ঘৰুৱা পদ্ধতিৰ দ্বাৰা মূৰৰ বিষ ভাল কৰাৰ উপায় : Assamese Fact - SMJ24 - Social Media Journalism

FB_IMG_1594289349588

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Advertisement

Monday, November 15, 2021

demo-image

ঘৰুৱা পদ্ধতিৰ দ্বাৰা মূৰৰ বিষ ভাল কৰাৰ উপায় : Assamese Fact

.com/img/a/


আপোনালোকক এই লেখাত মূৰৰ বিষ সমস্যাটোৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাবৰ বাবে বিশেষ কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জনাম যিকেইটা শুনি আপুনি ভাবিব যে আগতে কিয় এই উপায়বোৰ জনোৱা নাছিলে।(Assamese Fact )


বন্ধুসকল এই ব্যস্ততাপূৰ্ণ জীৱনত সকলোৱেই এই মূৰৰ বিষৰ সমস্যাটোৰ লগত মুখামুখি হয় কিন্তু এই সমস্যাটো যেতিয়া সদায় হবলৈ ধৰে তেতিয়া ইয়াৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰে। মূৰৰ বিষ মূৰৰ যিকোনো অংশত হব পাৰে যেনে- কপালত, কাণৰ ওচৰত আৰু সম্পূৰ্ণ মূৰত হব পাৰে।


বেছি সংখ্যক মানুহে migraine আৰু সাধাৰণ মূৰৰ বিষ দুয়োটাকে একেই বুলি ভাবে কিন্তু দুয়োটাই সম্পূৰ্ণ পৃথক। Migraine মূৰৰ যিকোনো অংশত অসহনীয় বিষৰ বাবে হয়, চকুৰ যিকোনো ধৰণৰ  সমস্যা হলে, চকুৰ দৃষ্টিশক্তি হ্ৰাস পালে, চচমা আৰু চকুৰ লেন্সৰ পাৱাৰ কমি থাকিলেও মূৰৰ বিষ হব পাৰে। আপোনাৰ যদি চকুৰ এনেধৰণৰ সমস্যা হৈছে তেতিয়া অতি সোনকালেই ডাক্টৰৰ ওচৰত গৈ সঠিকভাৱে চকুৰ চিকিৎসা লব লাগে।


মূৰৰ বিষ টোপনি ক্ষতি হলে আৰু ভোক লাগি থাকিলেও হয় এনেকুৱা সময়ত প্ৰয়োজন হয় বিশেষকৈ সঠিক সময়ত খাদ্য গ্ৰহণ কৰাৰ আৰু এক সুন্দৰ টোপনিৰ।


মূৰৰ বিষৰ বহুতো প্ৰকাৰ থাকে। যেনে - Migraineৰ বিষ, Sinus মূৰৰ বিষ, Cluster মূৰৰ বিষ আৰু দুখ অশান্তিৰ বাবে হোৱা মূৰৰ বিষ। ৰাতিপুৱাৰ মূৰৰ বিষৰ সৈতে সাৰ পোৱা মানে গোটেই দিনটো বেয়া হোৱা।


মূৰৰ বিষ এটা সাধাৰণ সমস্যা কিন্তু কেতিয়াবা ই ইমানেই বাঢ়ি যায় যে সহ্য কৰিব নোৱাৰা হৈ পৰে। ইয়াৰ বাবে বজাৰত মূৰৰ বিষৰ বহুতো টেবলেট উপলদ্ধ যিবোৰে কম সময়ৰ ভিতৰতে মূৰৰ বিষ ভাল কৰি দিয়ে কিন্তু প্ৰত্যেকবাৰে টেবলেট খোৱাটো ভাল নহয়। সেইবাবে আপোনালোকক কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে জনাম যিকেইটা উপায়ৰ দ্বাৰা আপুনি কম সময়ৰ ভিতৰত মূৰৰ বিষ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব।( Assamese Fact )


আপোনাৰ যদি গৰম দিনত মূৰৰ বিষ হৈছে তেতিয়া একেবাৰে ঠাণ্ডা পানীত কাপোৰ এখন তিয়াই লৈ মূৰত বান্ধি লব আৰু ঠাণ্ডা বস্তু যেনে - lassi, নেমু টেঙাৰ পানী আৰু নাৰিকলৰ পানীৰ যিমান পাৰে সিমান সেৱন কৰিব। ইয়াৰ পৰা আপুনি যথেষ্ট পৰিমাণে মূৰৰ বিষৰ পৰা আৰাম পাব।


মূৰৰ বিষ সমস্যা নহবৰ বাবে আপোনাৰ শৰীৰত ভিটামিন D হ্ৰাস পাবলৈ নিদিব। যদি গৰম দিনত হয় তেতিয়াতো আপুনি সূৰ্য্য পোহৰ লৈ বাহিৰত বহি থাকিব নোৱাৰে , সেইবাবে আপোনাৰ খাদ্যত গাখীৰ, দৈ , মাখন, কমলা , চয়াবিন, কাঠফুলা আদি গ্ৰহণ কৰিব। এইসমূহৰ পৰা যথেষ্ট পৰিমাণে ভিটামিন  D  আপোনাৰ শৰীৰটোৱে পাব।


যদি আপুনি বহুত দেৰিলৈকে একো নোখোৱাকৈ থাকে তেন্তে আপুনি এই অভ্যাসটো সোনকালে ত্যাগ কৰক । মনত ৰাখিব খালী চাহ ভুলতো নাখাব। চাহৰ লগত যিকোনো ধৰণৰ বিস্কুট ,মিঠাই ,জলপান খাব আৰু সময়মতে খাদ্য খাবলৈ যত্ন কৰিব।


তিয়ঁহ,পালেং আৰু ৰঙালাউৰ ব্যৱহাৰ খাদ্যত যিমান পৰিমাণে সম্ভৱ হয় সিমান ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব ।

শৰীৰটোক কেতিয়াও Dehydrate হবলৈ নিদিব। অলপ সময়ৰ মুৰে মুৰে পানী খাই থাকিব। কিয়নো আপোনাৰ শৰীৰতো যেতিয়া Hydrate হৈ যাব তেতিয়া লাহে লাহে আপোনাৰ মূৰৰ বিষৰ সমস্যাটো শেষ হৈ যাব ।


আপুনি লংৰ জৰিয়তেও মূৰৰ বিষৰ সমস্যাটোৰ সমাধান পাব পাৰে। ইয়াৰ বাবে কেৰাহিত লং কেইটামান  গৰম কৰি ৰুমালত বান্ধি লব আৰু অলপ দেৰি মুৰে মুৰে এই লংৰ টোপোলাটোৰ গোন্ধ লৈ থাকিব ।এনে কৰা অলপ পাছতে আপোনাৰ মূৰৰ বিষ ভাল হৈ যাব।


আপুনি নিশ্চয় মন কৰিছে আপোনাৰ যেতিয়া মূৰৰ বিষ হয় তেতিয়া আপুনি চাহ অথবা কফি খায় । এনে নকৰি আপুনি সেই সময়চোৱাত তুলসী পাত পানীত গৰম কৰি সেই পানী খাব। এনে কৰিলে চাহ আৰু কফিতকৈ বেছি ভাল ফলাফল পাব।( Assamese Fact )


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ আপোনালোকে যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক -  SMJ24.facbookgroup


নতুবা আমাৰ ফেচবুক পেজ বা SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সতো গল্প সমূহ প্ৰেৰণ কৰিব পাৰে।


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page


দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages