অৱশ্যে বহুতো ডেকা লৰাছোৱালীয়ে ইয়াৰ মুল কাৰনটো নাজানে । কোনোবাই পালিছে - আমিও পালিছো -এটা আমোদৰ দিন বুলি। প্ৰেমৰ দিন বুলি । কিছুমানে ৰঙা গোলাপ বিলাইছে,কাৰ্ড বিলাইছে ,ইজনে সিজনলৈ , প্ৰেমিকে প্ৰেমিকালৈ........বচ্ ইমানেই ...।
আজিৰ পৰা প্ৰায় ডেৰ হেজাৰ বছৰ আগৰ কথা । ভাৰতক বাদ দি প্ৰায়বোৰ দেশতে -বিশেষকৈ ইউৰোপ মহাদেশত ভাৰতৰ নিচিনাকৈ বিবাহ বা স্বামী স্ত্ৰী পুত্ৰ জী আদিৰে কোনো স্থায়ী পৰিয়াল পাতি বাস কৰা বা লৰাছোৱালী জন্ম দি লালন পালন আদি কৰাতো বিৰম্বনা বা সময়ৰ অপচয় বুলিয়েই গণ্য কৰিছিল । ইংৰাজসকলে নাৰীক সমাজত উচ্চ স্থান দিয়াৰ বিপৰীতে কেৱল ক্ষন্তেকীয়া ভোগৰ সামগ্ৰী হিচাবেহে ব্যৱহাৰ কৰিছিল । মন গলেই ইজনীক এৰি সিজনীক লোৱাটোত কোনো বাধানিষেধ নাছিল । নাৰীয়ে পুৰুষক কেৱল যৌনসুখ দিয়াৰ বাহিৰে আন একোতেই কোনো অধিকাৰ নাছিল । এটাই ধৰ্ম -Live in relationship . এজনী দুজনী ১০/২০/৪০/৫০জনী যিমানেই relation নহওক...।সেয়ে বনৰ পশুপক্ষীৰ নিচিনাকৈ কাৰ ঔৰষত কোন সন্তান জন্মিল স্বয়ং মাক দেউতাকেও নাজানে । তেওলোকে স্বামী স্ত্ৰী মানে ক্ষন্তেকীয়া Boy friend /Girl friend হে । সন্তান জন্ম হলে গিৰ্জা ঘৰত দিয়া হয় আৰু তাত থকাসকলেই father,mother,brother,sister uncleইত্যাদি ! পেহা পেহী, মহা মাহী ,জেঠা জেঠী, মামা ভাগিনএইবোৰ একো নাই । (এতিয়াও নাই ) অৱশ্যে ১৯৫০ চনত নাৰীৰ বাবে কিছু আইন সংশোধন কৰাৰ পিচত এতিয়াহে ৩০/৪০ শতাংশ লোকে স্থায়ী পৰিয়াল পাতি বাস কৰিব লৈছেহি।
৪৭৮চনৰ কথা :--ইউৰোপত ভেলেনটাইন নামৰ এজন অতি বিদ্বান লোকৰ আৱিৰ্ভাৱ হয় । তেওঁ বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি ভাৰতৰ লেখিয়া স্থায়ী পৰিয়াল ব্যৱস্থাত খুবেই সন্তুষ্ট হৈছিল আৰু ইউৰোপতো সেই ব্যৱস্থা প্ৰচলনৰ বাবে বহুতকে বুজাইছিল । শেষত তেওঁ গিৰ্জাৰ পাদ্ৰী নিযুক্ত হয় । পাদ্ৰী হৈ বিবাহ ব্যৱস্থা , পৰিয়াল পাতি বসৱাস কৰা আদি বিষয় বহুতকে বুজালে ।ডেকাচামত বুজাই বুজাই শ শ যুৱক যুৱতীক বিয়া পাতি স্থায়ী পৰিয়াল পতালে ।
সেই সময়ত ৰোমৰ একচত্ৰী ৰজা আছিল ক্লডিয়াচ (claudius) তেওঁ অতি পৰাক্ৰমী ,দুৰ্দান্ত আৰু নিৰ্দয় ৰজা আছিল । ৰজাৰ বিনা অনুমতিত ভেলেন্টাইনে বিয়া পতা আইন বিৰুদ্ধ কাম কৰাৰ কথা শুনাৰ লগে লগে ভেলেন্টাইনৰ প্ৰতি ক্ৰুদ্ধ হয় আৰু তেওক বন্দি কৰি ফাচীৰ হুকুম জাৰি কৰিলে । আগৰ দিনত ফাচী দিয়া কাৰ্য্য ৰাজহুৱা স্থানত ৰাইজক দেখুৱাই কৰা হৈছিল । ভেলেন্টাইনকো ৰাইজ তথা তেওঁৰ অনুগামী বিয়া পতা সমুহ দম্পত্তিৰ সমুখত ৪৯৮ চনৰ ১৪ ফেব্ৰুৱাৰি তাৰিখে নৃশংষ ভাবে ফাচী দিয়া হয় । পৰৱৰ্তী কালত সেই দম্পত্তি সকলে তেওঁলোকৰ প্ৰিয় পাদ্ৰীজনৰ উক্ত তাৰিখ টোক ভেলেন্টাইন দিৱস এটি শোকৰ দিৱস হিচাবে পালন কৰিবলৈ লয় ।
কথাতো নিশ্চয় বুজিলে ।
🖐পিছে ৰব ।🖐
আমাৰ ৰামায়ন মহাভাৰতৰ যুগৰ হেজাৰ হেজাৰ বছৰৰ পৰা স্থায়ী সুখী বংশ পৰিয়াল পাতি বাস কৰা ভাৰতীয় সকলক এই দিৱসটো বাৰু কিয় লাগে ? দেৰ হেজাৰ বছৰ আগৰ বৰ্বৰ ,উশৃঙ্খল ইংৰাজৰ সেই দিৱসটোৰ সোৱৰন আমাক কিয় লাগে বাৰু?যদি ১৪ ফেব্ৰুৱাৰিৰ ভেলেনটাইন দিৱসটো ডেকা ডেকেৰী হঁতৰ বাবে প্ৰেমৰ দিৱস বুলি ভবা হয় অসম নাইবা ভাৰতীয় ইতিহাসত অনেক অমৰ প্ৰেম কাহিনী আছে।তাৰেই এটা দিৱস পালক । ইউৰোপত বিয়া পতা দম্পতিহে ভেলেন্টাইন দিবস পালে । আমাৰ ১৫/২০ বছৰীয়া স্কুল-কলেজীয়া ডেকা ডেকেৰীবোৰক কিয়বা লাগে এই দিৱসটো ? ভেলেনটাইন নামৰ মানুহজনৰ লগত কিয়েবা সম্পৰ্ক আছে আমাৰ ভাৰতীয় লোকৰ?
ভাৰতক লুতি পুতি খোৱা ইংৰাজ সকলক নকল কৰাটোৱেই আমাৰ স্বভাৱ হল নেকি ?বছৰৰ বেচিভাগ দিনেই চোন বিদেশৰ দিৱসেই পালন কৰো !নে এতিয়াও আমি বিদেশৰ গোলাম হৈয়ে আছো? যেন তেওলোকৰ দিৱসবোৰ নাপালিলে অপৰাধ হব (?) আমাৰ ন-প্ৰজন্মৰ "ভেলেনটাইন ডে " পালন কৰা ডেকা ডেকেৰীয়ে শঙ্কৰ মাধৱ, জ্যোতি বিষ্ণুৰ জন্ম-মৃত্যু দিৱসবোৰ তপৰাই কব পাৰিবনে নোৱাৰে নাজানো । আৰে ভাই দিৱস পালন কৰা - আমাৰ নিজৰ ভাল মানুহ বোৰৰ দিৱস জাক জমককৈ পালন কৰা , নিজৰ দেশৰ হকে জীৱন বলীদান দি যোৱা মহান ব্যক্তিসকলৰ দিৱস পালন কৰা.............
নে কি কয় বন্ধুসকল?????? (সংগ্ৰহ)
শ্ৰী যতীন দাস । মালয়বাৰী
কামৰূপ মহানগৰ/ অসম
( লিখনিৰ ভুল ত্ৰুতি মাৰ্জনা কৰিব আৰু পঢ়ি ভাল পালে শ্বেয়াৰ কৰিব ।
:অন্ততঃ সকলো
"ভেলেন্টাইন দিৱস" প্ৰেমী ডেকাসকলে পঢ়ক)
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কমল লোচন পাঠকৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment