বেয়া পাই থকালৈকে মানুহবোৰ আপোন হৈ থাকে : Assamese Viral Post - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 13, 2022

বেয়া পাই থকালৈকে মানুহবোৰ আপোন হৈ থাকে : Assamese Viral Post

Assamese Viral Post


বেয়া পাই থকালৈকে মানুহবোৰ আপোন হৈ থাকে। আচৰিত হৈছে চাগে? এটা কথা মন কৰিব চোন, যেতিয়ালৈকে আপুনি কাৰোবাক বেয়া পাব পাৰে বা বেয়া পাইছোঁ বুলি ক'ব পাৰে তেতিয়ালৈকে সেই ব্যক্তিজন আপোনাৰ ওচৰৰ হৈ থাকে।  ( Assamese Viral Post )


তেওঁক আপুনি বেয়া পাইছে, কাৰণ তেওঁৰ পৰা আপুনি অন্য কিবা আশা কৰিছিল। আপুনি বেয়া পাব পাৰিছে, কাৰণ তেওঁক আপুনি ভাল পায়। আপুনি বেয়া পাইছে কাৰণ তেওঁৰ কামে আপোনাক প্ৰভাৱ পেলায়। 


কিন্তু যেতিয়া তেওঁৰ কিবা কথা বা কামে আপোনাক প্ৰভাৱ নেপেলোৱা হয়, যেতিয়া তেওঁৰ পৰা কিবা আশা বা প্ৰত্যাশা একো নোহোৱা হয়, তেতিয়াই আপুনি বেয়া পাবলৈ এৰি দিয়ে। আক্ষেপ কৰিবলৈ এৰি দিয়ে। 


কিবা বিচাৰিলে হে আক্ষেপ কৰিব, একো নিবিচাৰিলে আক্ষেপ কিয় আহিব। আৰু এনেকৈয়ে সেই মানুহজন আপোনাৰ বাবে লাহে লাহে অচিনাকি হৈ পৰে। যিটো আপোনালোক এজনেও উপলব্ধি নকৰে। যেতিয়া কৰে, তেতিয়ালৈ হয়তো জোৰা দিব পৰাৰ অৱস্থাত সম্পৰ্কটো নাথাকে।


সেয়ে কওঁ, অভিমান কৰি থাকক। অভিমানবোৰ থকালৈকে সম্পৰ্কবোৰো থাকে, যেতিয়া অভিমান নোহোৱা হৈ মাত্ৰ এৰা ধৰা হে বাকী ৰয়, তেনে সম্পৰ্ক শেষ হ'বলৈ বেছি সময় নালাগে। গতিকে ভালপোৱাৰ মাজে মাজে বেয়াও পাই থাকক। মাত্ৰ আপোন মানুহখিনি সদায় আপোন হৈ থাকক। "তোমাক বেয়া পাইছোঁ" বুলি ক'ব পৰাকৈ মানুহবোৰ কাষত থাকক।


শুনিবলৈ অকণমান বেয়া হ'লেও এটা সঁচা কথা কওঁ? আপুনি যেতিয়া অকলশৰীয়া হৈ থাকে ন, তেতিয়াই আপোনাৰ কাষলৈ ভুল ব্যক্তিজন আহে। অৱশ্যে কাৰোবাৰ ক্ষেত্ৰত নহ'বও পাৰে, কিন্তু বেছি ভাগৰ ক্ষেত্ৰতে হয়। কাৰণ অকলশৰীয়া সময়ত আমি মানুহ চিনিব নোৱাৰা হওঁ।  ( Assamese Viral Post )


কোনোবাই মৰমৰ মাত এষাৰ দিলেই পমি যাওঁ। তেওঁক বিশ্বাস কৰি লওঁ। এখন এখন কৈ খুলি দিওঁ মনৰ দুৱাৰ। জীৱনৰ পৃষ্ঠাবোৰ লুটিয়াই কৈ যাওঁ তেওঁক। আৰু তাৰ পাছত, পুতলাৰ দৰে খেলি খেলি আমনি লগৰ পাছত তেওঁ আমাক দলিয়াই থৈ আঁতৰি যায়। 


তেওঁৰ অৱসৰ বিনোদনৰ সামগ্ৰী হিচাপে আমি পৰি ৰও কোনোবা এচুকত। আকৌ সেই একেই একাকীকত্ব, চকুপানী আৰু এন্ধাৰ। 


সেয়ে কওঁ, নিসংগ হৈ আছে বুলিয়েই এনে কাৰোবাৰ বাবে দুৱাৰ খুলি নিদিব যি আপোনাৰ থকাখিনিও ভাঙি ছিঙি শেষ কৰি যায়। কাৰণ আজিকালি মানুহে চিনেমাতকৈও আনৰ জীৱনৰ কাহিনী শুনি বেছি ভাল পায়। অকল শুনাই নহয়, দুদিনমানৰ বাবে নিজে সেই কাহিনীৰ চৰিত্ৰ হৈও চাই। আৰু আমনি লাগিলেই, প্ৰস্থান। 


আপুনি ৰৈ যায় আপোনাৰ সৈতে। গতিকে নিঃসংগতাক স্বীকাৰ কৰক, হতাশ হৈ যাকে তাকে জীৱনত আদৰি লোৱাৰ সলনি নিজক মজবুত কৰি গঢ়ি লওক।কাৰণ আপুনি নাজানে, আপোনাক আঘাত কৰিবৰ বাবে কোন কোন আপোনাৰেই আশে পাশে ফুৰিছে। যদি ফুলিবই লাগে গোলাপ হৈ ফুলক, যাতে আপোনাক ছিঙিবলৈ অহা প্ৰতিখন হাতক তেজেৰে ৰাঙলী কৰি দিয়াৰ শক্তি থাকে।


✍️কৌশিক


উৎস : ফেচবুক 


বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি  ইত্যাদি  আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ  মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।


 ( Assamese Viral Post )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

No comments:

Post a Comment

Advertisement

Pages