সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, December 1, 2020

সুপ্ৰভাত, বেদৰ তত্বজ্ঞানে দিনটো আৰম্ভ কৰো আহক


 চণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী

      নাহি নাম গুণ বিনে আন ৷

সেহিসে কাৰণে হৰি নিজ যশ প্ৰিয় ভৈল

       ভগৱন্ত ভকতৰ প্ৰাণ ৷৷


ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, চাণ্ডাল পৰ্যন্ত পৰম মঙ্গলময় হৰিনাম গুণ শ্ৰৱণ কীৰ্ত্তন কৰি পৰম পবিত্ৰ হ’ব পাৰে ৷ হৰিনামে উচ্ছ-নীচ্‌, জাত পাত একো বিচাৰ নকৰি জগতৰ সকলোকে উপকাৰ কৰে অৰ্থাৎ অনাদি জন্মৰ সকলো পাপ নাশ কৰে ৷ সেইবাবে নিজ যশ প্ৰিয়, ভকতৰ মুখত নিজ নাম গুণ শুনি তেওঁ পৰম সন্তোষ পায় ৷ একান্ত ভকতে হৰি গুণ নামকে পৰম অমূল্য ধন বুলি কীৰ্ত্তন কৰে ৷ এনে ভকতৰ একমাত্ৰ হৰিয়ে প্ৰাণস্বৰূপ ৷  

   কীৰ্ত্তনত গুৰুজনে লিখিছে---

চণ্ডালো হৰিনাম লোৱে মাত্ৰ ৷

কৰিবে উচিত যজ্ঞৰ পাত্ৰ ৷৷

চাণ্ডালেও হৰিনাম কীৰ্ত্তন কৰি ব্ৰাহ্মনৰ দৰে কুলিন হব পাৰে ৷ যিদৰে-অগ্নিয়ে কেঁচা শুকান নিবিচাৰি সকলো পুৰি ধংস কৰে, সেইদৰে হৰিনামে জাতি অজাতি একো বিচাৰ নকৰি সকলোৰে পাপ নাশ কৰে ৷ ৷ কৃষ্ণ ৷ ৷


বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages