উন্মোচনৰ এদিন পিচতে বিতৰ্কত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিমূৰ্তি - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, December 27, 2020

উন্মোচনৰ এদিন পিচতে বিতৰ্কত প্ৰয়াত তৰুণ গগৈৰ প্ৰতিমূৰ্তি



কালি অৰ্থাৎ শনিবাৰৰ দোনটোত গোলাঘাট জিলাৰ বোকাখাতট সাংসদ গৌৰৱ গগৈৰ দ্বাৰা উন্মোচন হোৱা প্ৰয়াত তৰুণ গগৈৰ প্ৰতিমূৰ্তিটোক লৈ এতিয়া বিভিন্ন জনে চ'ছীয়েল মিডীয়াত সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে।বিকৃত ৰূপত তৰুণ গগৈৰ প্ৰতিমূৰ্তি নিৰ্মান কৰি বাৰীত চৰাই-কেৰ্কেটুৱাক ভয় খুৱাবলৈ ইয়াতকৈও ভালকৈ প্ৰতিমূৰ্তি সাজা হয় বুলি একাংশই মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে।আজি আমি আপোনালোকৰ আগত এনেধৰনৰ কেইটামান সমালোচনা মূলক মন্তব্য প্ৰকাশ কৰিম।
কিন্তু ইয়াৰ পূৰ্বে আপোনালোকক জনাই দিব বিছাৰো যে,বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছিল প্ৰয়াত তৰুণ গগৈৰ ১৫ ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটো।আৰু  
উন্মোচনৰ এদিন পিচতে বিতৰ্কত সোমাই পৰিছে প্ৰতিমূৰ্তিটো।

এতিয়া চাওচোন আহক প্ৰতিমূৰ্তিটো সন্দৰ্ভত চ'ছীয়েল মিডীয়াত প্ৰকাশ পোৱা কেইটামান মন্তব্য - 


১) "এল পি স্কুলৰ কৰ্ম-অভিজ্ঞতাৰ পৰীক্ষাটো ল'ৰা-ছোৱালীবোৰে ইয়াতকৈ ভাল মুৰ্তি সাজিব পাৰিব । এইটো তৰুণ গগৈৰ মুৰ্তি নে আন কিবা ?  বাৰীত চৰাই-কেৰ্কেটুৱাক ভয় খুৱাবলৈ ইয়াতকৈও ভালকৈ সাজি লয় ।"

২) "টকা নাথাকিলে আমাক কওঁক আমি দিম ভালকৈ বনাই । পইচা নাছিল যদি কমদামি বিকৃত মুৰ্তি নালাগিছিল লগাব ।প্রয়াত তৰুণ গগৈ ছাৰ এজন দেখনিয়াৰ আৰু সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী আছিলে ।এনেকুৱা নাছিল ।"

৩) "অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল প্ৰয়াত তৰুণ গগৈ মহোদয়,
কিন্ত এনে বিকৃত ৰূপত তৰুণ গগৈৰ ছবি, অসমবাসী কেতিয়াও গ্ৰহন নকৰে। #Shame"

এই সন্দৰ্ভত আপোনাৰো মতামত আমাৰ কমেণ্ট বক্সত জনাবলৈ সকলোকে আহ্বান জনালো।

No comments:

Post a Comment

Advertisement

Pages