তিতাবৰত সকলোৰে মাজত সোণদা নামে পৰিচিত এগৰাকী বিশিষ্ট তথা সৰবৰহী ব্যক্তি তীৰ্থ দত্তৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।উল্লেখ্য যে শুক্ৰবাৰৰ নিশা তেখেতে শ্বাস-শ্ৰশ্বাসত কিছু কষ্ট পোৱাত ততাতৈয়াকৈ যোৰহাটৰ মিচন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।কিন্তু ক্ৰমান্নয়ে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটি আজি অৰ্থাৎ দেওবাৰৰ পুৱতি নিশা চিকিৎসালয়তে তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। ৮২ বছাৰ বয়সত বিয়োগ হোৱা তিতাবৰ ভাগৱতীপাৰা নিবাসী তীৰ্থ দত্তৰ মৃত্যুৰ কাৰন হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত হোৱা বুলি চিকিৎসকে মন্তব্য আগ বঢ়াইছে।তিতাবৰ তিনিআলিত প্ৰতিষ্ঠিত দত্ত হোটেলৰ স্বত্তাধিকাৰী আছিল তীৰ্থ দত্ত। আৰু এটা সময়ত অঞ্চলটোৰ বিভিন্ন অভাবি লোকক তেখতে এটকাও ধন নোলোৱাকৈ তেখেতৰ হোটেলত আহৰ প্ৰদান কৰোৱাৰ বহু উদাহৰণ আছে।সেয়ে আময়িক স্বভাবৰ ব্যক্তিগৰাকীৰ মৃত্যুৰ বাতৰি যেন তিতাবৰ বাসীয়ে আজি সহজভাবে লব পৰা নাই।তেখেতৰ মৃত্যুত দুখ প্ৰকাশ কৰি তিতাবৰ তিনিআলিৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ আজি কিছু সময় বন্ধ থাকে।মৃত্যুৰ পৰত তেখেতে পত্নী,দুটি পুত্ৰ সন্তান,বোৱাৰী,নাতি আৰু বহু গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে।
No comments:
Post a Comment