কেইজনমান ব্ৰাহ্মণৰ বাবে যিসকলে ব্ৰাহ্মণ সমাজক নিন্দা কৰি আছে তেওঁলোকৰ প্ৰতি পংকজ পাঠকৰ এটা সামান্য লিখনি । ( Assamese Fact )
ৰামে অযোধ্যা এৰি বনবাস যোৱাৰ পাছত ভৰতে দেশ চলাব নোৱাৰা হৈছিল । অযোধ্যাৰ চাৰিওফালে আলাই-আহুকাল আৰু দুৰ্ভিক্ষই দেখা দিছিল । তাৰ পিছত ভৰতে ৰামক বিচাৰি চিত্ৰকূট পৰ্বত পালে ।। ভৰতে ৰামক অযোধ্যাৰ দুৰ্গতিৰ কথা বৰ্ণনা কৰি কলে আৰু তেওঁ ঘূৰি অযোধ্যালৈ নাযায় বুলি কলে ।
তেতিয়া ৰামে ভৰতক বুজনি দি ভৰতক দেশ চলোৱাৰ শিক্ষা দিবলৈ গৈ ৰামে ভৰতক কেইটামান প্ৰশ্ন সুধিছিল ।
তাৰে ভিতৰত এটা প্ৰশ্ন আছিল
ভৰত তুমি ৰাজ্যত গুৰু , আচাৰ্য্য , অগ্ৰজ , পুৰোহিত সকলোকে সন্মান কৰানে ?
ভৰতে উত্তৰ দিছিল , হয় মই এই সকলোবোৰৰ সন্মান কৰিলেও পুৰোহিতৰ সন্মান মোৰ দ্বাৰাই নহব যেন লাগে ।
মোৰ মনত এটা আশংকা আছে যে পুৰহিতে কেৱল কৰ্মকাণ্ড হে কৰায় , গতিকে পুৰোহিত ইমান সন্মানৰ যোগ্য যেন নালাগে ।
যিহেতু ভগৱান প্ৰতিটো কণ ব্যাপী আছে , যিহেতু ভগৱান জীৱ মাত্ৰৰ হৃদয়ত আছে , ভক্তি কৰিলেই ঈশ্বৰক পোৱা যায় ,তাৰ পিছতো এই কৰ্মকাণ্ডৰ দৰকাৰ কিবা আছে বুলি মই নাভাবো ।
ইয়াৰ পিছত ৰামে কৈছিল ভৰতক :
চোৱা ভৰত , এই পুৰোহিতেই হল তোমাৰ ৰাজ্যৰ অৰ্থব্যৱস্থাৰ মেৰুদণ্ড ।
এখন ৰাজ্যৰ গোটেই অৰ্থব্যৱস্থা আৰু কৰ্ম সংস্কৃতি পুৰোহিতৰ ওপৰতহে চলে । পুৰহিত নহলে ধর্মও নাথাকিব । ( Assamese Fact )
কিয়নো ,
ধৰ্মস্য মূলম অৰ্থম , অৰ্থস্য মূলম কামম ।।
যদি তোমাৰ অৰ্থব্যৱস্থা শক্তিশালী হয় , তেতিয়া তোমাৰ ধৰ্ম শক্তিশালী হৈ থাকিব আৰু এই অৰ্থব্যৱস্থাৰ মূল হল পুৰোহিত ।
যেতিয়া পুৰোহিত এজনে পুজা কৰে তেতিয়া প্ৰায় 108 বিধ বস্তুৰ দৰকাৰ হয় ।
খৰি , কাপোৰ , সেন্দুৰ , মাটিৰ বাচন , সূতা , ঘিউ , গুড় ,চাউল , তিল , বাঁহৰ চালনি , বাঁহৰ সৰঞ্জাম আদি কৰি 108 বিধ সামগ্ৰী অনা হয় ।
ভগৱানৰ আৰাধনা যদিও ভক্তিৰ দ্বাৰাই হয় , তথাপিও এই বস্তুবোৰ বনোৱা কাৰিকৰসকল বা খেতিয়কসকলৰো যাতে তেওঁলোকে বনোৱা বস্তুসমূহ বিক্ৰী হয় , তাৰ ব্যৱস্থা হৈছিল । এই আটাইবোৰ বস্তু নতুন আনিবলৈ কয় আৰু কোনো পুৰণি বস্তুৰ ব্যৱহাৰ নহৈছিল । ইয়াৰ দ্বাৰা সমাজত সৰু সৰু বেপাৰী , কাৰিকৰ , খেতিয়ক আদি সকলো শ্ৰেণীৰ লোকৰে উৎপাদন সামৰি লোৱা হয় ।
পুৰোহিতে যে এদিন ব্যৱহাৰ কৰিব এইবোৰ বস্তু তেনে নহয় , ইয়াক পৰম্পৰাৰ লগত জড়িত কৰি দি গৈছিল । যিকোনো উৎসৱ পাৰ্বনত , পূজা আদিত নতুন কাপোৰ ,নতুন বাচন বৰ্তন আদিৰ লগতে বিভিন্ন নতুন নতুন সামগ্ৰী লোৱাৰ ব্যৱস্থা এটা এই পুৰোহিতসকলৰ পৰাই চলি আছে সমাজত ।
এইদৰেই পুৰোহিতে দেশৰ অৰ্থ ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপে থিয় হৈ থাকে।
তাৰ পিছত ভৰতৰ প্ৰশ্ন আছিল ,
মই বহুতো পুৰোহিতক অৰ্থৰ বিনিময়ত কৰ্ম কাণ্ড কৰা দেখিছোঁ , তেওঁলোকো সন্মানৰ যোগ্য হয়নে ?
তেতিয়া ৰামে কৈছিল যে যিজন পুৰোহিতে অৰ্থৰ বিনিময়ত কৰ্মকাণ্ড কৰিবলৈ আহে , তেনে পুৰোহিতক প্ৰশ্ৰয় নিদিয়া ভাল । পুৰোহিতে কেতিয়াও অর্থৰ লোভত কৰ্ম কাণ্ড কৰিব নালাগে । পুৰোহিতে যিজন মানুহৰ ঘৰত কৰ্মকাণ্ড কৰিব গৈছে , সেই ঘৰ মানুহৰ ঘৰত পানী এটুপাল খোৱাটোও লোভ বুলি কয় । পুৰহিতে যোৱাৰ পথত বা উভতি অহাৰ পথত নদী , পুখুৰী আদিৰ পানী খাব পাৰে।
এই কথাখিনি ব্ৰিটিছে আমাৰ এখন সুন্দৰ সমাজ ব্যৱস্থাক ভাঙি দিবৰ বাবে পুৰোহিতক বিভিন্ন ধৰণে তাচ্ছিল্য কৰি , সমাজত উচ্চ নিচ ভেদভাৱ প্ৰচাৰ কৰা বুলি , সৰু জাতিৰ ঘৰত পানীও নাখায় বুলি প্ৰচাৰ কৰি সমাজখন জাত পাতত ভাঙি দিছিল ।
সেই তেতিয়াৰ পৰা আজিলৈ আচল কথাখিনিৰ অৰ্থ বুজি নাপাই সময়ে সময়ে ব্ৰাহ্মণ , পুৰোহিতক বিভিন্ন প্ৰকাৰে নিন্দা কৰি আহিছে ।
আজিও বজাৰত যেতিয়া মন্দাবস্থা আহে , তেতিয়া সমাজৰ প্ৰতিটো স্তৰৰ মানুহে এই পুৰোহিতে বনাই যোৱা অৰ্থ ব্যৱস্থাৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয় ।
পূজা আহিব কাপোৰ বিক্ৰী হব , পূজা আহিব গাড়ী বিক্ৰী হব , পূজাত টিভি লম , পূজাৰ আগতে ঘৰটো বনাই লম , পূজা আহিলে ঘৰটো ৰঙ কৰি লম ইত্যাদি ইত্যাদি ।
এইবোৰৰ লগত জড়িত হৈ থকা supply chain , তাৰ লগত জড়িত হৈ থকা industry , কাৰিকৰ আদি সকলো আছেই ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা পংকজ পাঠকৰ দ্বাৰা ফেচবুকত আগবঢ়োৱা ।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Assamese Fact )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment