তেতিয়া মই গাওঁৰ পৰা গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র হ'লো | মই আমাৰ জিঅ'গ্রাফী বিভাগৰ ছাত্র আছিলো | আমাৰ ঘৰখনত মা,দেউতা ,মই আৰু বাইদেউ | বাইদেউৰ বিয়া যোৱাত মই ঘৰখনৰ একমাত্র সপোন | পেছাত শিক্ষক মোৰ মা-দেউতাৰ সপোন একমাত্র মই | মোক মা-দেউতাই বহুত মৰম কৰিছিলে | আৰু মই যি বিছাৰিছিলো সেয়াই মোক দিছিলে |
- সোণ পঢ়া শুনা ভালকৈ কৰিবি |
- হৱ দেউতা
মই দেউতাৰ ভৰি চুই প্রনাম কৰিছিলো |
- সোণ বেছি ঘূৰি নুফুৰিবি | মদ,ভাং একো নাখাবি কিন্তু,মোৰ দেউতাৰৰ বিশ্বাসত আঘাট নাহানিবি |
- হৱ মা, মই আহো |
আপোন ঘৰ খন এৰি আহিছিলো কংক্ৰিত ৰ ব্যস্ত মহানগৰীলৈ |
শেষত মই গুৱাহাটীলৈ আহিলো |
সচাঁকে বৰ ব্যতিক্ৰম এখন ঠাই | য'ত মাত্র মানুহৰ মূল্যতকৈ সময়ৰ মূল্য বেছি | ফুটপাথত পৰি থকা মানুহবোৰ দেখি মোৰ হৃদয় বোৰ কপি উঠিছিল | আৰু চৌদিশ ইমান লেটেৰা আবৰ্জনা |
মই ছাত্রাবাসত থকাৰ সিদ্ধান্ত ললো |
ছাত্রাবাসৰ পৰিবেশ দেখি মোৰ একদম ভাল নালিগিল | কেইজন মানৰ বাহিৰে বাকিবোৰ ইমান উশৃংখল আছিল | তেওঁলোকক দেখিলে সন্দেহ হয় তেওঁলোকৰ উদ্দেশ্য পঢ়া নে অইন কিবা |
- ঐ ৰাগ, শুই আছা যে,,,,
প্রীতম ৰ মাতত সাৰ পালো |
- কোৱা,,,
- তোমাক ভাস্কৰ দাই মাতিছে |
অনিচ্ছা সত্বেও গলো |
- কি বে,,,তোৰ কোনো এনজয় বোলা বস্তু নাই নেকি ?
ভাস্কৰ দাই মোক কৈছিলে |তেওঁ চিনিয়ৰ আছিলে |
- নাই ভাস্কৰ দা ! কওঁক,,,,
- ঐ এইফালে আহ | চা না বে কি মজা,,,,
তেওঁৰ লেপতপত চাই যি দেখিলো মই আচৰিত |মই আৰু একো নোকোৱাকৈ সিহতৰ কাষৰ পৰা গুছি আহিলো |
তাৰপাছত সিহতে সদায় মোৰ কাষত লেপতপটো লৈ এইবোৰ খুচৰি থাকে |
সচাঁকে কি যে হৱ | এয়াই নেকি আমাৰ ভৱিষ্যত | দুদিন পাছত ইয়াৰ পৰা কোনোবাই প্রফেচৰ,কোনোবা শিক্ষক হৱ কিন্তু এয়াই নেকি আমাৰ চৰিত্র ? ভাৱি মনটো সেমেকি গ'ল |
তেতিয়া মই নতুনকৈ ফেচবুক ব্যৱহাৰ কৰিছো |বহুত নতুন বন্ধুত্ব কৰিছিলো | তাৰ মাজত পাইছিলো এজনী কাবেৰি বৰুৱা |প্রফাইলটো খুলি চাইছিলো বহুত ধুনীয়া তাই| তাইৰ লগত মোৰ ঘনিষ্ঠতা বাঢ়ি গ'ল | লাহেকে এদিনা তাই মোক কলে তোমাৰ ফোন নাম্বাৰটো দিবা নেকি ?
মই দি দিলো | আৰু তাই মোক ফোন কৰিলে | মোক কলে এদিন ৰাতি তুমি মোৰ ওচৰত আহিবা চোন | তাই মোক তাই থকা ঠাইৰ সম্পূৰ্ন ঠিকনাটি দিলে |
- আব্বে ৰাগ আজি তামাম ধুনীয়া হৈ ওলাইছ| কত যা বে ?
- আহো অকমান, ঐ শুন আজি ৰাতি মই উভতি নাহিৱও পাৰো |
মই ওলাই আহিছিলো হোষ্টেলৰ পৰা |মই কাবেৰিয়ে কোবা ধৰনে সেই ঠিকনাত ওলাইছিলো |
- হেল্ল'
সেইফালৰ পৰা কাবেৰিয়ে কৈছিল |
- মই তুমি দিয়া ঠিকনাটি মতে আহিছো
- থিক আছে তুমি হাউছ নাম্বাৰ ১০৩ ৰ গেটত ৰৈ থাকা মই গৈ আছো !
- হাউছ নাম্বাৰ ১০৩ কত ,ৰবা ৰবা,,,অ পাইছো পাইছো |
মই তাই অহালৈ অপেক্ষা কৰিলো |
- হাই !
মই ঘূৰি ছালো |
- ৰাগ ৰঞ্জন ?
- হয়, কাবেৰি ?
- উম আহা,,,
তাই মোক ভিতৰলৈ লৈ গ'ল | এটি সৰু কোঠালিত কাবেৰি অকলে থাকে |
- এইটোৱে মোৰ কোঠা !
- এজনী মানুহ হে হৈ যাৱ একো নাই |
- হয় বাৰু দিয়া |
মই লক্ষ্য কৰিছিলো কাবেৰিৰ মুখত কিছুমান আঘাটৰ চিন স্পষ্ট হৈ আছে,আৰু চকুৰ গুৰিবোৰ কলা পৰি আছে | ইমান ধুনীয়া ছোবালীজনীৰ মুখত আঘাটৰ চিনে সৌন্দৰ্য্যত মোক্ষম আঘাট হানিছে |
- এটা কথা সুধিম যদিহে বেয়া নোপোবা ?
- বেয়া,কিয় পাম বাৰু,সুধিৱ পাৰা,,,,
- তোমাৰ মুখত এই দাগবোৰ কিহৰ,কিয় যানো এনেকুবা লাগিছে কাৰোবাৰ নখৰ আছোৰ,কাৰোবাৰ দাতৰ চিন,,,,
- ৰাগ তুমি যিটো প্রশ্ন শুধিছা হয়টো জনাৰ পাছত তুমিও মোক ঘৃনা কৰিবা | মোৰ লগত বন্ধুত্বৰ সম্পৰ্ক শেষ কৰিবা |
- নকৰো | ৰাগক বুজিৱ বহুত বাকি আছা,সকলো বিনা সংকোচে কৱ পাৰা |
- মই এজনী বেশ্যা
মোৰ ভৰি হাতবোৰ কপিৱ ধৰিলে | বিশ্বাস হোবা নাই মোৰ কাবেৰি বেশ্যা! তেতিয়া হলে এজনী বেশ্যাৰ লগত মই এটি নিশা মই কতাম ,কিন্তু,,,,,
- কি হ'ল ৰাগ,তুমি
- নাই নাই মই যানিৱ খোজো কাবেৰি তুমি কিয় সেই পন্হা গ্রহন কৰিলা মোক কৱই লাগিৱ |
- কম ,তোমাৰ যানো ধৰ্য্য হৱ ?
- হৱ তুমি কৈ যাৱ পাৰা,,,,,
মই নলবাৰী জিলাৰ এখন ভিতৰুৱা গাওঁৰ ছোবালী | আজিৰ সমাজতকৈ বহু পিছপৰা এটি অঞ্চল | আমাৰ গাওঁখন মূলত কৃষি প্রধান | কেতিয়াবা পাগলদিয়াৰ বলিয়াবানে আমাৰ পেটৰ ভাত মুঠিও কাঢ়ি লৈ যায় | আমাৰ ঘৰখনত মা,দেউতা মই আৰু মোৰ দুজনী ভন্টি | আমাৰ মা চিৰৰুগীয়া,বিছনাৰ সংগী | মই পঢ়াপাতি আধাতে সামৰি ঘৰৰ দায়িত্ব লব লগা হ'ল |
- মাজনী, আমাৰ এইবাৰ খেতি সিমান ভাল নহল |
- কিয় পিতাই
- বানপানীয়ে সকলো নষ্ট কৰি পেলালে অ'
- পিতাই তই দুখ নকৰিবি ভগবানে কিবাকে চলাৱ |
মই পিতাইক সান্তনা দিছিলো | অভাৱে জুৰুলা কৰা ঘৰখনত আছলতে প্রয়োজন আছিলে এজন ল'ৰা সন্তানৰ | কিন্তু আমাৰ ঘৰত ল'ৰা সন্তান নাছিলে | এইফালে ভন্টি হত সৰু আছিলে | টকা-পইচাঁৰ অভাৱত মাক সুস্থ কৰিৱ নোবাৰিলো |
আজি দুদিন মান হ'ল মাৰ অসুখ বেছি হৈছে | ভাত পানী ও খাৱ পৰা নাই | পিৰালিৰ চকুত বহি পিতাই চকুলো তুকি আছে |
- পিতাই তই কিয় কান্দিছ ? তই কান্দিলে আমি বৰ দুখ পাওঁ অ পিতাই |
- মাজনী,দুখীয়াৰ দুখ নুগুছে নেকি অ মাজনী | তোৰ মাৰৰ যন্ত্রনাবোৰ মই কেনেকে চাই থাকো কচোন ?
- পিতাই আমি জন্ম লৈয়ে তোক বেছি বিপদত পেলালো অ' | আমাৰ ঠাইত যদি তিনিটা ল'ৰা থাকিল হৈ তোৰ চিন্তা দূৰ হ'ল হৈ পিতাই | আমাক জন্মতে মাৰি নেপেলালি কিয় ?
- মাজনী !
পিতাই মোৰ কাষৰ পৰা উঠি গৈছিল |
- বা মোৰ ভোক লাগিছে,,,,
মোৰ সৰু ভন্টি পাপৰিয়ে মোক কৈছিল |
- ৰহ ! ভাত কেইটা হলে দিম |
- বা আজি স্কুলত ছাৰে মোক পিতিছে
- কিয় ?
- ইউনিফৰ্ম নিপিন্ধা বাবে,,,,
- পাপৰি, আমাৰ ঘৰৰ অৱস্থা চাছোন | পিতাইৰ ওচৰত একেবাৰে পইচাঁ নাই |
- মই বুজিছো বা, মই আৰু স্কুলত নাযাওঁ
মই একো কৱ পৰা নাছিলো মাত্র তাইক সাবতি ধৰি কান্দিছিলো |
ৰাতিপুৱা সকলো শুই উঠিলে | মই চাহ বনালো | পিৰালিত বহি থকা পিতাইক চাহ একাপ দিলো |
- ৰুমি মাক জগাই দেচোন,,,
মাজু ভন্টিক আদেশ দিলো | তাই মাক জগাৱ গ'ল | কিন্তু তাই দেখোন ভিতৰত চিঞৰিৱ ধৰিলে |
- বা ,শুনচোন মায়ে দেখোন নামাতে,,,,বা
মই,পিতাই দৌৰি ভিতৰত সোমালো |
- মা নামাতা কিয় তই, কি হ'ল তোৰ মা,,,ঐ মা এবাৰ আমাৰ ফালে চাচোন,,,
- মাজনী তহতৰ মা আৰু নাই অ,,,
মা গুছি গ'ল আমাক এৰি | আমি মাতৃহীনা হ'লো | মাৰ মৃত্যুত দেউতা অবাক হ'ল |
সময়বোৰ গৈ আছিল | ভন্টিহতৰ মাতৃৰ দায়িত্বও মই পালন কৰিৱ লগা হ'ল| কিন্তু আজি কেইদিনমান হ'ল দেউতাৰ গা বেয়া | লাহে লাহে দেউতাওঁ বেমাৰত পৰিল | মোৰ চিন্তা দুগুনে বাঢ়িল | মা গুছি গ'ল | কিন্তু এইবাৰ যদি দেউতা নাই নাই দেউতাক বচাৱ লাগিৱ | দেউতাক আমাৰ মাজত জীয়াই ৰাখিৱ লাগিৱ |
- বৰপিতাই
- অ কাবেৰি কিয় আহিলি বা তই
- পিতাইৰ গাবেয়া,বিছনাতে পৰি আছে
- কি ! তাৰ আকৌ কি হ'ল
- নাযানো বৰপিতাই,মা আমাক এৰি গুছি গ'ল কিন্তু পিতাইক আমি যাৱ দিৱ নোবাৰো |
- ৰহচোন কিবা এটা কৰিৱ লাগিৱ |
গাওঁৰ মানুহ খিনিৰ পৰা সাহায্যৰে দেউতাক মেডিকেলত লৈ গ'লো |
- মাজনী তই বৰ কষ্ট পালি অ জীৱনটোত আমাৰ কাৰনে,,,,
- নাই পিতাই,এজন পিতৃৰ বাবে এয়া মোৰ দায়িত্ব |
- মোক ভাল কৰিৱৰ বাবে পইচাঁ কেইটা শেষ কৰিৱ নালাগে | সেইখিনি পইচাঁ সিহত দুটাৰ নামত খৰছ কৰিবি |
- এয়া তই কি কৈছ পিতাই তই অবিহনে আমি অভিভাৱকহীন,,,,
পৰীক্ষা নিৰীক্ষাৰ অন্তত ডাক্তৰে জনালে,,,
- সেয়া তোমাৰ দেউতা
- হয় ছাৰ,,,,
- তোমাৰ দেউতাৰ হাৰ্টৰ প্রব্লেম | তেওঁক প্রেছমেকাৰ দিৱ লাগিৱ | কিন্তু বহুত পইচাঁৰ প্রয়োজন হৱ |
ডাক্তৰৰ কথা শুনি মোৰ মনটো ভাগি গ'ল কত পাম ইমান পইচাঁ | মই সকলো চিন্তা কৰি গুৱাহাটীত কাম কৰা সিদ্ধান্ত ল'লো |
- পাপৰি,ৰুমি তহতে দেউতাক চাবি | সময়মতে ঔষধবোৰ খুৱাবি |
- বা তই নহলে আমি বৰ অকলসৰীয়া হম অ,,,,
- উপায় নাই জীৱনৰ লগত যুদ্ধ কৰিৱ শিক |মই আহো দে,,,,
আমাৰ গাওঁৰ নৰেন খুড়াৰ লগত মই গুৱাহাটীত আহিলো | মোৰ শিক্ষা তেনে কম |সেয়েহে খুড়াই মোক এখন কাপোৰৰ দোকানৰ বিক্ৰেতা হিচাপে নিয়োজিত কৰি দিলে | কিন্তু তাত পোৱা পইচাঁ খিনি মোৰ বাবে যথেষ্ট নহয় | মই আৰু কি কৰিৱ পাৰো চিন্তা কৰিলো |
- প্রবাল মোক এটা ভাল কাম লাগিছিলে
- কিয় ?
- এইখেনি টকাৰে মই দেউতাক ভাল কৰিৱ নোবাৰিম | মোক এটা ভাল কাম লাগে,,,
- তুমি বহুত ধুনীয়া পাই যাবা
মই মাত্র সমৰ্থন কৰিলো | কিন্তু কামত ধুনীয়াৰ কি সম্পৰ্ক নুবুজিলো |
- কাবেৰি তোমাৰ এটা ভাল কাম হৱ | তুমি সন্ধিয়া মোৰ লগত ওলাবা |
প্রবালৰ কথা মতে মই ওলালো | সি মোক এটা আভিজাত্য ঘৰত লৈ গ'ল |
- যোৱা ভিতৰত যোৱা,ছাৰ বহি আছে
মই ভয় ভয় কৈ ভিতৰত প্রবেশ কৰিলো |
- অ আহা আহা,,,,বহা
মানুহজনে মোক মাতিলে,দেখাত বৰ ভদ্রযেন লগা মানুহজন গোলাপী নিছাত মাতাল |
মই তেখেতৰ কাষত বহিলো |
-ছাৰ মোৰ কামটো হৱনে ?
মানুহজনে মোৰ ফালে এটা অসভ্য চাৱনি দি কলে |
- কিয় নহৱ,হৱ হৱ |
- মোৰ দেউতাৰ বেমাৰ,মোক বহুত টকা লাগে |
- তোমাক যিমান লাগে সিমান পাবা,মাত্র তুমি মোক সন্তুষ্ট কৰিৱ লাগিৱ |
মানুহজনৰ কথা মই থিক বুজি নাপালো
- মই বুজা নাই ছাৰ,,,
- বুজা নাই নহয় ! মানুহজনে মোৰ কান্ধত হাত খন থলে | মোৰ কামৰ স্বাৰ্থত মই গুছাই নিদিলো |
- ব'লা আমি ভিতৰৰ কোঠাত যাওঁ |
মই মানুহজনৰ উদ্দেশ্য বুজা নাছিলো |কিন্তু মই বাধ্য তেখেতৰ পাছত গৈ থাকিলো |
- তুমি শুই যোৱা
মই আচৰিত |
- তোমাৰ এয়াই কাম | তোমাৰ যৌৱন মোক দিয়াৰ স্বাৰ্থত তেনেকে লাভ কৰিবা বহুত টকা |
মই একো ভাৱি নাপালো,মাত্র সকলো কৰি গলো | মোৰ দেহত চলিল মাত্র বৰ্বৰ অত্যাচাৰ |মই সতিত্ব হেৰুবালো | শেষত তেওঁ মোক বহুত পইচাঁ দি বিদায় দিলে | মই জীৱনত প্রথম বাৰৰ বাবে গম পালো যে তেনেকেও পইচাঁ উপাৰ্জন কৰিৱ পাৰি | তেতিয়াৰ পৰা মোৰ এজেন্ট হ'ল প্রবাল |মই সদায় সদায় একোজন পুৰুষৰ ৰাতিৰ সংগী হ'লো | কিন্তু মোৰ অপবিত্র পইচাঁৰে দেউতাই সুস্থ হৱ নিবিচাৰিলে চাগে | এদিনা খন পিতাইৰ মৃত্যু হ'ল |
- পিতাই,তই মোক ক্ষমা কৰিবি | মই তোক ভাল কৰাৰ স্বাৰ্থত এই পথত নামিছিলো | কিন্তু তই নিবিচাৰিলি | মই তোৰ চিতাত ধৰি শপত খালো মই আৰু এই বৃওি নকৰো পিতাই | আমি নিঠৰুৱা হলো | কিন্তু সদায় তোৰ আৰু আইৰ স্মৃতি বকুত বান্ধি আমি জীয়াই থাকিম |
এয়াই কাহিনী মই বাধ্য হৈছিলো।
বিঃদ্ৰঃ SMJ24 ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
thank you please visit my website blogging seo content,
ReplyDelete