মন ময়ূৰীৰ বিয়া ( খণ্ড নং ২২ ) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 15, 2021

মন ময়ূৰীৰ বিয়া ( খণ্ড নং ২২ )

 

গাড়ী খনৰ পাছৰ চিটৰ দুয়োফালে বহি আছিলে দুজন মানুহ |তাইৰ বহুত ভয় লাগিছিল | তাইৰ বুকুৰ ধপধপনি বোৰ বাঢ়ি গৈছিল | তাই চিঞঁৰিব খুজি ও ৰৈ গৈছিল | কোনে শুনিব এই গাড়ীত চিঞঁৰিলে | ভয় ভয়কৈ তৰালিয়ে মানুহ এজনৰ মুখলৈ চাইছিল | তাইৰ বুকুখন কপি উঠিছিল |

- সৰু দা তই

সি একো কোৱা নাছিল |

- মোক যাৱলৈ দে সৰু দা,মইটো তোৰ একো অপকাৰ কৰা নাই | তেন্তে তই মোৰ লগত কিয় এনেকুৱা কৰিছ |

কিন্তু নাই অংকিত মৌন | গাড়ীখনত থকা বাকি দুজন অংকিতৰ বন্ধু | তাইক আজি কোনে ৰক্ষা কৰিব | হয়টো তাই আজি অংকিতৰ ভয়ংকৰ সাস্তিৰ মুখামুখি হব | তৰালি ভয়ত কম্পমান |


        মনে ময়ূৰীক অভিমান কৰি আছে | তাই বাৰে বাৰে মনলৈ ফোন কৰিছে | কিন্তু সি ৰিচিভ কৰা নাই | ময়ূৰীৰ নিজকে অসহায় লাগিল | কি কৰিব তাই ! মন গৈছিল যেন এতিয়াই তাই মনৰ ওচৰত গুছি যাৱ | আৰু কব এয়া মই তোমাৰ অভিমান কিমান চাইছিলোঁ | কিন্তু মই জানো সঁচাকৈ তেনেকুৱা তুমি নাজানা ? আকৌ এবাৰ তাই তালৈ ফোন লগালে |এইবাৰ সি ফোন ৰিচিভ কৰিলে |

- ................

- হেল্ল' মন

-  ................

- কি হ'ল একো নোকোৱা ?

-...............

- হেল্ল' হেল্ল'

- কোৱা

- বাহঃ অভিমান কৰিয়ে আছা ?

- কি কথা আছে ?

- বহু কথা আছে | যেন কথাবোৰ শেষে নহব |

- কথা পাতিবলৈ তোমাৰ ফ্রেইণ্ডবোৰ আছে দেখোন | সিহতৰ লগত পাতা |

- ফ্রেইণ্ড ! ফ্রেইণ্ডতকৈ তুমি যে বহু ওপৰত |

- নহয় 

- তুমি নাজানা মন

- হব মোৰ টোপনি ধৰিছে শুই যাওঁ

- বাহঃ আজি ইমান সোনকালে টোপনি ধৰিল নে ?

- অহ

- কিবা খালা নে ?

- নাই খোৱা

- মোৰ কাৰনে তুমি আজি শাস্তি পালা ন ! ভগবানে মোক কেতিয়াওঁ ক্ষমা নকৰে |

- আজি আহোতে চিগাৰেট খাইছোঁ

- কি সঁচা ?

- উম সঁচা |

- কিয় খাইছা ?

- খামে সকলো খাম | 

- মোৰ শপত দিছোঁ আৰু একো নাখাবা নহ'লে মই

- নহ'লে কি

- বহুত কষ্ট পাম | 

- তুমি ও মোক আজি কষ্ট দিছা,ভাৱাছোন এবাৰ মোৰ উপস্থিতিত তুমি অইনৰ সৈতে কথা পাতিলে মই কিমান কষ্ট পাব পাৰো |

- মই জানো | চৰি আচলতে মই তোমাৰ অভিমান জুখিছিলোঁ |

- তাৰমানে মই তোমাৰ ঘৰত সদায় পৰীক্ষা দিব যাৱ লাগে নেকি ?

ময়ূৰীয়ে জোৰকৈ হাঁহিছিল 

- চৰি,চৰি বাবা |


              খং অভিমানৰ মাজত ও এটা খুৱ সুন্দৰ প্রেম | যি প্রেমৰ মাদকতাত আছে প্রকৃতিৰ সুবাস | যি প্রেম মাত্র এক স্বৰ্গীয় অনুভুতি | পবিত্র দুখন হৃদয়ৰ মহা মিলন |


অংকিতে জোৰকৈ ধৰি তৰালিক গাড়ীৰ পৰা নমাই আনিলে | পাছে পাছে তাৰ বন্ধু দুজন | সি তাইক ৰুমত চুলি খিনিত জোৰকৈ ধৰি বিচনাত গতিয়াই পেলাই দিলে |

- আজিৰ পৰা এই কোঠাত এটা প্রকাণ্ড তলা ওলমি থাকিব | 

- সৰু দা তই ইমান নিষ্ঠুৰ নহবি |

- আৰু যদি তই কৰবাত যাৱ খুজিছ তেন্তে মোৰ কষ্টৰ প্রতিদান বোৰ দি যাবি |

সি কোঠাৰ পৰা ওলাই আহিল | তাইৰ কন্দাৰ বাহিৰে জানো কিবা উপায় আছে | তাইৰ আজি ডাঙৰ ককায়েকলৈ মনত পৰিল | তাই নাজানে সি বা ক'ত আছে ! এই ফালে এই মস্ত চহৰ খনত মন ইন্সপেক্টৰক বিচাৰি উলিওৱাটো সহজ নহয় | তাই আজি উপায় বিহীন | কিছু সময় পাছত তাই অংকিতৰ ৰুমত খলনায়কৰ হাঁহিৰ দৰে কিছুমান হাঁহি শুনিব পালে | তাৰমানে তাৰ কোঠাত এতিয়া মদৰ আদ্দা চলিছে | বৰ ভয়ংকৰ পৰিবেশ এতিয়া তৰালিৰ জীৱনত | ভয় শংকাই আগচি ধৰিছে তাইক |লাহে লাহে তাই কান্দি কান্দি তাইৰ ভাগৰুৱা দেহটো বিচনাত এৰি দিলে |  লাহে লাহে তাইৰ চকু লাগিছিল |


         সুকোমল ৰ'দালিৰ প্রভাতী কিৰনে তাইৰ কোঠাৰ খিৰিকি খনৰে সোমাই আহিছিল | তাই বিচনাতে উঠি বহিছিল | এইফালে কোঠাৰ গৰ্জা বন্ধ | যেন আজি তাই অসহায় দৈৱকী কংখ ৰ কাৰাগাৰত বন্দী | কাক কব কোনে শুনিব | কিন্তু তাই ও অপেক্ষাত আছে যেনেকে ভগবান শ্রীকৃষ্ণ জন্মাৰ লগে লগে দৈৱকী উদ্ধাৰ হৈছিল ককায়েকৰ কাৰাগাৰৰ পৰা ঠিক তেনেকে তাই এদিন উদ্ধাৰ হবই | তাই খিৰিকি খনৰে বাহিৰলৈ চালে | তলত দেখিলে মন ইন্সপেক্টৰ | সি সিহতৰ অট্রালিকাৰ ফালে চাই আছে ! কিন্তু সি তাইক দেখা নাই | তাইৰ মনটো হাঁহাকাৰ কৰি উঠিল ট তাই খিৰিকি খন সম্পূৰ্ণকৈ খুলি দিলে | যিমান পাৰে সিমান মনৰ দৃষ্টিত তাই পৰিবলৈ চেষ্টা কৰিলে | কিন্তু নাই সি তাইক দেখা নাই | শেষত তাই উপায় বিহীন হৈ বিচনাৰ কাষত থকা ৰুমাল খন মনৰ কাষলৈ পেলাই দিলে | ৰুমাল খন গৈ মনৰ মূৰৰ ওপৰতে পৰিল | সি ৰুমাল খন হাতেৰে চাই ওপৰলৈ চালে | আৰু তৰালি ও তাৰ চকুত পৰিল | মনে বলিয়াৰ দৰে দৌৰি আহিল | তৰালিয়ে হাত খন জোকাৰি জোকাৰি মনক আহিব বাধা কৰিলে কিন্তু নাই মন ওপৰত উঠি আহিল | তৰালিৰ বুকুখন আজিওঁ কপিল | কিছু সময় পাছত মনে তৰালিৰ খিৰিতিৰ কাষৰ বেলকনিত আহি উপস্থিত হ'ল |

- মই পাগল হৈ গৈছোঁ তৰালি | ইমান বাৰ কলিং বজাইছোঁ কিন্তু আপোনাৰ সহাৰি নাই |

- প্লীজ আপুনি যাওঁক | প্লীজ

তৰালি য়ে মনক হাতজোৰ কৰি কৈছিল |

- হাৰে আপুনি কিয় মোক এনেকে কৈছে |

- সি আহি আজি আকৌ আপোনাক বদনাম দিব,মই মিছাতে আপোনাক বদনামী কৰিব নোখোজো |

- দিয়ক | মিছাতে যদি বদনামী হওঁ হম | কিন্তু

- আপুনি

- অ আপোনাক ভাল পাই পেলাইছোঁ

- কি !

- উম আপোনাৰ প্রেমত বলিয়া হৈছো !

তৰালিয়ে লগে লগে খিৰিকি খনত মূৰটো লগাই কান্দিব ধৰিলে |

- আপুনি কিয় কান্দিছে

- কান্দিব মন গৈছে

- মানুহে হাঁহিব লাগে

- হাঁহিব চেষ্টা কৰিলেওঁ চকু পানি ওলাই

- হৃদয় খনক কষ্ট দিব নালাগে

- নাজানো হৃদয় খন নিজে নিজে বিষাই

- দুখ লাগিলে কোনোবা এজনক কব লাগে 

- কাষত কোনোবা থাকিব ও লাগিব |

- বিচাৰিব লাগিব আপুনি

- বিচাৰিবলৈ পথ খোলা ও হব লাগিব ন

- আবদ্ধ দৰ্জা খন ভাগিব লাগিব

- দেহত শক্তিওঁ থাকিব লাগিব |

- এবাৰ ওলাই আহকচোন কাষৰ পৰা চাওঁ আপোনাক |

- আপুনি আৰু মোক কষ্ট নিদিব

- আপোনাৰ কষ্টবোৰক কবৰ দিবলৈ আহিছোঁ

- আপুনি

- আহক না এবাৰ ওলাই

- দৰ্জা খন বন্ধ আছে,তলা এটা ওলমি আছে মই এতিয়া কংখৰ কাৰাগাৰত |

- কি !

- প্লীজ আপুনি গুছি যাওঁক

- নাযাওঁ আপোনাক ইয়াৰ পৰা চাই থাকিম |

- নহয়,আপুনি আৰু মিছাতে

- চাওঁক কথাবোৰ ফাদিল কৰিম নেকি ?পুলিছে তাক কাৰায়ত্ত কৰিব | মিডিয়াই তাৰ সকলো অপৰাধ ফাদিল কৰিব |

- নাই নালাগে দিয়ক | তেজ মঙহৰ ককাইদেউ সি মোৰ | সি কষ্ট পাব নালাগে | এদিন সি তাৰ ভুল বুজিব |

- আপুনি

- উম যাওঁক এতিয়া | মাত্র আপোনাৰ এদ্রেছতো দি যাওঁক |

- জালুকবাৰী থানা |

- ঠিক আছে |

- আপোনাৰ ৰুমাল খন |

- লৈ যাওঁক সেইখন,সেইখন চালে তেতিয়া তৰালিলৈ মনত পৰিব |

- আহো

- উম যাওঁক |

মন গুছি গ'ল | তৰালিয়ে যেন এতিয়াই চিঞঁৰি কব | মন এই কাৰাগাৰৰ পৰা মোক উদ্ধাৰ কৰি লৈ যাওঁকচোন | মই মুকলি আকাশৰ তলত থাকিব বিচাৰো |


            আকৌ আজি ৰাতিওঁ কালিৰ দৰে | অংকিতৰ ৰুমত মদৰ আদ্দা | উচ্ছ স্বৰত সংগীত বজাই হাই হাল্লা | মাজতে মদৰ ৰাগীত অংকিতে চিঞঁৰিছে |

- এইখন মোৰ ঘৰ | ইয়াত কোনে কি কৰিব মোক | আৰে মন গৈছে দান্স কৰ | মন গৈছে শুই থাক | তৰালিৰ অসহ্য হৈছিল | এতিয়া একো কব ও নোৱাৰে | শেষত উপায় বিহীন হৈ তাই শুই যোৱাৰ সিদ্ধান্ত ল'লে | কিছু সময় পাছত তাইৰ টোপনি আহিল |

             তেনেতে তৰালিৰ টোপনি ভাগি গ'ল | তাই অনুভৱ কৰিলে তাইৰ লাহি দেহত কাৰোবাৰ কঠোৰ হাতৰ পৰশ | লাহে লাহে দেহৰ গোপন অংশত হাতৰ বোলনি | তাই ভয় ভয়কৈ চালে | 

- কোন ?

লগে লগে তাইৰ চকুত বিজুলি বাতিৰ পোহৰ পৰা দৰে লাগিল | এখন ভয় লগা চিনাকী মুখ |


                              ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages