ভগৱান শংকৰে-গণেশৰ মস্তক-ইমান আৱেশ আৰু ক্ৰোধত কাটিছিল যে-গণেশৰ মস্তক পৃথিৱীৰ এক পাতালত গৈ পৰিছিল।এই পাতাল এক গুফাত অৱস্থিত। ( Religious Studies )
এই গুফাত আজিও গণপতিৰ কটা মস্তক আছে।এই গুফা উত্তৰাখণ্ডত আছে।উত্তৰাখণ্ড ৰাজ্যৰ পিথৰাগড় জিলাত স্থিত এই গুফাৰ নাম-পাতাল ভূৱনেশ্বৰ হয়।ভগৱান শিৱই যেতিয়া-গণপতিৰ মস্তক কাটিলে-তেতিয়া কোনেও নাজানিলে যে-এই মস্তক কত গৈ পৰিল।কোৱা হয় যে-সেই সময়ত যেতিয়া-মহাদেৱৰ দূতে মস্তক বিচৰাত বিচাৰি নাপালে-তেতিয়া ভগৱান শংকৰে ভগৱান গণেশক গজ মূৰ লগালে।
*পাতাল ভূৱনেশ্বৰ গুফাৰ লগত জড়িত কথাৰে-
১)পাতাল ভূৱনেশ্বৰৰ গুফা বহুত বিশাল পহাৰৰ মাজত আছে।আৰু এই গুফা মাটিৰে পৰা-৯০ফিট গভীৰত আছে।
২/এই গুফাত বহুত অদ্ভুত তথ্য আগলৈ আহে।পৌৰাণিক কথা অনুসাৰে বহু সাক্ষী আছে।যিয়ে গণপতিৰ মস্তক কটাৰ লগত জড়িত ঘটনাৰ কথা কয়।
৩/সৰ্বপ্ৰথম এই গুফাৰ খোজ-আদিশংকৰ আচাৰ্যই কৰিছিল।আৰু তেতিয়া এই কথা গম পোৱা গৈছিল যে-গণপতিৰ মস্তক ইয়াতে পৰিছিল।
৪/মান্যতা অনুসাৰে এই গুফাত পোৱা-চাৰিটা পাথৰ-চাৰি যুগৰ প্ৰতিনিদ্ধিত্ব কৰে।মান্যতা আছে-চতুৰ্থ পাথৰটো কলিযুগৰ প্ৰতীক হয়। ( Religious Studies )
৫/দিনে দিনে-এই চতুৰ্থ পাথৰটো বাঢ়ি থাকে।পৌৰাণিক মান্যতা অনুসাৰে-যিদিনা চতুৰ্থ পাথৰটোৱে গুফাৰ দুৱাৰ চুব,সেইদিনা কলিযুগৰ অন্ত হব।
৬/গুফাৰ ভিতৰক পাতালক মনা হয় যে- বহুত পৌৰাণিক ৰহস্য লুকাই আছে।এই গুফালৈ যোৱা ভক্তই সেই পৌৰাণিক কথাবোৰ-নিজৰ চকুৰে দেখা পায়।
৭/গফাৰ ভিতৰত গণেশ ভগৱানৰ মস্তক-মূৰ্তিৰ ৰূপে স্থাপিত আছে।মনা হয় যে-গণপতিৰ মস্তক আহি এই পাতালতে পৰিছিল।
৮/ভগৱান গণেশৰ মস্তকৰ ওপৰত-১০৮ পাহিৰ ব্ৰহ্মকমল দেখা যায় আৰু এই বহ্মকমলৰ পৰা ভগৱান গণেশৰ কটা মস্তকৰ ওপৰত সদায়ে জল পৰি থাকে।ব্ৰহ্মকমল এইবাবে কোৱা হয় যে-কাৰত মান্যতা আছে যে-এই ব্ৰহ্মকমলৰ স্থাপনা স্বয়ং মহাদেৱে কৰিছিল।
৯/পাতাল ভূৱনেশ্বৰ গুফাত বদ্ৰীনাথ,কেদাৰনাথ আৰু অমৰনাথৰ প্ৰতিমাও বিৰাজিত আছে।প্ৰথম স্থান হয় যত-তিনিও প্ৰতিমা একেলগে দেখিবলৈ পোৱা যায়।
১০/গুফাৰ ভিতৰত শ্ৰুেচ নাগ তক্ষক নাগৰ প্ৰতীকো দেখিবলৈ পোৱা যায়।লগতে বদ্ৰী পঞ্চায়তত লক্ষ্মী-গণেশ,যম-কুবেৰ,তথা বৰুণ-গৰুড়ৰো বিৰাজিত আছে।
১১)গুফাৰ ভিতৰত অমৰনাথো বিৰাজিত।ভগৱান শিৱৰ জঁটা পাথৰ পৰি থকা দেখা যায়।এই গুফাৰ ওচৰত-কালভেৰৱৰো দৰ্শন কৰিব পৰা যায়।
*মান্যতা অনুসাৰে-কালভেৰৱৰ জিভা-নুমা গুফাৰ লগত জড়িত।যদি কোনো ব্যক্তিয়ে-তেওঁৰ গৰ্ভৰ ভিতৰৰ দ্বাৰা প্ৰৱেশ কৰি-নেগুৰৰ লৈকে যাব পাৰে-তেতিয়া সেইজনে মোক্ষৰ প্ৰাপ্তি হয়।(সংগ্ৰহিত)।
এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
No comments:
Post a Comment