নিসংগতাৰ প্ৰেম : Assamese love story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, March 20, 2021

নিসংগতাৰ প্ৰেম : Assamese love story

 

Assamese love story

👩: তোক ফোন কৰিবলৈ মানা কৰিছিলোনে? কিয় কৰিছ হা?(Assamese love story )

👨: মই তোক পাহৰিব পৰা নাই ও ধুন।

👩: ও sorry মই তোৰ কোনো ধুন নহয়।

👨: অʼ মই পাহৰিয়েই গৈছিলো।

👩: It's okk আগলৈ মনত ৰাখিবি।

👨: তই মোক কিয় ইমান কষ্ট দিছ হা?

👩: তোক মই একো কষ্ট দিবলৈ যোৱা নাই।

👨: মোক এৰি তই আনৰ হ'ব পাৰিলি আৰু তই কৱ মোক একো কষ্ট দিয়া নাই।

👩: ........................



👨: কিমান সপোন আছিল জাননে মোৰ আৰু আজি তোলৈ এটা কবিতা লিখিছোঁ সদায়ৰ দৰে শুনিবিনে এবাৰ।

👩: নুশুনু মই। মই এতিয়া আনৰ কবিতাৰ উৎস ও।

👨: উম হবদে নালাগে কবিতা শুনিব। কিন্তু আগতে চোন তই কবিতা নুশুনালে বৰকৈ অভিমান কৰিছিলি!

👩: প্লিজ সেইবোৰ কথা আৰু মনত নেপেলাবি।

👨: হুম ঠিক আছে। মই কিন্তু এতিয়াও তোক বহুত ভাল পাও ও।

👩: কিন্তু মই তোক কেতিয়াবাই পাহৰি গৈছো।

👨: মোৰ শপত লৈ ক'ব পাৰিবি মোক তই ভাল নাপাৱ বুলি।

👩: মোক প্লিজ ক্ষমা কৰি দিবি ও মাক-দেউতাৰ মনত দুখ দিয়াৰ সাহস মোৰ নহ'ল। সেইবাবে মাক-দেউতাৰ মতেই বিয়াত বহিলো। মই তোক বহুত দুখ দিছোঁ নহ, বহুত কষ্টত আছ নহ তই।

👨: আমি আগতে লগ হোৱা ঠাই খিনিতে আজি বহি আছোঁ। বৰকৈ মনত পৰিছে ও তোলৈ। মই জানো তই এই বিয়াত সুখী নহয় । তথাপি....

👩: সেইদিনা মোৰ বিয়াত তোক দেখা নাপালোঁ। নমিতাই কৈছিল তই হেনো মদ খাব লৈছ।

👨: খাইছিলো অলপ। তোক কইনা সাজত কেনেকৈ বিদায় দিলো হেতেন তই‌য়েই ক চোন। যি সপোন মই তোক লৈ দেখিছিলো সেই সপোন আনে পুৰণ কৰিলে মই কেনেকৈ তোক চালো হেতেন হা।



👩: প্লিজ নাখাবি দে কেতিয়াও। তোক মোৰ শপত। এইবোৰ বৰ বেয়া বস্তু।

👨: হবদে নাখাও।

👩: ঐ মোক এবাৰ সেই কবিতাটো গাই শুনা না যিটো তই মোলৈ প্ৰথম লিখিছিলি।

👨: ঠিক আছে শুনিবি..

      তুমি শব্দ হোৱা

👩: মই ভাষা হ'ম।

👨: তুমি জোনাক হোৱা।

👩: মই তৰা হ'ম।

👨: এখন ঘৰ হ'ব আমাৰ। সপোন ৰচিম তাতেই।

👩: তুমি ৰজা হোৱা, মই ৰাণী হ'ম। আৰু নাগাবি ও মই নোৱাৰো শুনিব।

👨: তই এতিয়া সুখীনে?

👩: নাই ও। তেওঁ মোক বহুত ভাল পাব বিচাৰে কিন্তু মই তোৰ অবিহনে আনক ভাল পাব নোৱাৰো।

👨: যি হ'ল হৈ গ'ল আৰু সেয়া আমাৰ বেয়া সপোন বুলি ভাবি পাহৰি যা। এতিয়া তই তেওঁৰ লগতেই সুখী হ।

👩: উম। তই ভালকৈ থাকিবি দে। সময় মতে খোৱা লোৱা কৰিবি আৰু সন্ধিয়া বেছিকৈ আদ্দা দি নাথাকিবি।

👨: হবদে তইও ভালকৈ থাকিবি। ঘৰলৈ আহিলে মোক এবাৰ লগ কৰিবি।

👩: হবদে।

👨: I Love you

👩: Love you...আপুনি পালেহিয়েই নেকি। আপুনি হাত মুখ ধোৱক মই ভাত বাঢ়ো।


সমাপ্ত

Assamese love story
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় পাৰ্থ প্ৰতিম কলিতাৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত ( Assamese love story )।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages