শিৱ পৰমেশ্বৰ হৈছে-পৰম ব্ৰহ্ম।তেওঁ সত্য,সুন্দৰ আৰু সদায় মংগলময়। "সত্যম-শিৱম-সুন্দৰম" এই তিনিটা শব্দৰ লগত ভগৱান শিৱৰ ওত:প্ৰোত সম্পৰ্ক আছে।কি বাৰু এই শব্দৰ অৰ্থ! ( Religious Studies )
*ভগৱান শিৱৰ এটা নাম-আশুতোষ।কাৰণ তেওঁ অলপতে সন্তুষ্ট হয়।তেওঁ দেৱাদিদেৱ মহাদেৱ।আকৌ তেওঁ শংকৰো।
*জীৱৰ পাপ হৰণ কৰে আৰু কাল পূৰ্ণ হলে জীৱৰ জীৱনো হৰণ কৰে।গতিকে দেৱাদিদেৱৰ আন এটা নাম-হৰ।
*শিৱ হৈছে-পৰম ব্ৰহ্ম।গতিকে এই মহাজাগতিক-কোনো বস্তুৱে শিৱতকৈ পৃথক নহয়।পৃথিৱীৰ সকলো বস্তুতেই শিৱৰ অস্তিত্ব বিৰাজমান।শিৱ অৰ্থাৎ মহাদেৱৰ লগত-"সত্যম-শিৱম-সুন্দৰম" এই শব্দটোৰ ওত:প্ৰোত সম্পৰ্ক আছে।
*সত্যম মানে সত্য।এই সত্য আৰু সুন্দৰেই শিৱ।
শিৱ আৰু সত্য পাৰস্পৰিক অভিন্ন।শিৱৰ আদি মধ্য আৰু অন্ত নাই।এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো সত্যই শিৱ।তেওঁৱে পৰম ব্ৰহ্ম আৰু অনাদি অনন্ত।তেওঁ সকলো বস্তুৰ উদ্ধত।
*শিৱম মানে মংগলময়।শিৱ মানে হল-কল্যাণ বা কল্যাণকাৰী।এই কল্যাণত্মক শিৱৰ মূৰ্তি হৈছে-কল্যাণ সুন্দৰম।শিৱৰ পঞ্চমুখে জগতৰ মংগল সাধন কৰিছে।শিৱই সৰ্বতে বিৰাজমান। ( Religious Studies )
*সুন্দৰম মানে পৱিত্ৰতা।শিৱ হৈছে প্ৰৱিত্ৰ।এই প্ৰৱিত্ৰবোধেই হল-সৌন্দৰ্য।আৰু এই সৌন্দৰ্যই হল সত্য আৰু শিৱম।
*সত্যম,শিৱম,সুন্দৰম"
কথাটোৰ ভিতৰত এক উত্তৰণৰ কথা কোৱা হৈছে।জীৱৰ আত্মাই প্ৰথমে প্ৰবৃত্তিৰ অস্থিৰতাক অতিক্ৰম কৰি শান্ত হব।তাৰপাছত তেওঁ লাহে লাহে শিৱত্ব পাবগৈ আৰু অৱশেষত হব-দ্বৈত অৱস্থা।অৰ্থাৎ তাত আত্মা পৰমাত্মাৰ লগত একাকাৰ হৈ যাব।
*শিৱই সত্য
শিৱই সৌন্দৰ্য আৰু
শিৱই সকলোতে বিৰাজমান।
(সংগ্ৰহিত)
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment