত কৰ'নাত আক্ৰান্ত হৈ মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হলগৈ ১০৩৭ গৰাকী।

শেহতীয়াকৈ অসম চৰকাৰে কৰ'না সক্ৰমনক লৈ কিছু নতুন নিৰ্দেশনা জাৰি কৰিছে যদিও খোদ চৰকাৰী মেল মিটিঙতে এনে নিৰ্দেশনা সমূহ জলাঞ্জলি দিয়া দেখিবলৈ পোৱা গৈছে।

যাৰ ফলত এক প্ৰকাৰৰ বিভ্ৰান্ত হৈ পৰিছে সমগ্ৰ অসমবাসী।যদিহে ৰাজ্যত কৰ'নাৰ বিভীষিকা পুনৰ আৰম্ভ হয় তেন্তে ইয়াৰ বাবে দায়ী কোন হব,সেই লৈও সৰ্বসাধাৰণৰ মাজত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে।



No comments:

Post a Comment

Advertisement

Pages