অৰ্থৰাইটিছ ৰোগ যদি বহুত পুৰণি হয় 30-40 বছৰ আৰু যদি ৰোগী শয্যাগত হৈ আছে তেন্তে শেৱালি ফুলৰ পাত 10-12 টা ৰস উলিয়াই ৰাতিপুৱা খালি পেটত খাব । লগত এলোৱেৰা জুইচ আধা কাপ মিহলাই লব পাৰে যদিহে গেষ্ট্ৰিকৰ সমস্যা আছে ।।
নিয়মীত 3 মাহ খাওক । তাৰ পিছত দৰকাৰ অনুসৰি খাব পাৰে ।
ৰোগী যদি চলা ফুৰা কৰি আছে , তেন্তে মেথিগুটি 1 চামুচ , আদা গুড়ি আধা চামুচ আৰু হালধি গুড়ি আধা চামুচ গৰম পানী এগিলাচত ৰাতি তিয়াই থৈ ৰাতিপুৱা খাওক । নিয়মীত 3 মাহ খাব।
যিকোনো গাঁঠিৰ বিষৰ বাবে চূণ বহুত উপকাৰী । যদিহে ৰোগীৰ আগতে কেতিয়াও পাথৰৰ সমস্যা হোৱা নাই , তেন্তে চূণ এটা ধানৰ সমান লৈ এক গিলাচ পানীত ভালকৈ মিহলাই ৰাতিপুৱা 10 বজাত খাব । নিয়মীত 3 মাহ খাব পাৰে ।
ৰোগীয়ে শেৱালি ফুলৰ পাত আৰু মেথিগুটি একেলগে সেৱন নকৰিব ।
ঘৰুৱা বিধান নিয়মানুষৰী পালন কৰিলেহে সুফল পাব । 10-15 দিন খাই এৰি দিলে কোনো লাভ নাপাব ।
-আচাৰ্য পংকজ পাঠক
No comments:
Post a Comment