সত্য ঘটনাৰ আলমত এটা ভৌতিক গল্প : Assamese story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 20, 2021

সত্য ঘটনাৰ আলমত এটা ভৌতিক গল্প : Assamese story

Assamese story

আজিৰ দিনটো অনুপ্ৰানৰ ভীষণ  ব্যস্ততাৰ মাজত পাৰ হৈ গ'ল ( Assamese story )৷ দিনৰ  ১১ মান বজাত বাৰানসীৰ পৰা আহি পোৱাৰ পাছতে আই টি নাম আৰু সি চিংৰলিৰ কৃষ্ণলীলা,খাড়িয়া আৰু দুধিচুৱা তিনিওটা কয়লাৰ খনিত থকা নাহাটা মাইনিং কোম্পানীৰ মুঠ ১০ খন এক্সাভেটৰৰ হাইড্ৰলিক অ'ভাৰ হিটিং  কমপ্লেইনটো খুটিনাটি মাৰি পৰীক্ষা কৰি পেলালে ৷ অলপ কষ্ট হ' ল যদিও  আজিৰ ভিতৰতে তাহাঁতৰ কৰিবলগীয়া  বহুখিনি কাম আগুৱাই গ'ল ৷

কাইলৈৰ কাৰনে নিগাহি , জয়ন্ত আৰু আমলোৰী কয়লা খনি কেইটাত থকা বাকী ছয়খন এক্সাভেটৰ মাত্র পৰীক্ষা কৰিব বাকী ৰৈ গ' ল ৷ 

 গোটেই কেইটা মেছিন কাইলৈৰ ভিতৰতে সুকলমে পৰীক্ষা কৰিব  পাৰিলেই ৰক্ষা৷ যোৱা দুই সপ্তাহ ধৰি এই হাইড্ৰলিক অ'ভাৰ হিটিং কমপ্লেইন শুনি শুনি তাৰ বিৰক্তি লাগি গৈছে ৷ 

আজি ৰাতিপুৱাই ছয়বজাতেই অনুপ্ৰান, মি: অৰুনদ্বীপ সিং ভোগল, মি: ব্ৰীজেশ ৰাঘবন,  আৰু কোৰিয়াৰ পৰা অহা এক্সাভেটৰ  ষ্পেচিয়েলিষ্ট আই টি নাম বাৰানসীৰ পৰা আহি ১১ মান  বজাত চিংৰলি  পাইছিল ৷ চিংৰলিত NCL ( Norther Coal field  Ltd ) ৰ আঁঠোটা প্ৰধান কয়লাৰ খনি আছে ৷ ১৯৭৫ চনৰ পৰাই  এই কয়লাখনিত  নাহাতা মাইনিং কোম্পানীটোৱে কয়লা খননৰ কাম কৰি আহিছে৷ এই নাহাতা মাইনিং  কোম্পানীটোলৈ অনুপ্ৰান হতৰ কোম্পানীৰ পৰা নতুন কৈ চাপ্লাই কৰা  এক্সাভেটৰ কেইখনৰ অ'ভাৰহিটিং কমপ্লেইন এটেণ্ড কৰিব কাৰণেই অনুপ্ৰানে বিশেষ অনুৰোধ কৰি আই টি নামক কোৰিয়াৰ পৰা মতাই অনাইছিল ৷ নাহাতা মাইনিং কোম্পানীৰ মেনেজিং ডাইৰেক্টৰ মি: দিলবাগ সিং নাহাতাই বহুত ভাবি চিন্তি তাহাঁতৰ কোম্পানীৰ পৰা মেছিন কিনিছে ৷ তেওঁ মেছিন কিনাৰ সময়ত অনুপ্ৰান আৰু ছেলছ মেনেজাৰ ব্ৰীজেশ ৰাঘবনক বাৰে বাৰে এটাই অনুৰোধ কৰিছিল যাতে ভবিষ্যতে  চাৰ্ভিছ চাপৰ্ট ৰ কাৰণে তেওঁৰ কোনো অসুবিধা নহয় ৷

    অনুপ্ৰান নৰ্থ জোনৰ চাৰ্ভিছ হেড গতিকে সি তেতিয়া মি: নাহাতাক সৰ্বদাই তৎকালসেৱা উপলব্ধ কৰা হব বুলি আশ্বাস দিছিল ৷ সেই কাৰণে হাইড্ৰলিক অ'ভাৰ হিটিং কমপ্লেইন কৰাৰ লগেলগে সি অকনো পলম নকৰি মি: অৰুনদ্বীপ সিংৰ জৰিয়তে আই টি নামক কোৰিয়াৰ পৰা তলব কৰিছিল ৷ মি: অৰুনদ্বীপ সিং ভোগল অনুপ্ৰানহতৰ ডিপাৰ্টমেণ্টৰ হেড ৷ তেওঁৰ কাইলৈ  চিংৰলি ত থকা NCL অৰ  হেড অফিচত কিবা মিটিঙ আছে ৷  তাহাঁত আটাইকেইজন একেলগে কালি গধূলি একেখন বিমানেৰে বাংগালোৰৰ পৰা  বাৰানসীলৈ আহিছিল ৷  যোৱা ৰাতি গোটেই কেইটাই হোটেলৰ গাৰ্ডেনত আদ্দা মাৰি মাৰি শুবলৈ যাওঁতে বহুত পলম হৈছিল ৷আৰু আজি ৰাতিপুৱা সোনকালে উঠিব লগাৰ কাৰণে টোপনি পুৰেই হোৱা নাছিল ৷ দিনটোৰ কঠিন পৰিশ্ৰমৰ পাছত অনুপ্ৰান ভাগৰত লালকাল দি পৰিছিল ৷ তাৰোপৰি দিনত কয়লাখনিৰ ভিতৰত সৰ্বোচ্চ  তাপমাত্ৰা আছিল  প্ৰায় ৪৭ ডিগ্ৰী চেলচিয়াচ ৷ গেলা গৰমত ঘামি জামি ডিহাইড্ৰেছন হৈ তাৰ গাটো অবশ হৈ পৰিছিল ৷

চাইটৰ পৰা ওভতি গৈয়েই সি ভালদৰে ঠাণ্ডা পানীৰে গা পা ধুই এঘুমতি মাৰি লোৱাটোৱেই ঠিক হব বুলি ভাবিলে ৷

আই টি নাম আৰু অনুপ্ৰান দুয়োটা কৃষ্ণলীলা কয়লা খনিৰ পৰা চিংৰলিৰ হোটেল স্বম্ভবি পাওঁতে গধূলি প্ৰায় ৮ মানেই বাজিছিল ৷ আগতীয়াকৈ বুকিং কৰি থোৱা ৰুমৰ চাবি দুপাট লৈ অনুপ্ৰান আৰু আই টি নাম নিজ নিজ ৰুমলৈ গ'ল৷  ৰিচেপচনিষ্ট জনীয়ে জনোৱা মতে মি ভোগল আৰু মি ৰাঘবন অলপমান আগত হেনো হোটেলৰ পৰা ওলাই গৈছে ৷ হয়তো কোনোবা কাষ্টমাৰক লগ ধৰিব গৈছে, অনুপ্ৰানে মনত ভাবিলে৷

হোটেল স্বম্ভবিৰ ৰুমবোৰ বেচ আহল বহল ৷ ৰুমটোৰ মাজত এখন চেন্টাৰ লগত দুখন কাঠৰ পুৰনি ডিজাইনৰ দুখন আৰামী চকী পৰিপাটি কৈ  পাৰিঠোৱা আছে ৷ বিচনাখন আৰু তাৰ মুৰ শিতানত থকা ড্ৰেচিং টেবুলখনো পুৰণি ডিজাইনৰ জমিদাৰ সকলৰ ঘৰত থকা দৰে  অতি দেখনীয়াৰ ৷ মুঠৰ ওপৰত ৰুমৰ ভিতৰত সোমাই অনুপ্ৰানৰ নিজকে কোনোবা জমিদাৰৰ ঘৰৰ আলহী যেন লাগিছিল ৷/p>

 নিজৰ ট্ৰেভেল বেগ আৰু টুল কিট টো এচুকত থকা আলমাৰিটোত থৈ লৰা লৰিকৈ সি বাথৰুমত সোমাল গৈ ৷ দিনটোৰ উৎকত গেলা গৰমৰ পৰা শৰীৰটোক শীতল কৰিবলৈ অনুপ্ৰানে বহু সময় চাৱাৰৰ তলত ঠিয় দি থাকিল ৷ বাহিৰৰ গৰমত হোটেলৰ নলৰ পানীবোৰো গধূলিলৈ গৰমেই হৈ আছিল ৷ তথাপি গাত পানীকন পৰাৰ  লগেলগে তাৰ শৰীৰৰ অবসাদ আতৰি পৰিছিল ৷

গা ধুই থাকোতেই হঠাত হোটেলৰ বৈদ্যুতিক সংযোগ বিচ্ছিন্ন হৈ গৈছিল আৰু ঘন আন্ধাৰত সি বাথৰুমটোৰ,ভিতৰত আবদ্ধ হৈ পৰিছিল ৷ চাৱাৰটো বন্ধ কৰি দিয়াৰ লগেলগে সেই ঘন আন্ধাৰত হঠাত তাৰ কিয় জানো এনেকুৱা লাগিছিল কোনোবাই যেন খোজ কাঢ়ি তাৰ বাথৰুমৰ দৰ্জাখনৰ কাষ চাপি আহিছে ৷ সি যিমান পাৰে নিতাল মাৰি ভৰিৰ শব্দৰ উমান লব লৈ চেষ্টা কৰিলে ৷ ভৰিৰ খোজৰ শব্দ স্পষ্টকৈ কানত পৰাত তাৰ বুজিবলৈ বাকী নাথাকিল যে সেইয়া নিশ্চয়কৈ কোনোবা চোৰেই হব ৷ লৰালৰিত সি চাগে ৰুমৰ দৰ্জাখনৰ,শিলি লগাবলৈকে পাহৰিলে ৷ গতিকে সি চিঞৰি দি চোৰটো খেদাহে উচিত হব বুলি চিঞৰিব লওতেই বিজুলীৰ পোহৰত বাথৰুম মুখৰিত হৈ পৰিল ৷  তিয়নী খন মেৰিয়াই খপজপকৈ বাথৰুমৰ দৰ্জা খন খুলি চাই দেখে ৰুমৰ ভিতৰত কোনোৱেই নাই ৷ আনকি ৰুমৰ দৰ্জাখনৰ শিলিও লগোৱা আছে ৷ তথাপিও  মনৰ খুদুৱনি মাৰিবলৈ বিচনাৰ তলখনো এবাৰ ভালদৰে চাই ললে ৷

 গাটো ধুই অনুপ্ৰানে  বাৰানসীৰ পৰা আহি থাকোতে  দৰ্শন কৰা বন দূৰ্গা মাতা মন্দিৰৰ প্ৰসাদ অকনমান মুখত দিলে ৷ 

সোনভদ্ৰ জিলাৰ ৰেনকুট চহৰখনৰ অলপ নিলগত থকা 

ৰেনু নদীৰ ওপৰত বনোৱা ৰিহান্দ  হাইড্ৰ'ইলেক্ট্ৰিক নদীবান্ধ টো পাৰ হোৱাৰ পাছতেই  আৰম্ভ হয় অকোৱা পকোৱা  এলানি গিৰিপথ ৷ সেই গিৰিপথৰ কাষতে এটা প্ৰাচীন বন দূৰ্গা মাতা মন্দিৰ আছে ৷ অনুপ্ৰান যেতিয়াই চিংৰলিলৈ আহে তেতিয়াই সি এই  মন্দিৰ দৰ্শন কৰি যোৱাটো তাৰ অভ্যাসত পৰিণত হৈছিল ৷

 আজি পূজাৰী জনে প্ৰসাদৰ লগতে তাক এটা সৰু মনিও তাক দিছিল ৷ সি সেই মনিটো সজতনে তাৰ মানি বেগটোত সমুৱাই থলে ৷ 

কাপোৰ কানি সলাই সি বিচনাখনত বাগৰ দিব লওতেই এচুকত থকা ইন্টাৰকম ফোনটো বাজি উঠিল ৷ মি: ভোগলে তাক ফোন কৰি তেওঁৰ ৰুমলৈ মাতিছে ৷  সি খাটাঙ যে মি: ভোগলৰ ৰুমত পুনৰ আদ্দাত বহিছে ৷ তাৰ আৰু এতিয়া শোৱাই নহব ৷ মি: ভোগলৰ লগত আদ্দা মৰাৰ লোভটোও সি সামৰিব নোৱাৰিলে ৷ মি: ভোগলৰ লগত মৰা আদ্দাৰ মজাই বেলেগ তাতে তেওঁ তাৰ ডিপাৰ্টমেণ্টৰ হেড গতিকে না  কৰিবও নোৱাৰি ৷ নিজৰ ৰুমৰ দৰ্জাখনৰ লকটো লগাই অনুপ্ৰান ২য় মহলাত থকা মি: ভোগলৰ ৰুমলৈকে খোজ দিলে ৷

নিশাৰ আহাৰ খোৱাৰ পাছতো বহু ৰাতিলৈ মি: ভোগল, মি: ৰাঘবন আৰু আই টি নামৰ লগত 

 আদ্দা পিটি এটা সময়ত অনুপ্ৰান নিজৰ কোঠালৈ উভতিল ৷

 দিনটোৰ কঠোৰ পৰিশ্ৰমৰ দুখ ভাগৰে অনুপ্ৰানক হেচাঁ মাৰি ধৰিছিল ৷ ততাতৈয়াকৈ

সি দৰ্জাখনৰ খিলিটো  লগাই বিচনাত বাগৰ দিলে ৷ তাৰ  চকু দুটা লগাৰ,লগে লগে কোনোবা চাৎকৰে  তাৰ বিচনাখনৰ কাষেৰে পাৰ হৈ যোৱা হেন পাই অনুপ্ৰান খপজপকৈ বিচনাৰ পৰা উঠি দিলে ৷ লাইট জ্বলাই সি কোঠালি, বাথৰুম আৰু বিচনাৰ তলখন আকৌ এবাৰ চাই টেবুলখনৰ ওচৰত ৰখা মানিবেগটো গাৰুৰ তলত ৰাখি শুবলৈ ওলাল ৷ মনত কিবা ভয় ভাব এটা অহাৰ কাৰণে সি টিউব লাইটটো জ্বলাই শুৱাটোৱেই ভাল হব বুলি ঠিৰাং কৰিলে ৷ দিনটোৰ কঠোৰ পৰিশ্ৰমৰ কাৰণে অত্যন্ত ভাগৰি পৰাৰ বাবে তেনেধৰণৰ অনুভৱ হোৱা বুলি ভাবি সি পুনৰ টোপনি যাবলৈ চেষ্টা কৰিলে ৷ আৰু সি এটা সময়ত গভীৰ নিদ্ৰাত ঢলি পৰিছিল ৷

শেষ ৰাতি এটা ভয়ানক সপোন দেখি হঠাত অনুপ্ৰানৰ টোপনি ভাঙি গ'ল ৷ ভয়ত উচপ খাই সি বিচনাৰ ওপৰত বহি দিলে ৷


সপোনত সি বহু বছৰ আগতেই অপমৃত্যু হোৱা খুড়াক দেখিছিল ৷ খুড়াকে অনুপ্ৰানৰ সতে ইটো সিটো কথা পাতি কোঠাৰ আৰামী চকীখনত বহি পৰিছিল ৷ তেওঁ অনুপ্ৰানক ভৰিহাতবোৰ ধুই মানিবেগটোত ভৰাই থোৱা মনিটো পেলাই দি তেওঁৰ লগত যাবলৈ খাটনি ধৰিলে ৷ অনুপ্ৰান হাতমুখ ধুই খুড়াকৰ লগত যাব ওলাল ঠিকেই কিন্তু মনিটোহে পেলাই দিব অপৰাগ হ'ল ৷ মনিটো সি পেলাই নিদিয়াৰ কাৰণে খুড়াকে খঙত তিঙিৰি তুলা হৈ এনেকুৱা এক বিভৎস চাৱনীৰে চাইছিল ভয়তে সি বিছনাখনতে কুচিমুচি হৈ পৰি দিছিল ৷


কিন্তু এইয়া কি ! সঁচাকৈয়ে চোন তাৰ ভৰি কেইখন আঠুলৈকে তিতা ৷ একে জাপেই বিচনাৰ পৰা উঠি অনুপ্ৰান বাথৰুমলৈ গ' ল ৷ বাথৰুমৰ টেপটো বন্ধ আছে ৷ কিন্তু বাথৰুমৰ পৰা বিচনালৈ দেখোন তাৰ তিতা চেন্দেলৰ চাপ বহি আছে ৷ চেন্দেলৰ চাপ কেইটা চাই বুজিব পাৰি সেই কেইটা তাৰ চেন্দেল যোৰৰে চাপ আৰু অলপ সময়ৰ আগৰে ৷ চেন্দলযোৰো সম্পূৰ্ণ তিতা ৷ গতিকে বুজিবলৈ তাৰ বাকী নাথাকিল যে সি সপোনত দেখাৰ দৰে সঁচাই ভৰিহাত ধুইছিল ৷ তেন্তে খুড়াকৰ আগমন সামাজিক আছিল নে আন কিহবা ৷ অনুপ্ৰানৰ কোঠাৰ ভিতৰত আৰু সোমাই থাকিব লৈ সাহস নহ'ল ৷ বেৰত ওলমাই থোৱা ঘড়ীটোলৈ চাই দেখিলে চাৰিটা বাজিছে ৷ পুৱা হবলৈ আৰু দুই ঘণ্টা আছেই ৷ কোঠাৰ দৰ্জাখন বন্ধ কৰি ৰিচেপচনলৈ বুলি খোজ দিলে ৷ ৰিচেপচনিষ্ট জন বহি বহিয়েই টোপনিয়াই  আছিল ৷ সি ৰিচেপচনিষ্টজনক ধমক দি তাৰ ৰুমটো সলাই দিবলৈ কলে ৷ মহৰ কামোৰত ৰাতিটো খুব পৰা নাই বুলি সি কমপ্লেইন কৰাত ৰিচেপচনিষ্ট জনে ৰাতিপুৱাহে তাক বেলেগ এটা ৰুম সলনি কৰি দিব পাৰিব বুলি কলে ৷ সি ৰাতিপুৱা নোহোৱালৈকে ৰিচেপচনিষ্ট জনৰ সতে কথাবতৰা পাতি সময় কন পাৰ কৰি দিব বিচাৰিছিলে৷ আৰু চিংৰলিৰ পৰা উভতি যাওতে বন দূৰ্গা মাতাৰ মন্দিৰৰ পূজাৰী জনক তাৰ লগত ঘটি যোৱা ঘটনাটোৰ বিষয়ে আলোচনা কৰি যোৱাটোকে খাটাঙ কৰিলে ৷ 


বি: দ্ৰ:  ২০১৪ চনৰ জুলাই মাহত মোৰ প্ৰিয় বন্ধু এজনৰ লগত ঘটা ঘটনা এটাৰ আধাৰত এই ৰহস্যময় কাহিনীটো লিখি যুগুতালো ৷


Assamese story
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য চুমিন্দ্ৰ চৌধুৰীৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages