পিয়াজ আৰু নহৰুক আয়ুৰ্বেদত ব্যৱহাৰ নকৰাৰ কাৰণ জানো আহক : Assamese Health Tips - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 13, 2022

পিয়াজ আৰু নহৰুক আয়ুৰ্বেদত ব্যৱহাৰ নকৰাৰ কাৰণ জানো আহক : Assamese Health Tips

Assamese Health Tips


পিয়াজ আৰু নহৰু যদিও ঔষধীয় গুণসম্পন্ন হয় , তথাপিও আয়ুৰ্বেদত ইয়াক ব্যৱহাৰ কৰা নহয় । আনকি কোনো ধৰণৰ পূজা-পাতল বা দৈৱিক কাৰ্য্যত পিয়াজ আৰু নহৰু ব্যৱহাৰ কৰা নহয় । ( Assamese Health Tips ) 


যিসকল মানুহ বিশুদ্ধ নিৰামিষাহাৰী হয় , তেওঁলোকেও পিয়াজ আৰু নহৰু নাখায় । দিগম্বৰ জৈন সকলেও পিয়াজ নহৰু আদি নাখায় ।  ব্ৰহ্মকুমাৰী , অনুকূল ধৰ্মত পিয়াজ আৰু নহৰুক বৰ্জন কৰা আছে । 


ইয়াৰ কাৰণ কি জানেনে ? 


পিয়াজ আৰু নহৰুৰ ব্যৱহাৰ নকৰাৰ এটা পৌৰাণিক কাহিনী আছে । 


সাগৰ মন্থনৰ পিছত বিষ্ণুই মোহিনী ৰূপ ধাৰণ কৰি অমৃত যেতিয়া দেৱতাসকলৰ মাজত বিতৰণ কৰি আছিল , তেতিয়া দেৱতাৰ শাৰীত ৰাহু নামৰ অসুৰ এটাই দেৱতাৰ ৰূপ ধাৰণ কৰি দেৱতাৰ শাৰীত বহিছিল । ( Assamese Health Tips )


অসুৰ ৰাহুক বাকীবোৰে চিনি পোৱা নাছিল । কিন্তু চন্দ্ৰ আৰু সূৰ্য্যই চিনি পাই বিষ্ণুক ইংগিত কৰাত বিষ্ণুই সুদৰ্শন চক্ৰৰ দ্বাৰা ৰাহুৰ গল কাটি দিয়ে । ৰাহুৰ মুখেৰে তেজৰ লগতে কেইটুপালমান অমৃটো পৃথিৱীত পৰিছিল । যত পিয়াজ নহৰু গজিছিল । 


পিয়াজ আৰু নহৰু সেইবাবে অমৃতৰ সমান ঔষধযুক্ত হোৱা সত্বেও ইয়াক বৰ্জন কৰা হয় হিন্দু ধৰ্মত ।  পিয়াজ আৰু নহৰুক অসুৰীক চিকিৎসা  বা অসুৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় । আয়ুৰ্বেদত ব্যৱহাৰ কৰা নহয় । আয়ুৰ্বেদ হল দৈৱিক চিকিৎসা বা দেৱতাৰ চিকিৎসা পদ্ধতি । 


বিশ্বত কিছুমান চিকিৎসা এতিয়াও আছে , যিবোৰত জন্তুৰ তেজ , হাড় , জন্তুৰ তেজৰ পৰা উলিয়াই লোৱা বিভিন্ন ধৰণৰ ঔষধ ব্যৱহাৰ হয় । সেই চিকিৎসা পদ্ধতিক অসুৰীক বা অসুৰৰ চিকিৎসা বুলি কোৱা হয় ।  আধুনিক  চিকিৎসা পদ্ধতিত এনে কিছুমান জন্তুৰ হাড় , মাংস , তেজ আদিৰ ব্যৱহাৰ কৰা ছবি, যিবোৰ হিন্দু ধৰ্মত সম্পূৰ্ণ বৰ্জিত হয় ।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা পংকজ পাঠকৰ দ্বাৰা ফেচবুকত আগবঢ়োৱা আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।  ( Assamese Health Tips )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

No comments:

Post a Comment

Advertisement

Pages