সম্পৰ্ক এনেকুৱা হব লাগে যিয়ে মনত ৰাখিবলৈ বাধ্য কৰায় : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Friday, August 5, 2022

demo-image

সম্পৰ্ক এনেকুৱা হব লাগে যিয়ে মনত ৰাখিবলৈ বাধ্য কৰায় : Assamese Fact

PhotoGrid_Site_1659687685363


পৰিণাম নজনাকৈ অহংকাৰ কৰা উচিত নে? ভগৱানৰ পূজাত ধূপকাঠি আৰু মমবাতি আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয়।  ( Assamese Fact )


এদিন এটা মন্দিৰত এডাল মমবাতি হঠাৎ ধূপকাঠিক কবলৈ ধৰিলে- হে ধূপ তুমিতো কেৱল-সুগন্ধি বিলোৱা।কিন্তু মই নিজৰ পোহৰত-এই মন্দিৰটোক প্ৰকাশ কৰোঁ।মোৰ অবিহনে তোমাৰ কোনো অস্তিত্বই নাই।সেয়ে মই তোমাতকে বহুত মূল্যৱান। 


*এনে সময়তে হঠাৎ মন্দিৰৰ পূজাৰীজনে আহি পূজাৰ বাবে মমবাতি আৰু ধূপকাঠি জ্বলাই পূজাৰ আয়োজন আৰম্ভ কৰিলে।অলপ সময়ৰ পাছত পূজাৰীজনে কিবা কামত মন্দিৰৰ পৰা ওলাই আহিল।ঠিক সেই সময়তে এজাক ধুমুহা বতাহ অহাত মমবাটি নুমাই পৰিল।


*তেতিয়া ধূপকাঠিডালে অলপ নম্ৰভাৱে কলে-মই বতাহৰ লগে লগে মন্দিৰৰ ভিতৰতেই নহয়-মন্দিৰৰ বাহিৰটো সুগন্ধি বিলাব পাৰোঁ।কিন্তু মই কেতিয়াও অহংকাৰ নকৰোঁ।তেন্তে তুমি নিজক লৈ কিয় অহংকাৰ কৰা!দেখিলানে ইয়াৰ পৰিণাম??????   ( Assamese Fact )


*আশা এনেকুৱা হবলাগে-যিয়ে লক্ষ্যস্থানলৈ-লৈ যায়।


*লক্ষ্যস্থান এনে হব লাগে-যিয়ে জীৱনত জীয়াই থাকিবলৈ শিকায়।


*জীৱন এনেকুৱা হব লাগে-যিয়ে সম্পৰ্কৰ মূল্য দিবলৈ শিকায়।


*সম্পৰ্ক এনেকুৱা হব লাগে যিয়ে মনত ৰাখিবলৈ বাধ্য কৰায়।


*অহংকাৰ হৈছে পতনৰ মূল কাৰণ।কিন্তু বন্ধু সকল আমি কাৰণ জানিও অহংকাৰ কৰোঁ।যাৰ লগত ভগৱানৰ কোনো সম্পৰ্ক নাই।আহক যিটো কৰিলে ভগৱান সুখী হয়-তাকে কৰিবলৈ চেষ্টা কৰোঁ।(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Fact )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages