অলপতে জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত বীৰত্বেৰে প্ৰাণ আহুতি দিয়া বিলাসীপাৰাৰ বীৰ শ্বহীদ হৰধন ৰায়ৰ গৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মুখ্যমন্ত্ৰী গৰাকীয়ে বীৰ শ্বহীদ গৰকীৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জনাই।
লগতে শ্বহীদ গৰকীৰ পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰপৰা ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
No comments:
Post a Comment