কোন মুনিৰ অভিশাপৰ কাৰণে-মহাদেৱে ভগৱান শ্ৰী গণেশৰ মূৰটো কাটিছিল! ( Religious Studies )
কোৱা হয় যে-মনুষ্যৰ বৰ্তমান তেওঁৰ অতীতৰ কৰ্মৰ ওপৰত আৰু ভৱিষ্যতৰ বৰ্তমানৰ কৰ্মৰ ওপৰত আধাৰিত হয়।কিন্তু এই কথা কেৱল মনুষ্যৰ ওপৰতে প্ৰযুয্য নহয়। ভগৱান তথা দেৱতাৰ ওপৰটো প্ৰযুয্য হয়।
*ভগৱান শিৱই কাশ্যপ মুনিৰ দ্বাৰা দিয়া-অভিশাপৰ কাৰণে-নিজৰ পুত্ৰ গণেশৰ মস্তিষ্ক কাটিব লগীয়াত পৰিছিল।
*ব্ৰহ্মব্ৰেট পুৰাণৰ মতে-এবাৰ নাৰদে ভগৱান বিষ্ণুক সুধিলে যে-প্ৰভূ আপোনাৰ বহুতে বিধান হয়।আৰু সকলো বেদৰ জ্ঞানৰে আপুনি পৰিপূৰ্ণ। মই আপোনাৰ পৰা জানিব বিছাৰিছো যে- ভগৱান শিৱই সকলো সমস্যা দূৰ কৰিব পাৰে-কিন্তু তেওঁ কিয় নিজৰ পুত্ৰ গণেশৰ মস্তিষ্ক কাটিব লগাত পৰিল!
*নাৰদৰ প্ৰশ্ন শুনি-ভগৱান বিষ্ণুৱে কলে-এয়া সেই সময়ৰ কথা-যেতিয়া,শিৱ মালি-আৰু সুমালি দুই অসুৰক বধ কৰাৰ কাৰণে সূয্য দেৱতাৰ ওপৰত বহুতে বেছি ক্ৰোধিত হয়,ত্ৰিশূলৰে প্ৰহাৰ কৰিলে।সূয্য দেৱতাও শিৱৰ সমানে তেজস্ৰী আৰু শক্তিশালী আছিল।সেইবাবে ত্ৰিশূলে কৰা আঘাতৰ বাবে সূয্য দেৱতা অজ্ঞান হৈ ৰথৰ পৰা তললৈ সৰি পৰিল।
তেতিয়া কাশ্যপ মুনিয়ে দেখা পালে-তেওঁৰ পুত্ৰ সূয্য মৃত্যু হোৱা অৱস্থাত আছে।তেতিয়া তেওঁ-সূয্যক সাবটি ধৰি চিঞঁৰি চিঞঁৰি বিলাপ কৰিবলৈ ধৰিলে। ( Religious Studies )
সূয্য দেৱতাৰ কথা গম পাই সকলো দেৱতাগণৰ মাজত হাহাকাৰ পৰিস্থতিৰ সৃষ্টি হল।বাকী সকলো দেৱতাই ভয়তে জোৰে জোৰে বিলাপ কৰিবলৈ ধৰিলে।সূয্য দেৱতা অজ্ঞান হয় যোৱাৰ লগে লগে সমগ্ৰ পৃথিৱীত আন্ধাৰ হয় পৰিল।
ব্ৰহ্মাৰ নাতি মুনি কাশ্যপে ভগৱান শিৱক অভিশাপ দি কলে-যেনেকৈ তুমি আজি মোৰ পুত্ৰক আঘাত কৰাৰ বাবে মোৰ পুত্ৰৰ এনে অৱস্থা হৈছে!ঠিক এনেদৰে তোমাৰ পুত্ৰৰো হব।তোমাৰ পুত্ৰৰ তুমি নিজে শিৰচ্ছেদ কৰিবা।
এই অভিশাপৰ কথা শুনি ভগৱান শিৱৰ ক্ৰোধ শান্ত হল।তেতিয়া মহাদেৱে সূয্যৰ জ্ঞান ঘূৰাই দিলে।সূয্য দেৱতা কাশ্যপ মুনিৰ সন্মুখত থিয় হল।যেতিয়া সূয্যই কাশ্যপ মুনিয়ে শিৱক দিয়া অভিশাপৰ কথা গম পালে-তেতিয়া তেওঁ সকলো ত্যাগ কৰিবলৈ নিৰ্ণয় ললে।
তেতিয়া দেৱতাগণে ভগৱান ব্ৰহ্মাক সূয্য দেৱতাৰ ওচৰলৈ পথিয়ালে।আৰু তেওঁক পুনৰ কৰ্মত নিযুক্তি কৰালে। ব্ৰহ্মা,শিৱ আৰু কাশ্যপ মুনিয়ে সূয্যক অতি আনন্দৰে আৰ্শীবাদ দি নিজ নিজ স্থানলৈ গমন কৰিলে।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment