কেতিয়াবা এনেকুৱা হয় নে, এই ধৰক কিবা এটা প্রিয় কাম আপোনাৰ কৰাৰ খুব ইচ্ছা। সকলো সুযোগ সুবিধা থকাৰ পাছতো আপোনাৰ এলাহ বা আন সৰু কিবা কাৰণত কৰা নহ'ল, পাছত কেতিয়াবা কৰিম বুলি পেলাই থলে। ( Assamese Viral Post )
কেতিয়াবা আকৌ ধৰক কোনোবা এজনক লগ কৰাৰ কথা, সকলো ঠিকেই মিলি থকাৰ পাছতো সেই সৰু অজুহাতত "এস, হ'ব আকৌতো লগ পামেই" বুলি আঁতৰি থাকিল।
কাৰোবাক কিবা এটা ক'বলৈ খুব ইচ্ছা থকাৰ পাছতো ভয়, সংকোচ বা আন কিবা কাৰণত পাছত ক'ম বুলি থৈ দিলে। হৈছে চাগে ন! মনত পেলাওক চোন, এনেকৈ পাছলৈ থৈ দিয়া কিমান কাম সম্পূৰ্ণ হৈছে গৈ? লগ কৰা হয় নে পাছত? ক'ব পৰাকৈ কাষত থাকে গৈ নে মানুহ?
কোনো কোনোৰ ক্ষেত্ৰত হয়তো থাকে। বেছিভাগৰ বাবে নাথাকে। সেয়ে কওঁ, সময় থাকোতেই ভাল লগাবোৰ, ভাল পোৱাবোৰ কৈ পেলাওক কৰি পেলাওক। কাৰণ কি জানে, সময় সলনি হওঁতে সময় নালাগে। পাছত লগ কৰিম বুলি ভাবি থোৱা বন্ধুজন হয়তো পাছলৈ লগ কৰিব পৰাকৈ বন্ধু হৈ নাথাকে।
ক'ম বুলি সাঁচি থোৱা কথাষাৰৰ মানুহজন হয়তো কথাই ঢুকি নোপোৱাকৈ আঁতৰি যায়। নাথাকে, কোনো একে হৈ নাথাকে। না আপুনি, না মই, না সময়। তাৰ মাজতো যদি কিবা কৈ আপুনি একে হৈ ৰৈ দিলে, তেন্তে প্ৰতি মুহূৰ্ততে এসোপা যন্ত্ৰণা ৰৈ থাকিব আপোনাৰ বাবে।
এইখন পৃথিৱী সলনি হোৱাৰ পৃথিৱী। একে হৈ থকাৰ বাবে নহয়। বতৰৰ দৰে সলনি হৈ থাকক, আপুনি আগুৱাই গৈ থাকিব পাৰিব। এবাৰ যদি ৰৈ দিয়ে চাৰিওফালে অচিনাকি মুখে আগুৰি ধৰিব। সেয়ে কৈছোঁ, সময় আহিব বুলি ৰৈ নাথাকিব। সময়ে কাক কেতিয়া কাৰ পৰা কাঢ়ি নিয়ে কোনেও নাজানে।( Assamese Viral Post )
কেতিয়াবা এনেই কথা পাতিবলৈ মন যায়। কোনো কাৰণ নাই, কোনো বিষয় নাই, কোনো সময় নাই। এনেই কথা। ভালপোৱাৰ কথা, হুমুনিয়াহৰ কথা, চকুপানীৰ কথা, হাঁহিৰ কথা, জোনাকৰ কথা, এন্ধাৰৰ কথা, গানৰ কথা, উপন্যাসৰ কথা, আজিৰ কথা, এৰি অহা কালিৰ কথা, আহিব লগা কাইলৈৰ কথা।
অনর্গল পাতি যাবলৈ মন যায়। বুকুখন পাতল নোহোৱালৈকে পাতি থাকিবলৈ মন যায়। ঘড়ীটোলৈ নোচোৱাকৈ পাতিবলৈ মন যায়। কিন্তু ফোনটোৰ নম্বৰবোৰ এটা এটাকৈ চাই চাই শেষ হোৱাৰ পাছত কথা পাতিবলৈ সেই নিজৰ হুমুনিয়াহটোহে ৰৈ যায়। এনেকুৱাতে জীৱনে বিশেষজন বিচাৰে।
নাই নাই, প্ৰেম বুলি কৈ ভুল নকৰিব। তেওঁ যিকোনো হ'ব পাৰে, কোনোবা বন্ধু নাইবা পৰিয়াল। মাত্ৰ বিচাৰৰ তুলাচনীত অনুভৱৰ দৰ দাম নকৰা এজন হওক, সময়ৰ আলোচনীত আৱেগৰ কৌতুক নিলিখা এজন হওক,সেয়ে যথেষ্ট।
যদি আপোনাৰ কাষত এনে কোনো আছে, বৰ যতনেৰে ৰাখক। কাৰণ নিজে নিজৰ বন্ধু হোৱা মানুহবোৰে, বাহিৰে যিমান কঠিন হ'লেও ভিতৰি এখন যন্ত্ৰণাৰ নৈত ওপঙি ফুৰে, সংগোপনে।
✍️কৌশিক
উৎস : ফেচবুক
বি:দ্ৰ: আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা বা বাতৰি ইত্যাদি আমাৰ ৱেবচাইটত প্ৰকাশ কৰিব বিচাৰে তেন্তে আপোনালোকৰ লেখাসমূহ আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালনা সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্স প্রেৰণ কৰিবলৈ আহ্বান জনালো নিবাৰ্চিত লেখাসমূহ লেখকৰ নাম আৰু ছবিসহ আমাৰ ৱেবচাইটত প্ৰকাশ কৰা হব ।
( Assamese Viral Post )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment