নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ২২) : Assames story - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, March 18, 2021

নাৰীয়ে নাৰীৰ প্ৰধান শত্ৰু ( খণ্ড ২২) : Assames story

      

Assamese Story

দেউতাকৰ কথাবোৰে অনিমেষক চিন্তিত কৰি তুলিলে...., দেউতাকৰ কথা ৰাখিবলৈ হ'লে নিজৰ ঘৰখন ভাগি থানবান হৈ যাব ...., দেউতাকৰ কথাবোৰ মিছাও নহয়..., কিন্তু কি কৰিব অনিয়ে...., কথাবোৰ চিন্তা কৰি বিচনাত বাগৰ সলাই থাকোঁতেই সন্ধিয়াৰ চাহকাপ দিবলৈ উৰ্মি ৰূমলৈ সোমাই আহিল । ......অনি..., চাহ লোৱা , শুই দিলা যে...! দেউতাই কিবা কলে নে..! মূৰ বিষাইছে ....? 

: ইমানবোৰ প্ৰশ্নৰ উত্তৰ একেলগে দিব পাৰি নেকি...! 

: তুমি উত্তৰবোৰ এটা এটাকৈ দি গ'লেই হ'ল .....

: উৰ্মি , দেউতাই বৰ ডাঙৰ কথা এটা কৈছে ..., তাকে ভাবি মই বৰ বিমোৰত পৰিছোঁ । 

: মই ঠিকেই অনুমান কৰিছিলোঁ ...! দেউতাই তোমাক বাগান দুখন চোৱাৰ কথা কৈছে নিশ্চয়....!

: তুমি কেনেকৈ জানিলা.....? 

: সেই একেটা কথাকে মায়ে মোক আমাৰ ঘৰলৈ প্ৰথম যাবৰ দিনাই কৈছিল....।

: কিন্তু তুমি মোক কথাবোৰ কোৱা নাছিলা যে...!

: মই সেই বিষয়ে মাক চিন্তা কৰিবলৈ মানা কৰিছিলোঁ ,  সেইখন ঘৰ এৰি মই ইয়াত থকাৰ কথা কেতিয়াও ভাবিব নোৱাৰো অনি.....,

: কিয় উৰ্মি....? 

: কাৰোবাক কথা দিলে কথা ৰাখিব লাগে , কথা দি কথা ৰাখিব নোৱাৰাটো মই পাপ বুলি ভাবোঁ । 

: একো বোজা নাই মই....., কি ক'ব বিচাৰিছা ভালকৈ খুলি কোৱা...., 

: শুনা , মই তোমাৰ মাক সেৱা কৰোঁতে এষাৰ কথা কৈছিল.....    "ঘৰখন ঘৰ কৰি ৰাখিবলৈ যত্ন কৰিবা " তেতিয়াই মই মাক কথা দিছিলোঁ ঘৰখন ঘৰ কৰি ৰাখিম বুলি ....। এতিয়া তুমি কোৱা ...? মোৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলা হেঁতেন....! 

: মই একো ভাবিবই পৰা নাই উৰ্মি....

: মানি ললোঁ , মা দেউতাৰ কথা চিন্তা কৰি তুমি আৰু মই ইয়ালৈ গুচি আহিলোঁ । পাৰিবা নে চুবুৰীয়া মানুহখিনিৰ লগত সহজ হ'ব....? এটা কথা ঠিক বাগানৰ দায়িত্ব তুমি ললে আমাৰ অৱস্থা অলপ উন্নত হ'ব কিন্তু মানুহে তোমাক নাহাঁহিব নে...., চপনীয়া বুলি....! পাৰিবা নে সহ্য কৰিব যেতিয়া তোমাক কোনোবাই চপনীয়া বুলি উপহাস কৰিব......?

: তোমাৰ কথাবোৰ শুনি মোৰ মূৰটোৱে কাম নকৰা হৈছে...। তোমাৰ কথাবোৰত যুক্তি আছে । তথাপিও মা দেউতাৰ কথাওটো চিন্তা কৰিব লাগিব । 

: মা দেউতাৰ ভালৰ বাবেই মই কৈছিলোঁ খুড়াৰ ল'ৰাটো এম.কম. পাছ কৰি ঘৰতে বহি আছে । তাক বাগান দখন গতাই দিলেও হয়...। সিওটো বাগান দুখন চোৱা চিতা কৰিব পাৰিব । তুমিয়ে কোৱাচোন অনি , দেউতাই যদি তাক মৰম কৰে সি কিয় মা দেউতাক মৰম নকৰিব । 

: মানুহক বিশ্বাস কৰাটো বৰ টান উৰ্মি ...., দেউতাই হয়টো ভাইটিক বিশ্বাসত ল'ব পৰা নাই । সেয়ে দেউতাই কথাবোৰ মোক কৈছে ...

: তুমি এটা কাম কৰিবা অনি..., ৰাতি ভাত খাওঁতে কথাটো উলিয়াবা । আজিয়ে সমস্যাটো সমাধান কৰিব লাগিব ....., 

: কথাটো বৰ ভাল নহ'ব নেকি....?

: সেইবোৰ তুমি চিন্তা কৰিব নালাগে...। কথাষাৰ কৈ উৰ্মি ওলাই গল বাহিৰলৈ ...., অনিমেষেও চাহৰ কাপটো টেবুলতে থৈ খিৰিকীখন মেলি মুকলি আকাশখনলৈ চাই পঠিয়ালে...., তৰাভৰা জোনাক নিশা...., জোনৰ সৈতে তৰাবোৰে কথা পাতি আছে , একান্ত মনেৰে চাই আছে নিশাৰ আকাশৰ মনোৰম দৃশ্য ।। ......অনি..., অকলে অকলে কি ভাবি আছা....?

: উম...., নাই মা , একো ভবা নাই । এনেয়ে তৰাবোৰ চাই আছোঁ । 

: বৰ চিন্তাত থকা যেন লাগিছে .....? দেউতাই কিবা কলে নেকি.....?  প্ৰশ্নবোধক দৃষ্টিৰে অনিমেষলৈ চালে নিৰাই ।

: নাই , একো কোৱা নাই দেউতাই ।

: একো নাই কোৱা.....? বৰ আচৰিত হৈছিল নিৰা ........ তেন্তে কিয় এনেকৈ ৰূমতে সোমাই আছা । 

: বৰ ভাগৰুৱা যেন লাগিছে মা , শুয়ে আছিলোঁ উৰ্মিয়ে চাহ কাপ দিবলৈ আহি জগাই দিলে । 

: অলপ শুই লোৱা তেন্তে ,    অনিমেষৰ মুখলৈ কেৰাহীকৈ চায় মাক ওলাই গ'ল । ।

          মাক ওলাই যোৱাৰ লগে লগেই অনি আকৌ বিচনাত উঠিল । চকুহাল জপাই দিয়াৰ লগে লগেই অনিৰ দুচকুত ভাহি আহিল মাকৰ বেমাৰী মুখখন । যি জনী উৰ্মিয়ে বেমাৰী মাকৰ মুখত হাঁহি বিৰিঙাইছে সেইজনী উৰ্মিক আঁতৰ কৰি আনিলে মা জানো সুখী হৈ থাকিব পাৰিব .....? সকলোৱে উৰ্মিকেই জগৰীয়া নকৰিব নে .....? দাদাই কি বুলি ভাবিব .....? দাদায়ো উৰ্মিকেই জগৰীয়া নকৰিব নে.....? কি কৰো মই .....? উৰ্মিৰ গাত কেতিয়াও চেকা লাগিবলৈ দিব নোৱাৰি । নিয়ৰৰ টোপালটোৰ দৰেই উৰ্মি সকলোৰে চকুত পবিত্ৰ হৈ থাকিব লাগিব । যদি দেউতাই কথাটো মানি নললে আমাৰ লগত সম্পৰ্ক শেষ কৰি দিয়ে , তেতিয়া কি হ'ব.........? যি হয় সেয়া সময়ত দেখা যাব..... বুলি মনৰ ভিতৰতে কথাবোৰ পাগুলীয়াই পাগুলীয়াই অনিমেষ বাহিৰলৈ ওলাই আহিল ....., ড্ৰয়িং ৰূমৰ চোফাটোতে বহি টেবুলতে থৈ দিয়া "এয়েটো জীৱন" উপন্যাসখন মেলি ললে অনিমেষে । আগতেও অনিমেষে উপন্যাসখন বহুবাৰ পঢ়িছে , তথাপিও উপন্যাসখনৰ মাজত যেন বিচাৰি পায় জীৱনৰ ছন্দ , বোকা মাটিৰ সুমধুৰ সুবাস । কিতাপখনৰ দুই তিনিখিলা পাত লুটিয়াউতেই উৰ্মিয়ে ভাত খাবলৈ মাতিলে অনিমেষক । দেউতাকৰ সোঁহাতে অনি আৰু বাওঁহাতে উৰ্মি , উৰ্মিৰ কাষতেই মাক ভাত খাবলৈ বহিল । দুগৰাহমান ভাত মুখলৈ নিওতেই উৰ্মিয়ে অনিৰ ভৰিখন লাহেকৈ জোকাৰি দিলে । তলৰ পৰা ওপৰলৈ মূৰ দাঙি চালে অনিয়ে । চকুৰ পচাৰতে উৰ্মিয়ে অনিক কথাবোৰ ক'বলৈ কলে.... কওঁ নকওঁকৈ অনিয়ে কথাটো উলিয়ালে ......... 

: দেউতা...., মই কথা এটা ভাবিছোঁ । আপুনি আকৌ ভুল নুবুজিব ....

: কোৱাচোন......! আগতে শুনি লওঁ ।

: মানে দেউতা । মই জনামতেটো খুড়াৰ ল'ৰাটো এম.কম. পাছ কৰি ঘৰতে বহি আছে । যদি বাগান দুখন চোৱা চিতা কৰিবৰ বাবে ভাইটিক দায়িত্ব দিয়া হয় তেতিয়া কেনে হ'ব দেউতা...! 

: তুমি বলিয়া হৈছা নেকি অনিমেষ....? 

: মই বহুত ভাবি চিন্তিহে কথাটো কৈছোঁ ...., ভাইটিৰ লগত বা খুড়াৰ লগত কথাটো এবাৰ আলোচনা কৰি চাব । মই যদি বাগান দুখনৰ দায়িত্ব লৈ লওঁ তেতিয়া সকলোৱে মোক চপনিয়া বুলি নাহাঁহিব নে.....! আৰু আমাৰ ঘৰখনে উৰ্মিকেই জগৰীয়া নকৰিব নে...! আপুনিয়ে কওকচোন দেউতা...? 

: সাপ ওলাব বুলি মানুহে পুখুৰী নখন্দাকৈ থাকে জানোঁ....! মোৰ বাগান , গতিকে মোৰ যি ইচ্ছা মই কৰিব পাৰোঁ ।

: দেউতা ময়ো এটা কথা কওঁ , অনিয়ে একো ভুল কথা কোৱা নাই , মৰম দিলেহে বিনিময়ত মৰম পোৱা যায়...। অনিক কোনোবাই চপনীয়া বুলি কোৱাটো মই নিবিচাৰোঁ । তোমাৰ যিদৰে আত্মসন্মান আছে অনিৰো আত্মসন্মান আছে দেউতা । গতিকে অনিৰ আত্মসন্মান মই তোমাৰ ওচৰত বিক্ৰী কৰিবলৈ দিব নোৱাৰোঁ । গাভৰু হোৱাৰ দিন ধৰি তোমালোকেই পাঠ পঢ়াইছিলা , নীতি আদৰ্শৰ কথা কৈছিলা... গিৰিয়েকৰ ঘৰখন হে ছোৱালীৰ নিজৰ ঘৰ , মাক দেউতাকৰ ঘৰখন আলহীৰ ঘৰ ..... এইবোৰ কথা এতিয়া পাহৰণিৰ গৰ্ভত হেৰাই গল নেকি....? মা তুমি নোকোৱা কিয় একো...?      সুবিধাকণ পাই উৰ্মিয়ে সকলোবোৰ কথা খোলাখুলিকৈ কৈ দিলে । 

: বন্ধ কৰ ...! তোৰ পাগলামী । অনিমেষৰ প্ৰেমত এনেকৈ অন্ধ হৈ যাবি বুলি সপোনতো ভবা নাছিলোঁ ।      ভাত আধা খোৱাকৈ উঠি গৈছিল দেউতাক । 

: মা...., তুমি দেউতাক বুজোৱা , দেউতা মৃত্যু হ'লে ভাইটিয়েহে মুখাগ্নি কৰিব , মই নকৰো....! মা ... হওক নহওক অনিৰ এটা চাকৰি আছে , খেতিৰ মাটিও যথেষ্ট আছে । ইচ্ছা কৰিলে আমিও বাগান খুলিব পাৰিম । মোক সুখী কৰিব পৰাকৈ অনিৰ সকলো আছে মা ....., এইটো ঠিক তোমালোকৰ কিবা এটা হলে মোতকৈ আগত খুড়া, বৰমা আৰু ভাইটিহঁতেহে পাব । মই বহু পাছতহে পাম , মনত ৰাখিবা ।        

: উৰ্মি...., তুমি অলপ মনে মনে থাকাচোন...! 

: অপ্ৰিয় হ'লেও মই সত্য কথাবোৰেই কওঁ ..., সেয়ে মোক সকলোৱে বেয়া পায়..... ভাতৰ কাঁহিতে হাতখন ধুই ক্ষোভেৰে উঠি গ'ল উৰ্মি । কাষৰ চকীখনতে বহি নিৰাই সকলোবোৰ ঘটনা থৰ লাগি চাই থাকিল ।

      ক্ৰমশঃ.....
Assamese Story
বিঃদ্ৰঃ উক্ত উপন্যাসখন আমালৈ প্ৰেৰণ কৰিছে সন্মানীয় লেখক তীৰ্থ পিণ্টু বৰাই
Assamese Story )।SMJ24ত গল্প,কবিতা,উপন্যাস বা আন যিকোনি লেখা প্ৰকাশ কৰিব বিছৰা লেখক সকলে আমাৰ ফেচবুকত গ্ৰুপত পোনপটীয়াকৈ লিখিব পাৰে নতুবা আমাৰ পেজৰ ইনবক্সত প্ৰেৰণ কৰিব পাৰে।নিৰ্বাচিত লেখা সমূহ নিশ্চয় প্ৰকাশ কৰা হব।তলত আমাৰ গ্ৰুপ আৰু পেজৰ লিংক দিয়া হল,ধন্যবাদ।
SMJ24ৰ ফেচবুক গ্ৰুপ - www.smj24.facebook.group

SMJ24ৰ ফেচবুক পেজ- www.smj24.facbook.page

SMJ24ৰ মুখ্য পৰিচামন সঞ্চালকৰ ফেচবুক পেজ - www.dibyadutta.com

No comments:

Post a Comment

Advertisement

Pages