আমাক বিজেপি চৰকাৰে কেইটামান সুবিধা দিছে ৷ উদাহৰণ স্বৰূপে-
১৷ স্কুটী দিছে ৷
২৷ ১৫০০ টকা ছাত্ৰ-ছাত্ৰীক কিতাপ কিনিবলৈ দিছে ৷
৩৷ ১০০০ টকা কলেজলৈ অহাযোৱা খৰচ আৰু চাহ খোৱাৰ বাবদ ৷
৪৷ ৮৩০ টকাকৈ প্ৰতিমাহে দৰিদ্ৰসকলক
নামঘৰ, আত্মসহায়ক গোট আদিলৈ আৰু অলেখ সাহাৰ্য্য ৷ বিনিময়ত-
১৷ চৰকাৰী কৰ্মচাৰীৰ এবছৰৰ দুবাৰকৈ মৰগীয়া ভাট্টা বন্ধ ৷
২৷ নিয়োগৰ নামত কেইহাজাৰমান শিক্ষকক জটিল নিযুক্তি ৷
৩৷ কোনো ধৰণৰ উন্নয়ন নাই ৷
৪৷ উদ্যোগ স্থাপনতো বাদেই, আগৰ পুৰণা উদ্যোগেই বন্ধ কৰিলে ৷
৫৷ চাহ শ্ৰমিকৰ মজুৰী ১৬৫ টকা কৰি খটুৱাই থাকি, ইলেকচনৰ আগে আগে ৩০০০ টকাৰে ভোট কিনাৰ চেষ্টা ৷
৬৷ বয়-বস্তুৰ জুই চাই দাম ৷ তেলৰ দাম ৫০ টকা বঢ়াই ৫ টকা কমালে ৷
৭৷ ৰোডটেক্স দি গাড়ী এখন ৰেজিষ্ট্ৰেচন কৰাৰ পিছতো, পথকৰৰ নামত য’তে ত’তে টোল গেটেৰে পথকৰ সংগ্ৰহ ৷ কৰ নিদিলে গুণ্ডা বাহিনীৰ দ্বাৰা মাৰপিট ৷
৮৷ উচ্চ ডিগ্ৰীলৈ পঢ়াশুনা কৰি উঠি নেতা মন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰাৰ বাদে, আন উপায় নোহোৱা পৰিৱেশ ৷
আটাইতকৈ ডাঙৰ বিনিময়টো হ’ল, অসমৰ মানুহক হিন্দুত্বৰ পঘাৰে বান্ধি, এসোপা হিন্দু বাংলাদেশীক নাগৰিকত্ব দি, আমাৰ ভৱিষ্যতক এন্ধাৰ গহ্বৰলৈ ঠেলি দিবলৈ CAA ৰ প্ৰয়োগ ৷ তথাপিও এচাম অসমীয়াৰ গাত কথা লগাই নাই ৷ ৰঙা স্কুটীৰ বিনিময়ত ভৱিষ্যত ত্যাগ কৰা অসমীয়াই, এদিন হিন্দু বাংলাদেশীৰ উৎপাতত চাকৰি পোৱাটো বাদেই, চাকৰিৰ বাবে আৱেদনেই কৰিব নোৱাৰিব ৷ ক’তো ভৰি দিব নোৱাৰিব হিন্দু বাংলাদেশীৰ আগ্ৰাসনত ৷ কষ্ট কৰি খেতি কৰিলেই যেনিবা মিঞাই, বজাৰ নহ’লে ক’ত বেচিব ? আৰু বজাৰৰ দায়িত্ব থাকিব হিন্দু বাংলাদেশীৰ হাতত ৷ মোদীৰ বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব ৷ গতিকে মোদীয়ে যি কয়, হিন্দু বাংলাদেশীয়ে তাকেই কৰিব ৷ কোনে বাধা দিব ? কাৰ সাধ্য আছে ? বাধা দিলে পুলিচে ধৰি নি জেলত ভৰাই থ’ব ৷ খেতি কৰি উৎপাদন কৰি থাকক, লাভ কিন্তু আম্বানীয়ে খাব ৷ আৰু হিন্দু বাংলাদেশীয়ে খাদ্য শস্যৰ বেপাৰত মুখ্য ভূমিকা লৈ, মধ্যস্থতা কৰি লাভবোৰ তুলি দিব গুজৰাটী বেপাৰীৰ হাতত ৷ এই ভিতৰুৱা এগ্ৰিমেন্টতে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ইমান যো-জা ৷ মোদীয়ে দেশখন আম্বানীক বেচি দিলে ৷ তাৰ টকাৰে ৰাইজক কিনিছে ৷ স্কুটী পাই বলিয়া হোৱা এচাম মূৰ্খ ছোৱালীয়ে, বিজেপিৰ দালালৰ কথামতে, ইয়াৰ প্ৰতিবাদ কৰা মানুহবোৰক অপমান কৰিবলৈ উঠিপৰি লাগিছে ৷ ১৭ বছৰীয়া সেই মেট্ৰিক পাছ কৰি উঠা ছোৱালীবোৰে, স্কুটীখনকে পৃথিৱী বুলি ভাবিছে ৷ হাতত মাৰ্কচিটৰ টোপোলা লৈ, ৰংযোৱা ফপৰা পুৰণা হৈ পৰা স্কুটীত উঠি, চাকৰি বিচাৰি যিদিনা হিন্দু বাংলাদেশীৰ ওচৰত ভৰিত ধৰিব লাগিব, সেইদিনা গম পাব স্কুটীয়ে খুন্দিয়াই হত্যা কৰা সপোনবোৰৰ মৃত্যুযন্ত্ৰণা ৷
অমিত শ্বাহৰ ঘোষণা- “CAA বলবৎ হ’বই ৷ ই সংসদত গৃহিত হোৱা আইন ৷ কাৰ সাধ্য আছে ইয়াক বাধা দিয়াৰ ?“
অমিত শ্বাহে ঠিকেই কৈছে ৷ কাৰ সাধ্য আছে ইয়াক ৰোধ কৰাৰ ? কিন্তু সাধ্য আছে ৷ ৰাহুল গান্ধীৰ সাধ্য আছে CAA বাতিল কৰাৰ ৷ ভাৰতৰ ভিতৰত কেৱল ৰাহুল গান্ধীয়েহে কা বাতিল কৰিব পাৰিব ৷ আৰু আন কোনেও নোৱাৰে ৷ তাৰ বাবে ভাৰতৰ জনগণে ৰাহুল গান্ধীৰ হাতত হাত থ’ব লাগিব ৷ তেওঁক শক্তিশালী কৰিব লাগিব ৷ মোদীৰ মিছা কথা সমগ্ৰ ভাৰতে গম পাইছে ৷ শিক্ষিত আৰু জ্ঞানী ৰাজ্যবোৰে মোদীক উপেক্ষা কৰিছে ৷ পশ্চিমবঙ্গৰ নিচিনা আগশাৰীৰ তথা Intellectual মানুহেৰে পৰিপূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, খোলাখুলিকৈ ’Dignity নথকা’ বুলি মোদীৰ চৰকাৰী মিটিঙ পৰিহাৰ কৰি ওলাই গৈছে ৷ কিন্তু অসমৰ এচাম মূৰ্খই টকা,আঁচনি আৰু ৰঙা স্কুটীৰ বিনিময়ত, দেশ বেচাত ফূৰ্তি পাইছে আৰু মোদীপাৰ্টিক বিৰোধীতা কৰা লোকক আক্ৰমণ কৰিছে ৷ এই মূৰ্খ, লুভীয়া, ভিকহু মানুহসোপাৰ বাবেই অসম ধ্বংস হ’ব এতিয়া ৷ আনৰ ভিক্ষাৰে জীৱন চলাবলৈ পঢ়া-শুনা কৰা, মানুহ নামৰ জন্তুসোপা দেশৰ বোজা ৷ ১০০ % য়েও পাত্তা নোপোৱা দেশত, ৬০% ত স্কুটী পাই নাচ-বাগ কৰা এচাম মানুহৰ ভোটত, আকৌ নিশেষ হৈ যাব অসমৰ সুখ আৰু শান্তি ৷
কালি শিৱসাগৰত ৰাহুল গান্ধীয়ে CAA বাতিল কৰাৰ কথা দিছে ৷ NO CAA . এইবাৰ কংগ্ৰেছক জিকাবলৈ ইয়াতকৈ আৰু ডাঙৰ কাৰণ আন একো নালাগে অসমীয়াক ৷ মই CAA বাতিল কৰাটো বিচাৰো ৷ CAA ৰ বিৰোধ কৰি আহিছো, কৰি যাম বোলাতেই কথাবোৰ শেষ হৈ নাযায় ৷ CAA ৰ বিৰোধ যদি কৰিছো, তেন্তে কেনেকৈ সেই আইনখন বাতিল হ’ব, তাৰ চিন্তাও কৰিব লাগিব ৷ সংবাদ মাধ্যমত বা মঞ্চত উঠি “ কা মানি নলওঁ“ বোলাতেই কাম শেষ নেকি ? কৈ দিলেই হৈ যাব নেকি ? CAA মানি নল’বলৈ হ’লে, কা অনা চৰকাৰখনক প্ৰথমতে হৰুৱাব লাগিব ৷ হৰুৱাই কাক আসনত বহুৱাম ? ৰাস্তাত আন্দোলন কৰা নেতাক, নে কা বাতিল কৰিব পৰা সামৰ্থ্য থকা দলক ? নিশ্চয় ৰাষ্ট্ৰীয় দলক বহুৱাম, যাৰহে ক্ষমতা আছে কা বাতিলৰ ৷
এইবাৰ নিৰ্বাচন কা বাতিলৰ লক্ষ্যৰে হোৱা উচিত ৷ আৰু তাকে কৰিবলৈ কংগ্ৰেছক ভোট দিয়াৰ বিকল্প নাই ৷ অসম কংগ্ৰেছ দলৰ ভিতৰ চ’ৰাত কি হৈছে সেয়া আমাক নালাগে ৷ আমি কাৰো ঘৰৰ কাজিয়া জানিবলৈ নাযাওঁ ৷ আমাক হাইকমাণ্ডৰ কথা লাগে ৷ কংগ্ৰেছ হাইকমাণ্ডে NO CAA বুলি কৈ, কা বাতিল কৰাৰ কথা কৈছে ৷ চাহ শ্ৰমিকৰ মজুৰী বঢ়োৱাৰ কথা কৈছে ৷ নিয়োগৰ কথা কৈছে ৷ আমি অতি যোগাত্মকভাবে সেয়া গ্ৰহণ কৰিছো ৷
মোদীক ভোট দিলে ৰাইজে ৷ মোদীয়ে আমাৰ দেশ বিদেশীক বেচিলে ৷ ৰাহুল গান্ধীয়ে বিদেশীয়ে নাগৰিকত্ব পোৱাৰ পথেই ৰুদ্ধ কৰিম বুলি কৈছে ৷ দেশৰ স্বাৰ্থতে আমি এবাৰ ৰাহুল গান্ধীকো বিশ্বাস কৰা উচিত ৷
ৰাহুল গান্ধী এজন উচ্চশিক্ষিত ব্যক্তি ৷ দেশৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি থৈ যোৱা এটা পৰিয়ালৰ উত্তৰাধিকাৰী ৷ নৰেন্দ্ৰ মোদী বাহিনীৰ অসীম অপমান পায়ো, ভাৰতীয় বোৱাৰী হিচাপে স্বামীৰ মৃত্যুৰ পাছতো ভাৰততে থাকি, পুৰণা দলটোৰ গুৰি ধৰি থকা এগৰাকী পতিব্ৰতা ভাৰতীয় পত্নীৰ সন্তান ৰাহুল গান্ধী ৷ গতিকে তেওঁৰ ওপৰত আমাৰ আস্থা থকাটো দৰকাৰ ৷
অসমৰ কংগ্ৰেছ দলটোতো যথেষ্ঠ অভিজ্ঞ ব্যক্তি আছে ৷ ৰিপুণ বৰা এজন এ চি এচ পোৱা ব্যক্তি ৷ তেওঁৰ মেধা আৰু যোগ্যতাৰ ওপৰত এইবাৰ আমি আস্থা ৰাখিম ৷ প্ৰদ্যুৎ বৰদলৈৰ বহুবছৰৰ অভিজ্ঞতা আৰু ব্যক্তিত্বই কংগ্ৰেছক সবল কৰিব ৷ ৰকিবুল হুছেইনৰ সাংগঠনিক দক্ষতা আমি স্বীকাৰ কৰো ৷ আব্দুল খালেকৰ দৰে বাকপটু ৰাজনীতিক আমাৰ প্ৰয়োজন ৷ বিজেপিৰ লগত কম্প্ৰমাইজ কৰা বাদ দিব পাৰিলে, পৱনসিং ঘাটোৱাৰ নিসন্দেহে এজন আদৰণীয় নেতা হ’ব সকলোৰে ৷ ইমানখিনি পুৰণা তথা দক্ষ নেতা থাকোতে, কিয় অসমক কেৱল হিমন্তৰ জোলোঙাত ভৰাই দিম আমি ?
হিমন্তই শিক্ষা বিভাগত ঘোটালা কৰি, কিছুমান প্ৰাইভেট শিক্ষানুষ্ঠানৰ মূৰব্বীক কিনিছে ৷ ( সকলো নহয় ) প্ৰাদেশিকীকৰণ কৰাৰ লোভ দি ৷ এইসমূহ ব্যক্তিগত খণ্ডৰ কিছু কিছু স্কুলৰ স্বত্বাধিকাৰসকল, একো একোজন ৰাজনৈতিক দালাল ৷ এওঁলোকে হিমন্তৰ লগত স্কুটীৰ লেনা দেনা কৰি, ছাত্ৰীসকলক মটিভেট কৰি, বিজেপিক জিকোৱাৰ কুচক্ৰান্তত নামি পৰিছে ৷ ৰাইজ সাৱধান হ’বৰ হ’ল ৷ সময়ত মই এই শিক্ষানুষ্ঠানবোৰৰ নাম ৰাজহুৱা কৰিম, য’ত শিক্ষাৰ নামত হিমন্তৰাজনীতি চলাই আছে একাংশ দালালে ৷ সেই দালালবোৰ কিন্তু কেৱল হিন্দু নহয় ৷ মুছলমানো আছে ৷
একাংশ মুছলমান দালাল হিমন্তৰ লগ লাগি, নিজ স্বাৰ্থৰ বাবে অসম ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে ৷ আমি কেৱল আম্বানী-আদানিকে দেখি আছো ৷ কিন্তু অসমতো গাৱেঁ-ভূঁঞে,চহৰে-নগৰে হিন্দু-মুছলমান বহুত আম্বানী-আদানি গঢ় লৈ উঠি, ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাধ্যমেৰে, এচাম ছাত্ৰ-ছাত্ৰীক মটিভেচনত লাগি গৈছে আৰু তাৰ বিনিময়ত হিমন্তৰ পৰা শকত ধনৰ টোপোলা, প্ৰাদেশিকীকৰণৰ আশা আৰু ৰাজনীতিৰ আশীৰ্বাদ লাভ কৰিছে ৷ হিন্দু হিন্দু কৰি থাকোতে, একাংশ দালাল মুছলমানেও কিন্তু হিমন্তৰ লগত মিলি ৰাইজক ঠগি আছে ৷ নামেৰে সৈতে উদাহৰণ দি আছো অনাগত দিনত ৷ তথ্য সংগ্ৰহ কৰি আছো ৷
এইবাৰৰ কংগ্ৰেছে ৰাইজৰ আস্থা পাবলৈ সক্ষম হৈছে ৷ বিনাপইছাত ৰাহুল গান্ধীৰ মিটিঙলৈ অলেখ মানুহ আহি তাক প্ৰমাণ কৰি দিলে ৷ হয়, আমি কংগ্ৰেছৰ মহাজোঁট বিচাৰো ৷ যি দেখিছো, কংগ্ৰেছ ইদিনতকৈ সিদিন শক্তিশালী হৈ গৈ আছে ৷ এইয়া শুভ লক্ষণ ৷
ৰাহুল গান্ধীৰ কথাত আশা দেখিছো ৷ ৰিপুণ বৰাই অসম কংগ্ৰেছক আৰু অধিক সবল কৰক ৷ সৰু সুৰা মতানৈক্য থাকিবই ৷ ঘৰৰ মানুহৰ মাজতো থাকে ৷ সেইবোৰ ডাঙৰ কথা নহয় ৷ নেতা ভাল যেতিয়া৷, আনসকলো ভাল হ’বলৈ বাধ্য হ’ব ৷ কা বাতিল আমাৰ প্ৰধান লক্ষ্য হোৱা উচিত ৷
“দেশক ভালপাওঁ বাবেই,
এইবাৰ কংগ্ৰেছক ভাল পাব লাগিব ৷
মোদীয়ে বেচি দিয়া অসম,
ৰাহুলে মোকলাই আনিব ৷“
আমাৰ শুভকামনা কংগ্ৰেছলৈ ৷ জয়যুক্ত হওক ৷ কিন্তু পাহৰি নাযাব, CAA বাতিল আৰু বস্তুৰ দাম নকমিলে, মই আকৌ সমালোচনাৰে থকা-সৰকা কৰিম আপোনালোকক ৷ কাৰণ, কোনো দল মোৰ প্ৰিয় নহয় ৷ মোৰ বাবে দেশ আৰু দেশৰ মানুহহে প্ৰিয় ৷ দেশৰ মানুহে কান্দিলে, আপোনালোককো কান্দিবলৈ আমি বাধ্য কৰি দিম ৷
ৰাইজ, কথাবোৰ গভীৰকৈ ভাবক ৷ ভাবি ভাবি মনে যি কৰিবলৈ কয়, তাকে কৰক ৷ কাৰণ দেশখন অকল মোৰে নহয়, আপোনাৰো ৷
পাবলিক জিন্দাবাদ
শিখা শৰ্মা
অসম
১৫৷২৷২০২১
বিঃদ্ৰঃ এই লেখা অসমৰ এগৰাকী বিশিষ্ট লেখিকা শিখা শৰ্মাৰ ফেচবুক ৱালৰ পৰা উদ্ধৃত।
No comments:
Post a Comment