জ্যোতিষ শাস্ত্ৰ মতে সপ্তাহৰ ৭টা দিনত এই বস্তুসমূহৰ সেৱন কৰাটো শুভ মনা নহয় : Religious Studies - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, August 13, 2022

জ্যোতিষ শাস্ত্ৰ মতে সপ্তাহৰ ৭টা দিনত এই বস্তুসমূহৰ সেৱন কৰাটো শুভ মনা নহয় : Religious Studies

Religious Studies


বাৰ অনুসাৰে-এই বস্তুৰ সেৱন কৰিব নালাগে।নহলে গ্ৰহ দোষৰ সমস্যাৰ সন্মুখীন হবলগীয়া হয়। ( Religious Studies )


জ্যোতিষ শাস্ত্ৰ অনুসাৰে-গ্ৰহ,নক্ষত্ৰ,বাৰ আৰু তিথি আদিয়ে আমাৰ জীৱনত বহুত প্ৰভাৱ পেলায়।এনেতে জ্যোতিষ শাস্ত্ৰ মতে সপ্তাহৰ ৭টা দিনত এই বস্তুসমূহৰ সেৱন কৰাটো শুভ মনা নহয়।


*বাৰ,তিথি,গ্ৰহ,নক্ষত্ৰ,এই সকলোবোৰে ব্যক্তিৰ জীৱনত বহুত প্ৰভাৱ পেলায়।সেইবাবে গ্ৰহক অনুকূল ভাৱে ৰাখিবলৈ জ্যোতীষ শাস্ত্ৰত বহু উপায়ৰ কথা কোৱা হৈছে।মান্যতা অনুসাৰে সপ্তাহৰ ৭টা দিনৰ সম্বন্ধ কোনো গ্ৰহৰ লগত জড়িত থাকে।জ্যোতীষ শাস্ত্ৰৰ মতে-কিছু এনে বস্তু আছে-যি সপ্তাহৰ এই ৭দিনৰ কোনো নহয় কোনো এটা বাৰত সেৱন কৰাটো শুভ মনা নাযায়।অন্যথা কুণ্ডলীত গ্ৰহৰ স্থিতি দুৰ্বল হয়।


*বাৰ অনুসাৰে কি কি বস্তু সেৱন কৰিব নালাগে!


*সোমবাৰ-

সোমবাৰৰ সম্বন্ধ চন্দ্ৰ গ্ৰহৰ লগত মনা হয়।সেইবাবে সোমবাৰৰ দিনা-জ্যোতীষ শাস্ত্ৰ অনুসাৰে চেনীৰ সেৱন কৰাটো অশুভ মনা হয়।


*মংগলবাৰ-

কুণ্ডলীত মংগল গ্ৰহ সাহস,পৰাক্ৰম আৰু নিদৰতাৰ কাৰক মনা হয়।আৰু সেইবাবে মংগল গ্ৰহৰ স্থিতিক শক্তিশালী কৰি ৰাখিবলৈ-মংগলবাৰৰ দিনা ঘীউ সেৱন কৰাটো শুভ নহয়। ( Religious Studies )


*বুধবাৰ-

বুধ গ্ৰহ জাতকৰ বাণী,বুদ্ধি আৰু চতুৰৰ কাৰক মনা হয়।সেইবাবে বুধ গ্ৰহক প্ৰবল কৰি ৰাখিবলৈ-বুধবাৰৰ দিনা সেউজীয়া শাক-পাচলি সেৱন কৰিব নালাগে।কিন্তু বুধবাৰৰ দিনা সেউজীয়া শাক-পাচলি দান কৰিলে জীৱনলৈ সুখ-সমৃদ্ধি আহে।


*গুৰুবাৰ-

গুৰুবাৰৰ দিনা বৃহস্পতি দেৱ আৰু ভগৱান বিষ্ণুক সমৰ্পিত কৰা হয়।এইদিনা কলৰ দান কৰাটো শুভ মনা হয়।কিন্তু গুৰুবাৰৰ দিনা-কল আৰু গাখীৰৰ সেৱন কৰিব নালাগে।


*শুক্ৰবাৰ-

শুক্ৰবাৰৰ দিনা দেৱী লক্ষ্মীৰ পূজা কৰা হয়।সেইবাবে এইদিনা সু-স্বাস্থ আৰু শুক্ৰগ্ৰহৰ শক্তিশালীৰ বাবে-টেঙা বস্তুৰ ত্যাগ কৰিব লাগে।


*শনিবাৰ-

শনিবাৰৰ দিনা শনিগ্ৰহৰ ক্ৰো প্ৰভাৱৰ পৰা ৰক্ষা পাবলৈ তেল দান কৰাটো শুভ মনা হয়।জ্যোতীষ শাস্ত্ৰ অনুসাৰে-শনিবাৰৰ দিনা তেলত বনোৱা খাদ্য গ্ৰহণ কৰিব নালাগে।


*ৰবিবাৰ-

সূৰ্য গ্ৰহক ব্যক্তিৰ-কুণ্ডলীত স্বাস্থ,মান-সন্মানৰ কাৰক মনা হয়।সূৰ্য গ্ৰহৰ দোষৰ পৰা মুক্তি পাবলৈ-ৰবিবাৰৰ দিনা নিমখৰ সেৱন কৰিব নালাগে।

(সংগ্ৰহিত)।


এনেধৰনৰ আৰু বহু নজনা কথা জানিবলৈ এই লিংকত ক্লিক কৰক - https://www.নজনা তথ্য.in


বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প  আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপৰ সদস্য হৈ তাত প্ৰকাশ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব। ( Religious Studies )


আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup


আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

1 comment:

Advertisement

Pages