কি আচৰিত মানুহ অনিৰ্বাণ....? খঙতে জানিবা মই বাইদেউ ঘৰলৈ নাযাওঁ বুলি কলো ( Assamese story )। যাবৰ সময়ত মোক এবাৰলৈ হ'লেও সুধিব পাৰিলে হেঁতেন .....! ঠিক আছে ময়ো দেখুৱাই আছোঁ ......, কথাবোৰ ভাবি ভাবি লৰালৰিকৈ গদৰেজটো খুলি পাটৰ কাপোৰ এযোৰ উলিয়াই পিন্ধি হাতত বেগটো লৈ বাহিৰলৈ ওলাই আহিল ...... অনিৰ্বাণ ক'ত আছে আপুনি ...? মোৰ ওলাই হৈ গ'ল ...., শুনিছেনে ...., আহক আকৌ...... ! মৃণালিনীৰ চিঞৰ শুনি উৰ্মি ওলাই আহিল
: বৌ , দাদাটো কেতিয়াবাই ওলায় গ'ল....!
: কি.....? ময়টো ওলাই থকা দেখিছিল তেওঁ .... কি আচৰিত মানুহ চোৱাচোন উৰ্মি ....,
: কিন্তু বৌ আপুনি নাযাওঁ বুলি কোৱা নাছিল জানো.....!
: কৈছিলোঁ খঙৰ ভমকত কিন্তু তাৰ পাছতে মনটো বেয়া লাগি গল সেয়ে ওলাইছিলোঁ ।
বৰ ডাঙৰ কথা হ'ল , কি মানুহ এইজনী নিজেই এবাৰ নাযাওঁ বুলি কলে আকৌ দেখুন সাজি কাঁচি তমষ্কাৰ .....
.......তুমি একো নকলা যে উৰ্মি...?
: কবলৈ ভাষাই নাইকিয়া হ'ল ।
: ওলালোৱেই যেতিয়া মই হস্পিতালৰ পৰাই আহোঁ , আৰু শুনা নবৌৰ লগত মই ঘৰলৈ যামগৈ । ভাইটিক কৈ দিবা । দুদিনমান ঘৰতে থাকিম ।
: ঠিক আছে বৌ ।
দুৱাৰখন খুলি মৃণালিনী ভিতৰলৈ সোমাই গল পাটৰ কাপোৰযোৰ সলাই শাৰী এখন পিন্ধি নিজৰ দোষবোৰ লুকোৱাবলৈ বায়েকলৈ ফোন লগালে...
: হেল্ল' বা , ভালে আছে নে ....?
: ভাল, ভাল, তোৰ কেনে...?
: ভাল বুলিনো কেনেকৈ কওঁ বৰ লাজ পালোঁ আজি উৰ্মিৰ আগত , অনিৰ্বাণ আপোনালোকৰ ঘৰলৈ গৈছে মই ওলাই হয় মানে মোক মাত নিদিয়াকৈ তেওঁ গুচিয়ে গ'ল । উৰ্মিয়ে ক'লত হে মই গম পাওঁ তেওঁ গ'ল বুলি .... ।
: কালি এওঁলৈ ফোন কৰি দুয়োটাই আহিম বুলি কৈছিল । এওঁ এতিয়া মোকেই বকিব..। বৰ পাগলামী কৰ তহঁতে । বাকী মাৰ খবৰ কচোন.....?
: ভাল , ভাল , উৰ্মিয়ে যিহে আল ধৰিছে , এনেকৈ হলে মা অতি সোনকালে সুস্থ হৈ উঠিব ।
: তেতিয়াটো ভালেই হ'ব ....
: নতুন কাৰণে দুদিনমান কাম কৰি দেখুৱাইছে আৰু অনিৰ্বাণহঁতক তেহে মৰম আদায় কৰিব পাৰিব ।
: কি ফালটু কথা কৈছ....! তই আজিলৈকে মাৰ মেখেলা এখন ধুই পাইছ নে .....!
: বা...! আপুনি কথাটো ভুলকৈ বুজিছে । মই কথাৰ কথাটোহে কৈছোঁ । এওঁক আকৌ মই ফোন কৰাৰ কথাটো কৈ নিদিব । এতিয়া ৰাখিছোঁ বা মায়ে মাতি আছে ......
: ঠিক আছে দে... মই ৰাতিকে ফোন কৰিম । ফোনটো কাটি দিছিল বায়েকে ।
এতিয়া কেনে পালা অনিৰ্বাণ...? পদূলি মুখতেই বায়ে তোমাক জকজকাই ধৰিব । তোমাৰ কিন্তু মুখখন চাবলগীয়া হ'ব দেই .... , হা:..... , হা:...., প্ৰাণখুলি হাঁহিলে মৃণালিনীয়ে ।
......উৰ্মি মই আহিছোঁ , ঘৰখনত তুমি অকলে থাকিবা চোৱা চিতা কৰিবলৈ অসুবিধা হ'ব সেয়ে মোৰ ৰূমটো লক কৰি দিলোঁ ।
: কিন্তু বৌ....!
: কোনো কিন্তু নাই , তোমাৰেই ভাল হ'ব কাম এটা কমিব । আহিছোঁ এতিয়া......
মৃণালিনী ওলাই যোৱাৰ পাছত বাৰাণ্ডাৰ চ'ফাটোতে বহিলৈ উৰ্মিয়ে ভাবিবলৈ ধৰিলে কথাবোৰ অনিমেষক কৈ দিওঁ নেকি ...! নাই নকওঁ..., মিছাতেই তেওঁৰ চিন্তা হ'ব..., বৌ কি আচৰিত মানুহ .....! ৰূমটো কিয় লক কৰি থৈ গ'ল .....? বৌয়ে বাৰু মোক বিশ্বাসত লব পৰা নাই নেকি.....? যদি দাদা কাইলৈ ঘূৰি আহে তেতিয়া কি হ'ব......! যি হয় হ'ব ..... । অদৰকাৰী কথাবোৰ ভাবি থকাতকৈ মই মোৰ কাপোৰ খিনি সামৰি লওঁ ........ উৰ্মি ৰূমলৈ উঠি যাব খোজোঁতেই ফোনটো বাজি উঠিল ........., মাকে ফোন কৰিছে ..., স্ক্ৰীণত মা বুলি নামটো ভাঁহি অহাৰ লগে লগেই উৰ্মিৰ মুখত হাঁহি বিৰিঙি উঠিল....
: হেল্ল' মা , ভালে আছা নে.....!
: ভাল অ' আইজনী, তোৰ ভাল...?
: মোৰো ভালেই মা , দেউতাৰ কেনে....?
: ভালেই । বৰ দুখ কৰিছে দেউতাৰে । এতিয়া ঘৰত তেওঁ নাই , বজাৰলৈ গৈছে । সেয়ে তোলৈ ফোন লগালোঁ ।
: দেউতাই যদি বেয়া পায় তুমি মোলৈ ফোন কৰিব নালাগে মা, মই বেয়া নাপাওঁ । কিন্তু তোমাক যদি দেউতাই বেয়াকৈ কিবা এটা কয় তেতিয়াহে মই বৰ দুখ পাম । ভুল কৰিছোঁ যেতিয়া দেউতাই যি শাস্তিয়ে দিয়ে মই সকলো সহ্য কৰিম মা .... কান্দি কান্দি কলে উৰ্মিয়ে
: মই বুজি পাইছোঁ , তই চিন্তা নকৰিবি । সময়ত সকলো ঠিক হৈ যাব । মই দেউতাৰক বুজাম( Assamese story ) ।
: নালাগে মা , দেউতাই যদি অনিমেষক জোঁৱাই বুলি আকোৱালি নলয় তাত মোৰ কব লগা নাই । কিন্তু অভিশাপ নিদিবা ....
: তই কন্দা কটা নকৰচোন মাজনী , মই মাৰজনী হৈ কেনেকৈ আছোঁ তোক কেনেকৈ বুজাও । দেউতাৰক দেখুৱাই যদিও মই হাঁহি মাতি আছো কিন্তু ভিতৰি ভিতৰি একুৰা জুই দপদপকৈ জ্বলি আছে । দেউতাৰে তোক কিয় বেয়া পাইছ জান...! সৰুৰে পৰাই তই সকলোবোৰ কথাই দেউতাক কৈছিলি , কিন্তু অনিমেষৰ কথা তয় এবাৰো দেউতাৰক জনোৱাৰ প্ৰয়োজন বোধ নকৰিলি । দেউতাৰক কথাবোৰ কোৱা হ'লে অনিমেষলৈকে তোক বিয়া দিলেহেঁতেন.....!
: কথাবোৰ কম বুলি ভাবিছিলোঁ কিন্তু মই সাহস গোটাব নোৱাৰিলো ।
: হ'ব দে মাজনী , কোনোবা আহিছে । মই মাজে মাজে তোৰ খবৰ লৈ থাকিম তই চিন্তা নকৰিবি । ..... মাকৰো কথাবোৰ থোকাথুকি হৈ গৈছিল ।
: ঠিক আছে মা .... এতিয়া ৰাখিছোঁ দিয়া । ফোনটো কাটি দিয়াৰ পাছত শোকটোৱে উৰ্মিক হেঁচা মাৰি ধৰিছিল । শিতানৰ গাৰুটোকে সাৱটি উৰ্মিয়ে হিয়া উজাৰি কান্দিলে ।
......উৰ্মি এইফালে আহাচোন ! বৰ আমনি লাগিছে শুই শুই । অকণমান বাৰাণ্ডালৈকে উলিয়াই দিয়াহিচোন .....
: গৈছোঁ মা , কাম এটা কৰি আছোঁ অকণমান ৰ'ব...... শাহুৱেকৰ মাতষাৰ শুনি চকুপানীবোৰ মচি লাহেকৈ ওলাই আহিল উৰ্মি....... উঠক মা , উৰ্মিৰ মাতষাৰ শুনিয়ে শাহুৱেকে লাহেকৈ ভৰিদুখন বিচনাৰ পৰা নমাই হাত এখন আগবঢ়াই দিলে উৰ্মিলৈ ... উঠক মা ... , এখোজ দুখোজ কৰি ওলাই আহোঁতেই মাকৰ চকুত পৰিল অনিৰ্বাণৰ ৰূমৰ তলাটো
: মৃণা নাই নেকি উৰ্মি....
: বৌ হস্পিতালৈ গৈছে...., আপোনাক বৌয়ে নাই কোৱা নেকি মা....?
: মোক কিয় ক'বনো বেমাৰী মানুহ , গৈছে যাওঁক কিন্তু ৰূমটোত কিয় তলা লগাই গ'ল...?
: বৌ হস্পিতালৰ পৰা ঘৰলৈ যাব , দাদাও নাই , সেয়ে হয়টো ৰূমটো বন্ধ কৰি থৈ গৈছে ।
: অনিৰ্বাণহে নাই , আমিবোৰটো আছো...
: মা , বৌয়ে চাগৈ ভুলতে তলাটো লগাই থৈ গ'ল । আপুনি বহকচোন , মই তোলখন আনি দিওঁ ভৰি দুটা উঠাই থবলৈ ।
: নালাগে দে.. , বেয়া নোপোৱা যদি চাহ অকণ দিবা নেকি...!
: কিয় বেয়া পামনো মা...., ময়ো চাহ অকণ খাম বুলি ভাবিছিলোৱেই ...., আপুনি বহক মই সাউৎকৰি চাহকাপ বনাই আনো । ..বুলি কৈ উৰ্মি পাকঘৰত সোমাল , চাহৰ চ'চটো তুলিবলৈ লওঁতেই উৰ্মিৰ ফোনটো আকৌ বাজিল... উৰ্মি তোমাৰ ফোনটো বাজি আছে নেকি...!
: থাকক দিয়ক মা , দৰকাৰী ফোন হলে আকৌ কৰিব ।
: হ'লেও চাই লোৱাচোন , অনিৰ্বাণেও কৰিব পাৰে ....
: ঠিক আছে মা .... মই গৈছোঁ ...
পাকঘৰৰ পৰা ওলাই গৈ উৰ্মিয়ে ফোনটো চালে এটা নতুন নাম্বাৰৰ পৰা ফোন আহিছিল । কলবেক কৰিম বুলি ভাবোঁতেই ফোনটো আকৌ বাজিল ..... হেল্ল' কোনে কলে...?
: উৰ্মি মই দাদাই কৈছোঁ....
: উম দাদা কওঁক
: মই পালোঁহি অলপ আগতে , মাক কৈ দিবা নহলে মায়ে চিন্তা কৰি থাকিব । মৃণা ঘৰত আছে নে নাই ফোনটো বিজি হৈ আছে যে....
: বৌ হস্পিতাললৈ গৈছে দাদা ,
: ঠিক আছে বাৰু দিয়া । ফোনটো কাটি দিছিল অনিৰ্বাণে..
......... মা , দাদা পালেগৈ ভিনদেউহঁতৰ ঘৰ ,
কথাষাৰ কৈ উৰ্মি আকৌ পাকঘৰলৈ সোমাই গ'ল ।
লৰালৰিকৈ গাখীৰ চাহ দুকাপ বনাই আনি মাকৰ কাষতে বহি ললে উৰ্মি...... মা চাহ লওঁক । আপোনাৰ বাৰু ভোক লাগিছে নেকি.....!
: নাই , কিয় সুধিলা....!
: নহয় মানে দাদাৰ লগতে ভাত খালে যে সেয়ে সুধিলোঁ ।
: ভোক লগা হলে তোমাক ভাতেই খুজিলোঁ হেঁতেন....,
লাহে লাহে বেলি লহিয়ালে পশ্চিমলৈ , পশ্চিমৰ আকাশখন ৰাঙলী হৈ পৰিছে , জাক জাক পক্ষীবোৰে যেন সেই ৰংমেলাত ভাগ লবলৈ ঢাপলি মেলিছে ।
ক্ৰমশঃ.......
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই( Assamese story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group
SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page
SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com
No comments:
Post a Comment