ভাং আৰু ধতুৰাত আছে নিকি কিবা ঔষধি গুণ ? - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 15, 2021

ভাং আৰু ধতুৰাত আছে নিকি কিবা ঔষধি গুণ ?


ভগৱান শিৱৰ পূজা আৰাধনা সকলোতকে সহজ আৰু সৰলন।মহাদেৱক প্ৰসন্ন কৰিবলৈ।মিঠাই বা ভোগৰ প্ৰয়োজন নহয়। ভগৱান শিৱক সন্তুস্ত কৰিবলৈ প্ৰকৃতিৰ দান বেল, বেলৰ পাত, ধতুৰা, আৰু এঘটি পানীৰে অতি প্ৰয়োজন।দৰাচলতে এইকেইবিধ বস্তু ভগৱান শিৱৰ বহুত প্ৰিয় হয়।সেইবাবে এই বস্তু কেইপদক দিলে ভলেনাথ সন্তুস্ত হয়। 


শিৱ পুৰাণৰ অনুসাৰি যেতিয়া দেৱতা আৰু দানৱসকলে অমৃত প্ৰাপ্তিৰ বাবে সাগৰৰ মন্থন কৰিছিল, তেতিয়া মন্থনৰ দ্বাৰা সাগৰৰ পৰা বিষ ওলাইছিল। ভগৱান শিৱই সাগৰ মন্থনৰ দ্বাৰা উৎপন্ন হলাহল বিষক পান কৰি এই সৃষ্টিক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিল। এই বিষক মহাদেৱে কন্ঠৰপৰা শৰীৰৰ তললৈ যাব নিদিছিল। যাৰ বাবে মহাদেৱৰ কন্ঠে নীলা হৈ পৰিছিল। সেইবাবে ভগৱান শিৱক নীলকণ্ঠ বোলা হয়। হলাহল বিষ মহাদেৱৰ শৰীৰত যোৱাৰ বাবে তেওঁৰ মষ্টকলৈ বিষ গৈছিল। আৰু সেইবাবে মহাদেৱ অচেতন হৈ পৰিছিল। 


দেৱী ভাগৱতী পুৰাণত কোৱা হয়, এনে পৰিস্থিতিত আদি শক্তি প্ৰকট হল আৰু মহাদেৱক কষ্টৰ পৰা মুক্তি দিবলৈ বন ঔষধি পানীৰ দ্বাৰা মষ্টকত দিবলৈ কলে।আদি শক্তিয়ে কোৱাৰ দৰে দেৱতাসকলে মহাদেৱৰ মষ্টকৰপৰা হলাহল বিষৰ গৰমক দূৰ কৰিবলৈ তেওঁৰ মূৰত ধতুৰা ভাং ৰাখিলে আৰু নিৰন্তৰে জল মূৰত দিয়া গল।এনে কৰিলত মহাদেৱৰ মষ্টকৰপৰা বিষৰ গৰম দূৰ হল।সেই সময়ৰ পৰাই ভগৱান শিৱক ধতুৰা ভাং জল দিয়া গল।। 


ভাং আৰু ধতুৰাক ঔষধি গুণ সম্পন্ন কোৱা হয়। শাস্ত্ৰত বেলৰ তিনিখিলা পাতক ৰজা, শত, তম, গুণৰ প্ৰতিক কোৱা হয়। বেলক, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ প্ৰতিক মনা হয়। সেইবাবে মহাদেৱৰ পূজাত বেলৰ ব্যৱহাৰ কৰা হয়।

ঔঁ নমঃ শিৱাই

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages