দেবাদিদেৱ মহাদেৱৰ বিবাহ উপলক্ষে শিৱৰাত্ৰি তিথিটো বৰ ধুমধামেৰে মহাদেৱৰ নামত ব্ৰত ৰাখি শ্ৰদ্ধা সহকাৰে পূজা কৰা হয়( Shiv puja bidhi in Assamese )। শিৱ মন্দিৰক লৈ, মহাদেৱক লৈ বিশেষকৈ শাওণ মাহ আৰু শিৱৰাত্ৰিক লৈ যথেষ্ট উৎসাহিত হৈ থাকে শিৱভক্ত সকল।যুৱতী সকলে মহাদেৱৰ নামত ১৬ টা ব্ৰত ৰাখিলে উপযুক্ত বৰ পায়।মহাদেৱৰ পূজনে কেৱল মাত্ৰ উপযুক্ত বিবাহ প্ৰাৰ্থীয়ে নহয়, জীৱনত থকা বহুতো নক্ষত্রৰ দিশ আঁতৰোৱাত সহায় কৰে।
বিভিন্ন বাধা বিঘিনি আঁতৰাই জীৱনত সংগ্ৰাম কৰিবলৈ অন্তৰত সাহস আৰু বিশ্বাসৰ সৃষ্টি কৰে। মহাদেৱৰ পূজাই মানুহক চিন্তামুক্ত কৰে। পলপপপদৰিদ্ৰতা আঁতৰাই আৰোগ্য লাভ কৰায়। বৈবাহিক জীৱনত থকা বিবাদ দূৰ কৰাত সহায় কৰে। প্ৰতি মাহৰে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহাদেৱৰ পূজা কৰা হয়,যাক শিৱ চতুৰ্দশী পূজা বুলি কোৱা হয়।
শিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ পূজনৰ কিছু বিধি উল্লেখ কৰা হল..
১) মহাদেৱৰ পূজাৰ বাবে গা ধুই শুদ্ধ নিকা বস্ত্ৰ পিন্ধাটো নিতান্তই প্ৰয়োজন।
২/শিৱ লিংগত পানী গাখীৰ, মৌ,দৈ, ঘিঁ, আৰু চন্দনৰ প্ৰলেপেৰে পূজা দিব। এইভাৱে কৰা বিধিটো মহাদেৱৰ অভিষেক কৰা বুলি কোৱা হয়( Shiv puja bidhi in Assamese )।
৩/শিৱ লিংগত বেলপাত, পদুম ফুল, ধতুৰাৰ ফুল আৰু বগা ফুল অৰ্পণ কৰিব।
৪/ঘিউৰ চাকি জ্বলাব পাৰিলে ভাল যদিও মিঠা তেলৰ চাকিও জ্বলাব পাৰে। ধূপ জ্বলাব, লগতে কৰ্পূৰ জ্বলাই আৰতি কৰিব।বাদ্য হিচাপে টিলিঙা বজাব পাৰে।
৫/শিৱ লিংগত পূজা দিয়াৰ লগতে, গণেশ দেৱতা আৰু মা দুৰ্গাৰ আৰাধনা কৰিব। শিৱ লিংগত কেতিয়াও সেন্দুৰ বা অইন শৃংগাৰৰ সামগ্রী দান নকৰিব।
৬/শিৱ লিংগত পানী দিওঁতে, তাত তুলসী পাত মিশ্ৰিত নকৰিব।অথবা তুলসীৰ পানী শিৱ লিংগত অৰ্পণ নকৰিব।
৭/যদিহে আপুনি ঘৰত শিৱ লিংগ স্থাপন কৰিছে, তেন্তে লিংগৰ লগত নাগ জড়িত কৰি ৰাখিব।
৮/প্ৰসাদ হিচাপে পঞ্চামৃত অৰ্পণ কৰিব পাৰে। বেল ফল প্ৰদানে, মানুহৰ আশু আৰোগ্য কৰিব পাৰে। প্ৰত্যেক দিনাই অৰ্পণ কৰা বেল ফলে আপোনাৰ জীৱন দীৰ্ঘায়ু কৰিব।
৯/ঘৰত যদিহে শিৱ লিংগ স্থাপন কৰিছে তেন্তে আশে পাশে মা দূৰ্গা আৰু গণেশৰ ফটো বা মূৰ্তি ৰাখিব।।
১০) নাৰিকলৰ পানী শিৱ লিংগত নাধালিব। নাৰিকলৰ গোটাকে ফল হিচাপে আগবঢ়াব পাৰে।
( Shiv puja bidhi in Assamese )ঔঁ নমঃ শিৱাই
বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment