কথা খিনি কৈ কাবেৰীয়ে হুকহুকাই কান্দিলে | মই বাৰু কি কম এতিয়া | কি বুলি সান্তনা দিম একো ভাষা বিছাৰি নাপালো |
- তুমি ও চাগে মোক আজিৰ পৰা মোক ঘৃনা কৰিবা | কিন্তু মই নিৰুপায় আছিলো ৰাগ |
তাই গাৰুটো সাৱতি মুখ খন হেচি কান্দিৱ ধৰিলে | কি কৰো বাৰু মই | এজনী ছোৱালীৰ ৰুমট মই অকলে |নিজৰে কিবা ভাল নালাগিল |
- মা-পিতাই আমাক এনেকে নিঠৰুৱা কৰি এৰি যাৱ বুলি কেতিয়াওঁ ভৱা নাছিলো |মোৰ নিচিনা ছোৱালী এই মহানগৰী খনত বিলাসিতা জীৱন পাৰ কৰি আছে | আৰু মই
- কাবেৰী দুখ কিয় কৰিছা
মোৰ মুখৰ পৰা শব্দ প্রবাহিত হ'ল |
- কেতিয়াবা সেইবোৰ ছোৱালীয়ে মোৰ ফালে চাই এক বেলেগ ধৰনৰ হাঁহি দিয়ে | কাৰন মোৰ সাজ-পাৰ বহুত নিম্নখাপৰ | কিন্তু ৰাগ সিহতে কিয় বুজি নাচায় আমি কেনেকে জীয়াই আছো |
- কাবেৰী,,,,,,
- গোটেই গাটোৰ বিষ এতিয়া অনুভৱ কৰো |সেই ভয়ংকৰ ৰাতিবোৰৰ যন্ত্রনাবোৰ এতিয়া উপলব্ধী কৰো |
তাইৰ কান্দোনৰ শব্দবোৰ ডাঙৰ হৱ ধৰিলে |
মই মোৰ হাতত থকা ঘড়ীটোলৈ চালো |
বাপৰে ! নিশা বহুত হ'ল | মই যাৱ লাগিৱ জালুকবাৰী | ১ ঘন্টাৰ বেছি দিঘল ৰাস্তা |তেতিয়া নিশা ১১ বাজিছিল |
তাইক লক্ষ্য কৰিছিলো | তাই কান্দিয়ে আছিল |মই তাইক একো কৱ পৰা নাছিলো |মই তাই গম নপোৱাকৈ তাইৰ ৰুমৰ পৰা ওলাই আহিলো | জোনাক নিশা |তাতে আকৌ মহানগৰীৰ ষ্ট্রীট লাইটৰ পোহৰ |মই লক্ষ্য কৰিছিলো ৰাস্তাত মানুহ তেনে কম | দুই এখন ব্যক্তিগত বাহন গৈ আছে | কি কৰো একো ভাৱি নাপালো | এইফালে হোষ্টেলৰ গেট বন্ধ কৰিছে |গাড়ী নাই |আৰু মহানগৰীত মোৰ তেনেকুৱা চিনাকী মানুহ ও নাই | হোটেলত থাকিৱলৈ যথেষ্ট পইচাঁও নাই | কি কৰো ভাৱি নাপালো | সময় গতিশীল সেয়েহে সময়বোৰ গৈ আছিলে |
মোৰ ফোনটো বাজিছে | পকেটৰ পৰা উলিয়াই চালো | কাবেৰীৰ ফোন,,,,
- হেল্ল'
- কত গ'লা তুমি ?
- মই মানে,,,,
- শুনা,ৰাগ তুমি মোক ঘৃনা কৰিলা |মই বুজিছো |
- আৰে কাবেৰী তুমি ভূল বুজিছা |
- নাই বুজা ,তোমাৰ অকমান বেয়া নালাগিল ৰাগ,মোক এষাৰ মাত দি যাৱলৈ |
- কাবেৰী,শুনা মই কি কম তোমাক মই একো শব্দ বিছাৰি নাপালো | সেয়েহে এনেকে গুছি আহিলো |ক্ষমা কৰিবা |
- কত আছা এতিয়া |
- গাড়ী নাই চিন্তাত পৰিছো | কি কৰো ভাৱি আছো |
- আহা,মোৰ ৰুমত গুছি আহা |
- পাগল হৈছা নেকি ?
- অ' পাগল কলা ন থিকে তোমাৰ নিচিনা এজন ল'ৰাই এজনী বেশ্যাৰ ৰুমত থাকিবা নে ?
- প্লীজ,কাবেৰী তুমি আৰু নিজক বেশ্যা বুলি কৈ নাথাকিবা |তুমি ছোৱালী মানুহ আৰু মই ল'ৰা |এটা কথা জানাই দেখোন কিবা ভূল কৰিলে ল'ৰাতকৈ ছোৱালীবোৰ এইখন সমাজত বেছি দাগী হয় |বদনাম হয় | মই তোমাক বদনামী কৰি তোমাৰ জীৱনটো শেষ কৰিৱ নোবাৰো |
তাই যেন মোৰ কথাৰ অৰ্থ বুজি পাইছিল |
- তেতিয়া হ'লে মই তোমাৰ কাষত যাওঁ |
- নালাগে কাবেৰী,তেতিয়া মানুহে তোমাৰ সম্পৰ্ক আৰু বেলেগ বুলি হে কৱ | তুমি শুই যোৱা |
- কিন্তু তুমি আজি মোৰ কাৰনে ,,,,,
- তেনেকে নাভাৱিবা | তুমি শুই যোৱা |
ফোনটো কাতি দিছিলো | মোৰ যে বহুত ভোক লাগিছিল |কিন্তু হোটেলবোৰ বন্ধ |
মাৰ ফোন আহিছিল | ৰিচিভ কৰিৱ গৈ বকুখন কপিছিল | কি কম বাৰু মাক !
- হেল্ল' মা
- সোঁণ ভাত খালি,,,,,,
- অ খালো মা |
মাৰ ওচৰত মিছাৰ আশ্রয় লৱ লগা হ'ল | নহলে উপায় নাই |
- কি কৰিছ এতিয়া !
- শুই আছো মা,তোমালোকে ভাত খালা ?
- উম খালো | শুবি তেনেহলে,,,
- হৱ মা |
কিন্তু মাক ফাকি দি মই আছো কত আজি |মই ফুটপাথত থিয় দি আছিলো | ফুটপাথৰ অঘৰীবোৰ শুই পৰিছিল |কোনোবাই জীৱনৰ যন্ত্রনাত আকৌ কাহি কাহি ভাগৰি পৰিছিল | মই সিহতৰ কাষতে বহিলো |মই ও আজি এজন অঘৰী | লাহে লাহে এচাতি বতাহৰ অনুভৱ কৰিলো | ঠাণ্ডাৰ আগজাননী| মোৰ গাটো অকমান কপিৱ ধৰিলে |ঠাণ্ডা লাগিছে | মোৰ পিন্ধনত আছিল মাত্র এটি পাতল টি-ছাৰ্ট | পেটৰ জ্বালা,ঠাণ্ডা উফ যন্ত্রনা | তাতে আকৌ কাবেৰীৰ কথাবোৰে আউল লগালে মনটোত | নিশাৰ নিৰ্জনতা ভেদ কৰি কিছু কথামোৰ কানত পৰিল |
- মালটো মজা আছিল বে,,,,
- আৰে পতাৱই নোবাৰিলি,,,
সিহতৰ কথাৰ পৰা গম পালো সিহতে ছোৱালীৰ কথাকে পাতি আছিল | কি যে কিছুমান শব্দ |মাল, কোন মহাপুৰুষে ছোৱালীৰ ক্ষেত্রত এই শব্দটি প্রজোয্য কৰিলে বাৰু |লজ্জাজনক কিছুমান শব্দ |লাহে সেই চাৰিজনীয়া ল'ৰাৰ গ্রুপটো মোৰ কাষ পালে |সচাঁ কথা কৱ লাগিলে মোৰ ভয় ও লাগিল |অচিনাকী ঠাই অচিনাকী মানুহ |তাতে ৰাতিৰ পৰিবেশ |মই মূৰটো দুয়োখন ভৰিৰ মাজত গুছি বহিলো | এটা সময়ত সিহত পাৰ হৈ গ'ল |গোলাপী নিছাত মাতাল সিহত | লাহে লাহে মোৰ তোপনি ধৰিৱলৈ ধৰিলে |শুৱলৈ মোৰ বৰ মন গৈছিল কিন্তু কত শুম ! তাৰ মাজতে কাবেৰীয়ে দুবাৰমান ফোন কৰিছিল |মোৰ চিন্তাত তাইৰ ও তোপনি অহা নাই |ৰাতি ১ টা বাজিৱৰ হ'ল |মোৰ কেতিয়া তেনেকে তোপনি আহিল গমে নাপালো |
কিন্তু মোৰ ওচৰত এখন গাড়ীৰ অদ্ভুদ ধৰনৰ হৰ্ন শুনি মই সাৰ পালো | দেখিলো মই বহা ঠাই খেনিৰ সন্মুখত গাড়ী |মোৰ ভয় লাগিল পলাৱ ও নোবাৰো | কি কৰো,,,,
গাড়ী খনৰ দ্রাইভাৰ জন নামি আহিল |
- কোন তুমি ?
- মই মানে,,,,
- তোমাক মই লাইটৰ পোহৰত দেখিছো |তুমি যেন ফুটপাথত থাকিৱ লগা ল'ৰা নহয় |কিয় কি হ'ল কোৱা মোক সচাঁ কবা ভয় নকৰিবা |
মই তেখেতক সকলো কলো | তেখেতে মোক তেখেতৰ গাড়ীত বহিৱ কলে | মই বহিলো |মানুহ জনক লক্ষ্য কৰিলো তেনে সহজ সৰল |
- মোৰ নাম নয়ন বৰ্মন |ঘৰ তিহু পাতচালা |মই মানে গাড়ী চলাওঁ | আজি বৰপেটাৰ পৰা বাইদেউ এজনীক লৈ গুৱাহাটী আহিলো |কালিহে ঘৰত যাম আজি ইয়াতে গাড়ীত থাকিম | মানুহ দেখিলে আমি চিনি পাওঁ তোমাৰ কিবা বিপদ বুলি গম পাইছো | বলা মেৰ লগত গাড়ীত থাকিবা |
কিছু সুৰক্ষিত অনুভৱ কৰিলো |নয়ন দাই এখন ধাবাৰ সন্মুখত গাড়ীখন ৰখালে |মানে তাতে আমি থাকিম |ধাবা কেতিয়াবাতে বন্ধ হৈছে |
- মই যানো তোমাৰ ভোক লাগিছে | এয়া লোৱা ৰুটি আৰু ভাজি খোৱা,মই খাইছো দিয়া,,,,
নয়ন দাই তিফিন এটা আগবঢ়াই দিলে |সেই খিনি খাই মই বৰ তৃপ্তি পালো |আৰু গাড়ীত শুই পৰিলো |
- ৰাগ , উঠা
নয়ন দাই মোক ৰাতিপুৱা জগালে |
- আহা,আমি কিবা এটা খাই লও,,,,
নয়ন দা আৰু মই ৰাতিপুৱাঁই ধাবাত কিবা এটা খালো | আৰু শেষত নয়ন দাই মোক জালুকবাৰীত নমাই থলে |
- নয়ন দা,আপোনাৰ ওচৰত মই চিৰ কৃতজ্ঞ |
- ৰাগ,এয়া মোৰ দায়িত্ব | আৰু তোমাক ও মোৰ ভাল লাগিল | আকৌ লগপাম,,,,,,
নয়ন দা গলগৈ |সচাঁ অৰ্থত এজন প্রকৃত মানুহ | সময়বোৰ গল | কাবেৰীৰ লগত মোৰ ভাল বন্ধুত্ব চলি থাকিল |
বাহ বহুদিনৰ মুৰত নয়ন দাই ফোন কৰিছে
- হেল্ল' নয়ন দা
- ৰাগ কি খৱৰ ?
- ভাল ভাল, মোৰ পুলিছত চাকৰি হ'ল নহয়| তোমাক যে মই কৈছিলো |আপোনাৰ মনত আছে ?
- আৰে ভাই ,মই মানুহজনে তেনেকুৱা | বাৰু বাদ দিয়া এইবোৰ,,,,কাবেৰীৰ বিয়া গ'ল নেকি ?
- নাই যোৱা নয়ন দা,,,
কিন্তু কাবেৰীৰ বিয়াৰ কথা নয়ন দাই কিয় শুধিলে,,,,
- মই কাবেৰীক বিয়া পাতিম,তুমি তাইক কবা
- কিন্তু আপুনি তাইক নেদেখাকে,,,,
- নাযানো ৰাগ,তুমি কোৱাৰে পৰা মই ভাৱিছিলো মই তাইক উদ্ধাৰ কৰিম |
মই কাবেৰীক কৈছিলো কথাবোৰ,তাই মাত্র মোক কৈছিল তুমি যদি ভাল বুলি যানা মোৰ আপওি নাই | পিছত যদি আকৌ,, ,,
মই নয়ন দা আৰু কাবেৰীক লগলগাই দিলো | এবাৰ দেখাৰ পাছত সকলো পুৰুষে কাবেৰীৰ প্রেমত পৰিৱ বিছাৰিৱ সেয়া সচাঁ |
- আপুনি যদি মোক পিছত মোৰ অতীত বোৰক লৈ,,,,,
- নাই নাই কাবেৰী,এটা কথা কওঁ মই তোমাক ময়ো এদিনা খন ভূল কৰিছিলো | মই ও দুটা নিশা বেশ্যাৰ লগত কতাইছো |গতিকে তোমাৰ কি ভূল ! মোৰ ও ভূল হৈছে |
- আপুনি ?
- হয়,তুমি ও পেটৰ তাড়নাত কাৰোবাৰ ৰাতিৰ আলহী আছিলা |মইও যৌৱনৰ ভোক গুছাৱৰ বাবে কাৰোবাৰ ৰাতিৰ সংগী হৈছিলো |
আচলতে কাবেৰী বয়সত মোৰ তুলনাত ৩ বছৰ ডাঙৰ সেয়েহে মই বা বুলি মাতিৱ ললো| কাবেৰী বা আৰু নয়ন দাৰ বিয়া গ'ল মন্দিৰত | মই আছিলো হৰ্তাকৰ্তা |এতিয়া তেওঁলোকৰ বহুত সুখৰ সংসাৰ |এজনী মাইনা জন্ম পালে প্রন্সী | মোক মামা সম্বোধন কৰে মনটো ভাল লাগি যায় |
- হেল্ল' কাবেৰী বা,,,,
- মোৰ মৰমৰ ভাইটিৰ খৱৰ নাই যে
- নাই বা অলপ ব্যস্ত |
- তোমাক ধন্যবাদ ৰাগ,,,
- কিয় বা ?
- নয়নৰ দৰে এজন হাজবেণ্ড মোক দিয়া বাবে,,,,
- আৰে বা সেয়া তোমাৰ ভাইটিৰ কৰ্তব্য আকৌ |
- মামা
প্রিন্সীৰ ঠুনুক ঠানাক মাতটি শুনিলে মোৰ অন্তৰ খন জুুৰ পৰে | এতিয়া কাবেৰী বাৰ ভন্টি হতৰ দায়িত্বও নয়ন দাই ললে |সকলো ফালে এতিয়া কাবেৰী বাৰ জীৱনত সুখৰ বন্যা |
প্ৰথম খণ্ডৰ লিংক - এজনী বেশ্যাৰ লগত এটি নিশা
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment