চৰ্দি নলগাটো ভবিষ্যতৰ brain tumor ৰ লক্ষণো হব পাৰে । যদি আপোনাৰ শিশুটিৰ সময় মতে 'পানীলগা ' নহয় , বা দুই তিনিমাহৰ মূৰত এবাৰো ' পানীলগা ' নহয় , তেন্তে আপুনি এইটো সাধাৰণ কথা বুলি ধৰি নলব । ( Assamese Health Tips )
যিদৰে এটা গিলাছত পানী ঢালি থাকিলে এটা সময়ত উপচি পৰে ,ঠিক সেইদৰে আমাৰ শৰীৰটো বিশেষকৈ বুকুৰ পৰা ওপৰৰ অংশত জমা হোৱা পানী সময়ে সময়ে ওলাই গৈ থাকিব লাগে ।
সাধাৰণতে এই পানী ভগৱানে সৃষ্টি কৰা শৰীৰৰ পৰা ' পানীলগা ' হৈ সময়ে সময়ে শৰীৰৰ বাহিৰত ওলাই যায় । যদি এই পানী ওলাই যাব নোৱাৰে , তেন্তে বুজিব লাগিব যে কিবা গম্ভীৰ ৰোগৰ লক্ষণ এইয়া ।
বুকুৰ ওপৰৰ পৰা মুৰলৈকে কফৰ স্থান বুলি কোৱা হয় আয়ুৰ্বেদত । এই কফৰ স্থান বিশেষকৈ মগজুটো ঠাণ্ডা কৰি ৰখাৰ বাবে পানী জাতীয় তৰল পদাৰ্থ বিভিন্ন গ্ৰন্থীৰ দ্বাৰা উৎপাদন হৈ মগজুত আহি পৰে । এই পানীৰ দৰে পদাৰ্থ যি আমি সেঙুন বুলি কওঁ , এইবোৰে মগজু ঠাণ্ডা ৰখাৰ কাম কৰাৰ উপৰিও আমাৰ সকলো চিন্তা - ধাৰাক সুষ্ঠিৰ কৰি ৰাখে ।
এইবোৰ পনীয় দ্ৰৱ্য উৎপাদন হৈ এটা সময়ত বেছি হৈ গলে আমাৰ ' পানীলগা ' হৈ নাকেৰে বাহিৰ ওলাই যায় । যদি আমাৰ নাকেৰে এই দ্ৰৱ্য ওলাই যাব নোৱাৰে , নাইবা কৰবাত block থাকে তেন্তে সেই পানীবোৰ মগজুত থিতাপি লৈ tumor ৰ ৰূপ লয় আৰু সময়ত সেইবোৰেই কেঞ্চাৰ কৰিব পাৰে । ( Assamese Health Tips )
ইয়াৰ উপৰিও এই ভগৱানে বনোৱা শৰীৰত এটা বিশেষ process আছে । পানীলগা হৈ যদি এই পানী ওলাই যাব নোৱাৰে ,তেন্তে সেই ব্যক্তিজনৰ মিৰ্গী বা sizure হৈ এই অলাগতীয়াল পানীবোৰ সময়ে সময়ে ওলাই যায় । মিৰ্গী ৰোগ হোৱা মানুহবোৰ দেখিছে চাগে , কিছুসময় চেতনা হীন হৈ পৰি থাকে আৰু মুখেৰে পানীৰ দৰে দ্ৰৱ্য ওলাই যায় । এইটো সম্পূৰ্ণ ভগৱানে বনোৱা system , যাতে মানুহজনক বচাই ৰাখিব পাৰি ।
এইধৰণৰ ৰোগী সকলে আধুনিক চিকিৎসাৰ নামত গোটেই জীৱন নষ্ট কৰি পেলায় । টকা পইচা সকলো খৰচ কৰিও ঠিক হব নোৱাৰে আৰু এটা অভিশাপ লৈ জীৱন অতিবাহিত কৰিব লগা হয়।
এতিয়া মূল কথাটো আলোচনা কৰোঁ ।।
এইবোৰ আৰম্ভ হয় সৰু বা শিশু অৱস্থাতে । শিশুৰ ৰোগ আৰম্ভ হয় তেতিয়াৰ পৰাই , যেতিয়া মালিছ কৰা বন্ধ কৰে । মালিছ কৰা বন্ধ কৰিলে শিশুৰ মগজুৰ পৰা নাকলৈ সেঙুণ পৰিবাহী কৰা গ্ৰন্থী। শুকাই বন্ধ হৈ যায় । এই যে পানীৰ দৰে দ্ৰৱ্যবোৰ মগজুত চলা - ফুৰা কৰে , এইবোৰ অলপ ঠাণ্ডা পালেই বা অলপ বতাহ পালেই শুকাই যায় । এই দ্ৰৱ্যবোৰ শুকালে টান হৈ পৰে আৰু। গ্ৰন্থী বন্ধ কৰি দিয়ে । পাছত সেই গ্ৰন্থীৰে পানীয় দ্ৰৱ্যবোৰ পৰিবাহী কৰিব নোৱাৰি মগজুৰ ভিতৰতে tumor হোৱাৰ উপৰিও ওপৰত উল্লেখ কৰা ৰোগবোৰ হয় ।
এইদৰে গ্ৰন্থী বন্ধ থকা বা block থকা শিশুৰ কিছুমান মানসিক ৰোগী , কিছুমান মিৰ্গী ৰোগী , কিছুমানৰ brain tumor আদিৰ উপৰিও বিভিন্ন ধৰনৰ মগজুৰ বিকাৰ হয় ।।
ভবিষ্যতে আপোনাৰ শিশুৰো এনেকুৱা নহবলৈ আজিয়ে ধ্যান দিয়ক । শিশুটিয়ে ভালদৰে উশাহ লব পাৰিছেনে , সময়ে সময়ে পানীলগা হৈ আছেনে , মুখেৰে উশাহ লৈছে নেকি আদি বিষ়বোৰ চাওঁক । আটাইতকৈ ডাঙৰ কথাটো হল মালিছ । ঠাণ্ডা কি গৰম কি , শিশুক মালিছ কৰাটো অত্যন্ত দৰকাৰী ।
কলজিৰা তেল লওক আৰু গৰমৰ দিনত নাৰিকল তেলৰ লগত মিহলাই মালিছ কৰক আৰু ঠাণ্ডাৰ দিনত মিঠাতেলৰ লগত মিহলাই মালিছ কৰক । এবাৰ ৰাতিপুৱা গা ধুৱাৰ আগত আৰু এবাৰ ৰাতি টোপনি অহাৰ সময়ত ।
শিশুক AC/Fan আদিৰ পৰা যিমানে দূৰৈত ৰাখিব , সিমানে সুস্থ হৈ থাকিব । কিয়নো শিশুৰ 14 বছৰ বয়সলৈকে কফৰ প্ৰবৃত্তি থাকে শৰীৰত । মানে 14 বছৰ বয়সলৈকে শিশুৰ শৰীৰ ঠাণ্ডা থাকে । গতিকে সিঁহতৰ গৰম লাগিছে বুলি মালিছ নকৰাকৈ নাথাকিব আৰু Fan ৰ তলত শুবলৈ নিদিব ।
দৈনিক বিলোনা ঘিঁউ নাকত দিয়াটো খুব দৰকাৰ । কাৰণ যদি কৰবাত block হৈছে ,তেন্তে এই বিলোনা ঘিউ নাকত দিলে সেই block খোল খায় ।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ উক্ত লেখা সন্মানীয় আচাৰ্য পংকজ পাঠক ডাঙৰীয়াৰ দ্বাৰা আগবঢ়োৱা হৈছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ। ( Assamese Health Tips )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment