জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এগৰাকী বাদ্যযন্ত্ৰী শিল্পী অভিনৱ বৰাৰ মাতৃ চন্দ্ৰমা বৰা বিগত ২১-১১-২০২০ তাৰিখৰ পৰা সন্ধানহীন হৈ আছে।বহু বিছাৰ খোচাৰ কৰিও মহিলা গৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰাত জুবিন গাৰ্গে নিজৰ ব্যক্তিগত ফেচবুক পেজত মহিলাগৰাকীৰ ছবি আপল'ড কৰি তেওঁৰ সন্ধানত এটা বিশেষ প'ষ্ট লিখিছে।জুবিন গাৰ্গে লিখিছে যে -
"এই মহিলাগৰাকী মোৰ এজন ভাতৃপ্ৰতিম বাদ্যযন্ত্ৰী শিল্পী অভিনৱ বৰাৰ মাতৃ (চন্দ্ৰমা বৰা) , যোৱা ২১-১১-২০২০ তাৰিখৰ পৰা সন্ধানহীন হৈ আজিও মোবাইল চুইচ অফ হৈ আছে। তেওঁৰ কোনো সন্ধান আমি এতিয়ালৈকে পোৱা নাই। তেওঁ শাৰিৰীক ভাবে দূৰ্বল, কিছু বেমাৰতো ভূগি আছে গতিকে কোনো সদাশয় লোকে তেখেতৰ কিবা সন্ধান বা দেখা পালে, লগত দিয়া মোবাইল নংতোত যোগাযোগ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ কৰিলো। 🙏🙏🙏
ফোন নং - ৭০০২৩৩৬৪৯০" - জুবিন গাৰ্গ।
এয়া আছিল জুবিন গাৰ্গে মহিলা গৰাকীৰ সন্ধানত লিখা কথা খিনি।আমাৰ তৰফৰ পৰাও আপোনালোক সকলোলৈকে এই প'ষ্টটো পাৰে মানে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছো,যাতে মহিলা গৰাকীৰ সন্ধান উলোৱাত সহায় হয়।
Please Share
No comments:
Post a Comment