পত্নী মাথো এটা সম্বন্ধ নহয় সম্বন্ধৰ ভাণ্ডাৰ হয় : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, August 17, 2022

পত্নী মাথো এটা সম্বন্ধ নহয় সম্বন্ধৰ ভাণ্ডাৰ হয় : Assamese Viral Post

Assamese Viral Post


মাক- তই কিয় ঘৈণীয়েৰলৈ ইমান ভয় কৰ' ??

পুতেক- মই ভয় নকৰো তেওঁক সন্মান আৰু মৰম কৰো  ( Assamese Viral Post )


মাক-  ঘৈণীৰ গোলাম , তোৰ মানে বাকীবোৰ সম্পৰ্কৰ কোনো মূল্য নাই ??? 

পুতেক- চোৱা মা,  মা দেউতাৰ সম্পৰ্ক সম্বন্ধ নহয় ,তেওঁলোক ভগৱান হয় সেয়ে সেই সম্বন্ধক পালন কৰা নহয় পূজা কৰা হয় । 


দাদা ,বাইদেউ ,ভাই ,ভন্তী জন্মগত হয় , আৰু বন্ধুত্বৰ সম্বন্ধ বোৰ স্বাৰ্থৰে হয় । কিন্তু পত্নী , আনৰ বাবে নিজৰ সকলো এৰি আহে আৰু সুখ দুখ প্ৰতিক্ষণতে আমাৰ লগতে জীৱনৰ অন্তিম সময়লৈকে  পাৰ কৰে । পত্নী মাথো এটা সম্বন্ধ নহয় সম্বন্ধৰ ভাণ্ডাৰ হয় । 


জানা মা ,পত্নীয়ে সেৱা , দায়িত্ব আৰু মৰম যেতিয়া কৰে তেতিয়া তেওঁ তোমাৰ দৰে মাৰুপী হৈ পৰে ।


গিৰীয়েকে উপাৰ্জন কৰি আনি দিয়া টকাৰে ভাৱি ,চিন্তি খৰচ কৰি যেতিয়া গোটেই পৰিয়ালৰ দায়িত্ব কান্ধত লয় তেতিয়া দেউতাৰুপী হৈ পৰে।


যেতিয়া Care .লয় ,মৰম কৰে ,ভুল কৰিলে গালি দিয়ে ,আমাৰ বাবে কিবাকিবি কিনি আনে তেতিয়া বাইদেউ নাইবা ভন্তি হৈ পৰে ।


যেতিয়া গিৰীয়েকৰ পৰা কিবা বিচাৰি জিদ কৰে ,ঠেঁ‌হ পাতে ,আমনি কৰে ইটো লাগে ,সিটো লাগে কৈ থাকে তেতিয়া জীয়েকৰ দৰে হৈ পৰে !


যেতিয়া সমগ্ৰ সংসাৰ খন চলাবলৈ আমাৰ পৰা পৰামৰ্শ লয় , উপায় দিয়ে , আলোচনা কৰে ,কাজিয়া কৰে ,তেতিয়া দাদা ,ভাইটি নাইবা বন্ধুৰ দৰে হৈ পৰে ।


গোটেই  ঘৰখনৰ যিকোনো বস্তু কিনা বা বিক্ৰী কৰাৰ দায়িত্ব লয় তেতিয়া গৃহস্থনী বা মালিকনী হৈ পৰে ।আৰু  ( Assamese Viral Post )


যেতিয়া সকলোবোৰ কাম কৰি ,নিজৰ সন্তানকো এৰি স্বামীৰ দুবাহুৰ মাজত সোমাই পৰে তেতিয়া তেওঁ ,প্ৰেয়সী ,পত্নী ,নাইবা অৰ্ধাংগিনী প্ৰাণ আৰু আত্মা হৈ পৰে ।


এতিয়া কোৱাচোন মা মই মোৰ পত্নীক সন্মান কৰি কি ভুল কৰিছো ?--?- 


আমি সকলোৱে সুধো বোৱাৰীয়ে যৌতুকত কি আনিছে বা লগত কি আনিছে কিন্তু এইটো কেতিয়াও নুসুধো যে এগৰাকী জীয়েকে কি কি এৰি থৈ আহিছে ।


পত্নীয়ে কষ্ট দিয়ে সেইটো চবে দেখো  কিন্তু কষ্টত লগো তেওঁৱে দিয়ে সেইটো কিন্তু নেদেখো । 


ভাগ্য আৰু পত্নীয়ে কষ্ট দিব পাৰে কিন্তু যেতিয়া লগ দিয়ে জীৱনৰ নক্সা সলনি কৰি দিয়ে ।


এগৰাকী পত্নীয়েহে বিচাৰে যে তেওঁৰ স্বামীৰ আয়ুস তেওঁতকৈ দুগুণ বাঢ়ক । 


****✍️Momi Sorma****



উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages