মন ময়ূৰীৰ বিয়া ( খণ্ড নং ২১ ) - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 14, 2021

মন ময়ূৰীৰ বিয়া ( খণ্ড নং ২১ )

 

- উম মই ,কি কৰিছা এইবোৰ !

- আচলতে কি জানা কাজল | তাই মোৰ এই পবিত্র ঘৰটো বেশ্যালয় কৰি পেলাইছে |তাই চাল্লা এজন পুলিচ অফিচাৰৰ সৈতে সহবাস কৰি আছিল |

- কি ?

- মিছা কথা

তৰালিয়ে চি়ঞঁৰিছিল |

- ঐ চিঞঁৰিলে সঁচা বোৰ মিছা নহয় | মই তাক ভালকৈ দেখিছোঁ |

- তোমাৰ ভন্টিয়ে

- উম মোৰ সকলো সন্মান শেষ কৰি পেলাইছে |আহা ভিতৰৰ ৰুমত আহা |

- উম ব'লা |


        অংকিতে কাজলক লগত লৈ তাৰ নিৰ্দিষ্ট কোঠাৰ ভিতৰত সোমাল | তৰালিয়ে দেৱাল খনত মূৰটো লগাই হুকহুকাই কান্দিলে নিজৰ ভাগ্যক ধিয়াই | কিমান আৰু অত্যাচাৰৰ মুখামুখি হব তাই | কিমান আৰু যাতনা ভুগিব | সকলোবোৰ আশাৰে দেখোন মৃত্যু হব লৈছে | আজি তাইৰ কি নাই,এতিয়া সমাজৰ মাজত ওলাই গ'লে সকলোৱে তাইক আগচি ধৰিব | স-সন্মানেৰে আগুৱাই নিব | সকলোৱে তাইক আদৰনি জনাৱ নিজৰ ঘৰ খনত |কিন্তু আজি তাই মানুহ ৰূপী এজন দানৱৰ অত্যাচাৰত নিঃশেষ হোৱাৰ পথত | তাই চকুুপানী খিনি মছি ল'লে | ভিতৰৰ কোঠাত সোমাই তাই দুপাট্রা খন মানুহে চিনি নোপোৱাকৈ মুখত মেৰিয়াই ল'লে | কাৰন আজি তাই মুখা পিন্ধী সমাজৰ মাজত ওলাৱ | এইজনী তৰালিয়ে গায়িকা তৰালিৰ পৰিচয় নিদিয়ে | নহ'লে মানুহৰ সন্মুখত তাই বহুত লাজ পাব | তাই অংকিতে গম নোপোৱাকৈ খুৱ সাবধানে ৰাস্তাত খোজ দিলে | যাতে তাই ঘৰৰ পৰা ওলাই অহা কথাটো কোনো কাৰনতে অংকিতে গম নাপায় | তৰালি আগবাঢ়িল,,,,,,


ক্ৰিং ক্ৰিং ক্ৰিং

কলিং বেলৰ শব্দ শুনি ময়ূৰীয়ে দৰ্জা খুলি চায়ে মনক দেখিলে |

- বাহঃ শাশু আইৰ নিমন্ত্রন ৰক্ষা কৰিলা |

- শাহু আই নহয় মা হয় |

- ওৱাহঃ আহা সোমাই আহা বহা |

মনে আজি ময়ূৰীৰ ঘৰত নিমন্ত্রন ৰক্ষা কৰিছে | এয়া ময়ূৰীৰ মাকৰ নিমন্ত্রন আছিলে |

- মা ক'ত 

মনে ময়ূৰীক সুধিছিল | ময়ূৰীয়ে মোবাইলতে ব্যস্ত হৈ আছিলে |

- ময়ূৰী মা ক'ত আছে ?

তেনেতে ময়ূৰীয়ে মোবাইল ৰ প্রতি লক্ষ্য ৰাখিয়ে মনক সুধিছিল |

- কিবা সুধিছিলা ?

- তুমি কিহত ব্যস্ত ?

- নকবা আৰু বহুদিনৰ মূৰত মোৰ বন্ধু এজনে মেচেজ কৰিছে |

- হয় নেকি !

- উম ! জানা ই যে তামাম,,,,

- হব নুশুনো

- ঠিক আছে |

আচলতে ময়ূৰীৰ আজি আচৰন বোৰ মনৰ ভাল নালাগিল | যিমান যি নহওঁ সি বিচাৰিছিল এই সময়ত তাৰ ভালপোৱা জনীয়ে তাক অকনমান সময় দিয়ক | কিন্তু ময়ূৰী আজি ব্যস্ত তাইৰ বন্ধুৰ লগত |

মনে তাইক লক্ষ্য কৰি আছিল | তাই ৰ চকু প্রতি মূহুৰ্ত্তত মোবাইলৰ ডিচপ্লেই ৰ ওপৰতে | তেনেতে তাইৰ ফোনটো বাজিছিল | তাই বহাৰ পৰা উঠিছিল |

- তুমি বহা দে মই,আহি আছোঁ

কথা খিনি কৈ তাই ফোন ৰিচিভ কৰি হাঁহি বাহিৰত ওলাই গৈছিল |


          মনৰ সঁচাই আজি আঘাট লাগিছে | আজি তাইৰ বাবে মন গুৰুত্বহীন হৈ পৰিল | আচলতে তাই এয়া কি বুজাৱ বিচাৰিছে | সি কাষত থকাৰ পাছত ও যদি তাই বেলেগৰ লগতে ব্যস্ত হৈ থাকে তেন্তে সেয়া কেনেকুৱা ভালপোৱাঁ হব | সি বিৰক্ত হ'ল অকলশৰে বহি বহি |

- অ তুমি আহিছা ?

তেনেতে ময়ূৰীৰ মাক কোঠাত সোমাই আহিল |

- উম আহিছোঁ মা |

- মই ভিতৰত ৰন্ধাত ব্যস্ত হৈ আছিলোঁ | ময়ূৰী ক'ত গ'ল |

- তাই বাহিৰত আছে |

- তুমি অকনমান বহা দে ,মই পাকঘৰত সোমাইছো |

- হব মা |

সঁচাই মনক আজি ময়ূৰীৰ আচৰনে জ্বলাই মাৰিছে | 

তেনেতে ময়ূৰী আকৌ ৰুমত সোমাই আহিছিল | আহি আকৌ বহি লৈছিল | মোবাইলটো ব্যৱহাৰ কৰি তাই মনক কৈছিল |

- মন কোৱা |

সি মুখেৰে মাত দিয়া নাছিলে |

সি লক্ষ্য কৰিছিল | এইবাৰ ময়ূৰী য়ে মোবাইল টোৰ ফালে চাই চিঞঁৰি উঠিল |

- হাই,বাহঃ বহুদিনৰ মূৰত তোমাক দেখিলো আজি | কি খৱৰ ,তামামা হেণ্ডচাম লাগিছে তোমাক ,,,,,

এইবাৰ মন ৰ খং উঠিল | তাই ভিডিঅ' কলত ব্যস্ত | আৰু তাৰ সন্মুখতে অইনক হেণ্ডচাম কোৱাটো সি সহ্য কৰিব নোৱাৰিলে | সি অধৰ্য্য হৈ পকেটত থকা টকা কেইটা ময়ূৰী ৰ গাত দলিয়াই দিছিল |

- লোৱা এয়া তুমি দিয়া টকা | আৰু শুনা এইটো মাহৰ ভিতৰতে মই তোমাৰ সকলো পইচাঁ ওভতাই দিম |

তাৰ চকুৰে চকুপানী ও নিগৰিছিল |

- মন কি হ'ল তোমাৰ ?

- তুমি মোক ঘৰত মাতি অপমান কৰিছা |

- হাৰে মই ফ্রেইণ্ডৰ লগত কথা পাতি আছো |

- ঠিক আছে তুমি ফ্রেইণ্ডৰ লগতে থাকা মোক আৰু কেতিয়াওঁ নিবিচাৰিবা |

ময়ূৰীয়ে মনৰ কথা গুৰুত্ব নিদি আকৌ ব্যস্ত হ'ল ফোনত | নাই মনে আৰু নাথাকে ইয়াত | এইজনী তাইৰ প্রেমিকা নেকি যিয়ে তাৰ চকুত চকুপানী দেখি ও তাক গুৰুত্ব নিদিলে | সি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল | সি এটা হুমুনীয়া এৰি চকুপানী খিনি মছি ল'লে | আৰু আকাশ খনলৈ চাইছিল !


          খুৱ ধুনীয়াকৈ আকাশৰ তৰা বোৰে হাঁহি হাঁহি জোনাক বিলাই,আছিল | নিস্বাৰ্থ এই তৰা বোৰ | কাকো কেতিয়াওঁ প্রতৰণা নকৰে সিহতে | মাত্র সিহতকে মাজে মাজে আমনি কৰে,বিশ্বাস ঘাটকতা কৰে আকাশৰ ডাৱৰে | তথাপি ও আক্ষেপ নাই সিহতৰ সিহত এনেকে থাকিব পৃথিৱীৰ বুকুত | মন আজি সঁচাই দুখী | মানুহৰ দুদিনীয়া কথা আচলতে সকলে পাহৰি যাৱ নালাগে | আজি তাক সকলোৱে প্রতৰণা কৰিছে | আকৌ এইবাৰ কৰিলে ময়ূৰীয়ে | কিন্তু কি অধিকাৰ আছিল তাইৰ তাক অপমান কৰাৰ | তাৰ জীৱনক নাহিলে হ'ল হৈ | সি কিছু সময় অপেক্ষা কৰাৰ পাছতো ময়ূৰীয়ে তাক বিচাৰি বাহিৰত নাহিল | নাই সি আৰু ইয়াত ৰৈ নাথাকে | সি তাৰ কোঠাত যাৱ | সি সিহতৰ ঘৰৰ পৰা মনে মনে ওলাই আহিছিল | মহানগৰীৰ ৰাতিৰ পৰিবেশত সি আগুৱাই গৈছিল |কিছু দূৰ গৈ সি নিশাৰ ষ্ট্রীত লাইটৰ পোহৰত দেখিছিল এজন মানসিক ভাৰসাম্য হেৰুৱা মানুহে ফুটপাথৰ ওপৰত বহি বিশেষ ভংগিমাত কিবা অকলে অকলে ভাওঁ দি আছিল |/p>

- বন্ধু তহতে সুখী মানুহ | না তহতৰ দুখ আছে,না সুখ আছে | একো কথাই উপলব্ধি কৰিব নোৱাৰ তহতে | না পেটৰ ভোক গম পা,নে ৰ'দ বৰষুণ | আচলতে তহতে এই পৃথিৱীৰ সুখী মানুহ | কিন্তু আমাৰ চকুত তহত পাগল |

আৰু কিছু দুৰ গৈ সি এজন মদাহী দেখিছিল | ধলং পলং কৈ আগুৱাই আহিছিল | তাক দেখি মদাহী জনে কৈছিল |

- ঐ ভাই বিয়া নাপাতিবি,মোৰ দৰে হব | মোৰ মাইকীয়ে চাল্লা বেলেগৰ প্রেমত মছগুল | মিছাতে দুখ চপাই নলবি ভাই | বিয়া নাপাতি সুখী হৈ থাক নহ'লে মোৰ দৰে মদাহী হবি | মদাহী,,,,,

কথা খিনি কৈ কৈ মদাহী জন গুছি গ'ল | মনে লক্ষ্য কৰিছিল ভিন ভিন মানুহৰ ভিন্ন জীৱন শৈলী | সঁচাই কেতিয়াবা মানৱ জাতিটো সঁচাই ঘৃনা লাগে |

ফুটপাথৰ দোকান খন বন্ধ কৰিব লৈছিল মাত্র তেনেতে মনে মহিলা জনীক ক'লে |

- বাইদেউ চিগাৰেট দিয়কছোন  |

মহিলা জনীয়ে তাক চিগাৰেট দিলে | আৰু সি বাৰে বাৰে দিয়াচলাই জ্বলাইছে কিন্তু চিগাৰেট জ্বলাৱ পৰা নাই | কিছু চেষ্টাৰ মূৰত জ্বলালে |

আজি মনে জীৱনত প্রথম বাৰ মুখত নিচা জাতীয় বস্তু দিছে | সি ভাৱিছে এইবোৰ খাই সকলো বোৰ দুখ পাহৰি থকাই শ্রেয় |


   তেনেতে ময়ূৰীৰ মাক কোঠাত সোমাই আহিল | কিন্তু বহা চকী খনত দেখোন মন নাই | 

- ময়ূৰী

- অ মা

- মন ক'ত গ'ল

- সি বাহিৰত আছে চাগে |

- তাক মাত,মই ভাত বাঢ়ো |

- উম হব |

ময়ূৰীয়ে বাহিৰত আহি মনক বিচাৰিলে,ইমান সময় তাই মনৰ কথা পাহৰিয়ে আছিল | বাহিৰত তাই সকলো বিচাৰি চলাথ কিন্তু মন ক'তো নাই | ময়ূৰীয়ে চিন্তা কৰিলে মন ক'ত যাৱ পাৰে |

তাই মনলে ফোন লগালে | কিন্তু সি বাৰে কাতি দিছে | এইবাৰ ময়ূৰীয়ে মনক মেচেজ দিলে " মন প্লীজ ফোনটো ৰিচিভ কৰা "

এইবাৰ মনে ফোন ৰিচিভ কৰিলে |

- মন তুমি ক'ত আছা ? আহা মায়ে ভাত বাঢ়িছে |

- তোমালোকে খোৱা মই ৰুমত আহিলো |

- কি ! পাগল হৈছা নেকি তুমি ?

- ভাবিৱ পাৰা

- আহা ধেমালী নকৰিবা 

- ধেমালী নাই কৰা ,তুমি মোক পাহৰি যোৱা |

- মই কি কৰিলো মন ?

- গোড বাই

মনে ফোন কাতি দিছিল | ময়ূৰীয়ে আকৌ লগাইছিল কিন্তু নাই মনে সহাৰি নিদিলে |  তাই পাছলৈ ঘূৰি চাই দেখিলে মাক ৰৈ আছে |

- কি হ'ল ?

- মা সি ৰুমত গ'ল |

- কি !

- অহ,সি হেনো মোক বেয়া পাইছে |

ময়ূৰীৰ মাক ভিতৰত সোমাল | ময়ূৰীয়ে নিঠৰ হৈ থাকিল |


                   ইণ্সপেক্টৰ মনে মাকৰ লগত আলোচনা কৰি আছিলে বিয়াৰ |

- মা মোৰ এজনী ছোৱালীক ভাল লাগে |

- কাক ময়ূৰীক ?

- নহয় মা,তুমি বেয়া পোৱা ছোৱালী মই বিয়া নাপাতো |

- তেন্তে কাক ভাল লাগে তোৰ ?

- গায়িকা তৰালি কলিতাক !

- কি !

মনৰ মাকে হাঁহিলে |

- কিয় হাঁহিলা মা ?

- ইমান ডাঙৰ গায়িকা জনীয়ে জানো তোৰ সৈতে বিয়াত বহিব ?

- হাৰে মা মোৰ কি নাই,এটা চাকৰি আছে,দেখাত কাৰ্তিক ৰ দৰে চেহেৰা

- হব হব নিজকে কাৰ্তিক কৈ গৰ্ব কৰিব নালাগে |

- তুমি চাই থাকা মা,তাইক তোমাৰ বোৱাৰী কৰি আনিমে | তাতে মই কাৰোবাৰ লগত চেলেঞ্জ কৰিছোঁ মই ও এজনী ধুনীয়া ছোৱালী বিয়া পাতিম |

 

                এইফালে ডাঙৰ গায়িকা বুলি ভাৱি থকা তৰালিৰ জীৱনৰ যন্ত্রনা কোনোবাই জানো হৃদয়ংগম কৰিব পাৰিব |তাই নৰীয়া দেহাৰে বিচাৰি ফুৰিছে সকলো ফালে মাত্র মন ইন্সপেক্টৰক | কিন্তু তাইৰ ভুল হৈ গ'ল তাই তাৰ এদ্রেছ টো কেতিয়াওঁ নল'লে | তাই মুক্তি বিচাৰি ফুৰিছে আজি | নিশাৰ ৰাজপথত মানুহৰ সংখ্যা কমি আহিল | এতিয়াই তাইৰ মুখ খন দেখা হ'লে কিমান মানুহ তাইৰ কাষত থিয় দিলে হৈ | কিন্তু তাইৰ সেই ৰূপ অনুৰাগী বোৰক দেখাবৰ মন নাই | তাই যেন এতিয়া জীৱন যুদ্ধত হাৰ মানিব |

তাই উপায় বিহীন হৈ দোকান এখনৰ কাষত গ'ল | দোকান খনত ইতিমধ্যে বহু কেইজন ডেকাই আদ্দা মাৰি আছিলে |

- দাদা মন ইন্সপেক্টৰক চিনি পায় নেকি ?

- নাপাওঁ দে |

তাই আকৌ হতাশ মনৰে ওলাই আহিল দোকানৰ পৰা | 

পাছফালে ল'ৰা কেইটাই কোৱা কথা কেইটাই তাইক আঘাট কৰিলে |

- বেচেৰীয়ে চাগে মন প্রান দি ভালপাইছিল |

- সি তাইক প্রতাৰণা কৰিলে এতিয়া বিচাৰি ফুৰিছে|

- চা না কি মজা চেহেৰা তাইৰ |

তাই নিৰবে আতৰি আহিছিল | মন গৈছিল দোপাট্রা খন মুখৰ পৰা গুছাই দিব নেকি ! কিন্তু নাই সেয়া কৰি তাই লাজ হে পাব | তাইৰ বাস্তৱ জীৱন কিমান কঠোৰ ওলাই পৰিব | তাই আগুৱাই আহিছিল হতাশ মনে | তেনেতে তাইৰ কাষত এখন গাড়ী ৰ'ল | আৰু কোনোবাই তাইক পাছফালৰ পৰা ডাঙি লৈ গাড়ী ত বহাই দিলে | তাই চিঞঁৰিছিল |

- হেল্প 

কিন্তু নাই কোনো নাই | তাইক গাড়ীত ভৰাই গাড়ী খন তীব্র বেগত গতি কৰিলে |


                                     ক্ৰমশঃ ✍🏻 ৰাগ ৰঞ্জন

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages