ফেচবুকৰ প্রেম , ভেলেন্টাইন দে স্পেচিয়েল - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, February 14, 2021

ফেচবুকৰ প্রেম , ভেলেন্টাইন দে স্পেচিয়েল

ৰাতিপুৱা বিচনাতে আছো | মোবাইলত এটা মেচেজ অহাৰ শব্দ | 

- মল্লিকা মোবাইলটো দিয়াচোন !

ঠাণ্ডাৰ অনুভৱ নোযোৱালৈ বিছনাৰ ৰাতিপুৱাই বিচনাৰ পৰা উঠি অহাটো বহুত দিগদাৰ পাওঁ |সেয়েহে পত্নীক আদেশ দিলো |

- কত থৈছিলা নো ?

- চাৰ্জত আছে চোৱা |

- লোৱা,,,,

- ধন্যবাদ |

- হৱ নিজৰ পত্নীক ধন্যবাদ নিদিলেওঁ হৱ |

মল্লিকাৰ কথাত মই মাত্র এটা মিচিকিয়া হাঁহি মাৰিলো | মেচেজটো খুলিৱলৈ লৈছিলো হে,,

- মল্লিকা শুনাচোন

- আকৌ কি হ'ল |

- বিছনা খনৰ পৰা গৰম গৰম উম এটা আহিছে অ,,,,

- কি ! চাওঁ

মল্লিকাই চি.বি.আইৰ মানুহৰ দৰে অনুসন্ধানত নামিল |

- অ মাইনাই ,,,  

বুজিলো মোৰ ছোৱালী বিচনাতে,,,,এবছৰীয়া মোৰ ছোৱালী জনীয়েও মাজে মাজে মোক বৰ অশান্তি দিয়ে | ভাৱিছিলো উঠিলে ঠাণ্ডা লাগিৱ | কিন্তু নাই উঠিৱ লগা হৈ গ'ল | বিৰক্ত অনুভৱ কৰি উঠি আহিলো |বাহ মোৰ পত্নীয়ে যেন বৰ সুখ পালে মই উঠি আহিৱ লগীয়া হোৱাত |

- হেৰা, মাইনাক লোৱাচোন অকমান,,,

আকৌ মহাৰানীৰ অৰ্ডাৰ | নাকচ কৰাৰ ও মোৰ শাহস নাই | তেনেতে মা আহিল,,,

- বোৱাৰী তাই 

- ৰাখকচোন মা অকমান |

উফ ৰক্ষা যেনিতেনি | মেচেজটো শান্তিত চাৱ নোবাৰো |এইবাৰ মেচেজটি খুলিৱ লৈছো হে

- আকৌ কৰবাত প্রেমত পৰিলা নেকি ?

পত্নীৰ কথাষাৰত মই অবাক হৈ গলো |

- কি হ'ল মহাৰাজ নিমাত যে

মই একো উওৰ নিদিলো | মেচেজটো খুলিলো | " হেপি ভেলেন্টাইন দে "

- মল্লিকা, অ মল্লিকা

- কি হ'ল ইমানকে তেটুফালি মৰিছা যে,,,

- আজিবোলে ভেলেন্টাইন দে,,,,

- অ হয় নেকি ? কাৰোবাক লগ কৰিৱ যাবা চাগে,,,,sbygoogle = window.adsbygoogle || []).push({});

মল্লিকাই হাঁহি এটি মাৰি গুছি গ'ল |

আচলতে তাই মোক জোকাই ভালপায় |মোৰ অকমান কথাতে খং উঠে | তেতিয়া তাইৰ মোক মৰম কৰিৱ অকমান সহজ হয় |আজি মই তেওঁৰ কথাত বিশেষ গুৰুত্ব নিদিলো |

মোৰ মনটো উৰি গ'ল তিনিবছৰৰ স্মৃতি লৈ |

ৰাতিপুৱা বিচনাত ফেচবুকটো চাৱ লৈছো হে | এজনী ছোৱালীৰ ফ্রেইণ্ড ৰিকুৱেষ্ট | প্রফাইলটো চালো | এযুৰি সুন্দৰ চকুৰ গৰাকী | ভাল লাগিলে ৰিকুৱেষ্ট এচেপ্ত কৰিলো |

ধন্যবাদ

ইনবক্সত আহি গ'ল তাইৰ মেচেজ | মই ও দেৰি নকৰিলো " মোষ্ট ওৱেলকাম " |মই ফেচবুক এটা নিৰ্দিষ্ট সময়লৈহে ব্যৱহাৰ কৰো | মই মেচেজটি পঠাই মই মোবাইলটো থৈ নিজৰ কামত যাৱলৈ সাজু হলো | দিনটোৰ ব্যস্ততা বাবে মই ফেচবুক ব্যৱহাৰ কৰিৱ সময় নাপাওঁ | ৰাতিৰ আহাৰ গ্রহন কৰি বিচনাত পৰি নেট অন কৰিছো মাত্র |

- দিনটো তুমি এবাৰ অনলাইন নাই,কতনো ব্যস্ত আছিলা | তুমি নাযানা যে তোমাৰ কাৰনে কোনোবা ৰৈ থাকিৱ ও পাৰে |

মোৰ চকুদুটা দুই ইঞ্চিতকৈ বেছি বহল হ'ল |আৰে নতুন বান্ধৱীৰ দেখোন অভিমানী মেচেজ | মনটো অকমান ভাল ও লাগিল | নিসংগ জীৱনৰ সংগী আহিল | লাহে লাহে তাইৰ লগত ঘনিষ্ঠ হৈ পৰিলো | মই কৱ নোবাৰাকৈ তাইৰ প্রেমত পৰিলো | মই যানো মোৰ নিচিনাকে তাইও মোৰ প্রেমত পৰিছে | কিন্তু ছোৱালী মানুহে প্রেমট পৰিলে আগতে কেতিয়াওঁ প্রস্তাৱ নিদিয়ে মই যানো | গতিকে মই প্রথমতে মোৰ প্রস্তাৱটি আগবঢ়ালো |

কিন্তু তাইও বহুত সহজতে মোৰ প্রস্তাৱটি গ্রহন কৰিলে | তাৰ পাছত আমাৰ মাজত বিভিন্ন ধৰনৰ কথা |

আমি মাজে মাজে মোবাইলত ও কথা পতা আৰম্ভ কৰিলো |

- হেল্ল'

- কি কৰিছা ?

- শুই আছো ,কোৱা

- তোমাক এবাৰ লগ কৰিৱ মন গৈছে | তোমাৰ কোমল হাতৰ পৰশ লবলৈ বহুত মন গৈছে যানা |

- থিক আছে তেতিয়া হ'লে এইবাৰ ভেলেন্টাইন দে ত আহা | আমি লগ হম |

-হৱ বাৰু |

মই ভেলেন্টাইন দেৰ এদিন আগত যাৱলৈ ওলালো | কাৰন তাই উজনিৰ মই নামনিৰ |

মই ৰাতিপুৱা ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাত্রা কৰিলো | মই গুৱাহাটীৰ আই.এচ.বিতিত নামি গাড়ীৰ সন্ধান কৰিলো | গম পালো সন্ধিয়া ৬ বজাত "ভগৱান" নামৰ নাইট চুপাৰ খন যাৱ |সন্ধিয়ালৈ অপেক্ষা কৰিলো | নিৰ্দিষ্ট সময়ত গাড়ীত বহিলো | মোৰ যাত্রা ধেমাজি |খিৰিকিৰ কাষত বহি ৰাতি জোনাকৰ পোহৰত ,জ্বলি থকা লাইটৰ পোহৰত প্রকৃতিৰ মনোমোহা ৰূপ উপভোগ কৰি গৈ আছো | মোৰ কাষত বহা মহিলাজনীক লক্ষ্য কৰিলো তোপনিত পৰিছে | মোৰ কিন্তু গাড়ীত কেতিয়াওঁ তোপনি নাহে |

- হেল্ল'

- কি পালা !

- একো ধৰিৱই পৰা নাই |

- অ'

- তুমি তোপনি যোৱা নাই ?

- তুমি এনেকে কষ্ট কৰি আছা | আৰু মই তোপনি গ'লে ভাল দেখিৱ নে ?

মনটো যে কিবা এটা ভাল লাহি গ'ল তাইৰ কথাত | মই গাড়ীত তাইৰ কথাকে ভাৱি গৈ থাকিলো | ৰাতিপুৱা ৮ বজাত মই ধেমাজি গোগামুখ পালো | আৰু গাড়ীৰ পৰা নামিলো | নামিয়ে মনটো কিবা এটা ভাল লাগিল গোগামুখ চহৰ খন দেখি | মই তাত হোটেল এখনত গৈ থকাৰ ব্যৱস্থা কৰিলো | অকমান বিছনাত পৰিছো | তাইৰ ফোন,,,

- হেল্ল'

- কত আছা ?

- হোটেলত |

- মই ঘৰৰ পৰা ওলালো | তুমি গোগামুখত গাড়ী পাবা | তাৰ পৰা মাছখোৱালৈ আহা |

কথা মতে কাম মই গাটো ধুই কাপোৰ পিন্ধি সাজু হলো প্রেয়সীক প্রথম বাৰ দেখা কৰিবলৈ | আজি প্রথম লগ কৰিম গতিকে কিবা এটা তাইক উপহাৰ দিৱ লাগিৱ |তাতে আকৌ আজি ভেলেন্টাইন দে,, ,

মই কিতাপৰ দোকান এখনৰ পৰা " অসীমত যাৰ হেৰাল সীমা " কিতাপখন লৈ মাছখোৱালৈ যাত্রা কৰিলো |এটা সময়ত মই মাছখোৱা পালো | তাইলৈ ফোন এটা কৰিলো|

- হেল্ল'

- কত আছা ?

- মই গাড়ী ষ্টেণ্ডত |

- তুমি ?

- ৰবা মই গৈ আছো, ,  ,,

মই ষ্টেণ্ডৰ কাষলৈ গলো | এজনী ছোৱালী থিয় হৈ আছে | কিন্তু এইজনী নহয় চাগে মই আকৌ ফোন লগালো |

কিন্তু ফোনটোৰ ৰিং সেইজনী ছোৱালীৰ মোবাইলতে হৈছে | ভাৱিলো তাইৰও ফোন আহিৱ পাৰে | কিন্তু তাই ৰিচিভ কৰিলে,,

- তুমি

- অ তুমি ,,,,,,

- কিন্তু

মোৰ মগজু গৰম হৈ গ'ল | মোতকৈ অকমান ডাঙৰ এজনী ছোৱালী | মই আৰু ধৰ্য্য ধৰিৱ নোবাৰিলো | 

- লোৱা এইটো তোমাৰ প্রথম আৰু শেষ উপহাৰ |

- কিন্তু কি হ'ল তোমাৰ,,,

- নাই একো হোৱা নাই,,,

- শুনাছোন

- নুশুনো,,একো কথা নাই মোৰ | 

মই গুছি আহিৱলৈ ওলালো | তাই মোৰ হাত খনত খামোছি ধৰিলে |

- এয়া লোৱা, তোমালৈ মই এটি সৰু উপহাৰ আনিছিলো | আশা কৰো তুমি গ্রহন কৰিবা |

মই কিছু চিন্তা কৰি তাইৰ উপহাৰটি গ্রহন কৰিলো |

- আৰু মাত্র এবাৰ তোমাৰ মুখ খন চোৱাৰ সুযোগ দিয়া |

মই গম পাইছিলো তাই কান্দিছিলে |মই এবাৰ তাইৰ ফালে চালো | আৰু ৰৈ নাথাকিলো মই গোগামুখৰ গাড়ীত বহিলো |মই এবাৰ খিৰিকি ফাকেৰে তাইৰ ফালে চালো | তাই মোৰ ফালে চাই আছিলে |কিছুসময় পাছত মই গোগামুখ পাই গুৱাহাটী মুৱা নাইট চুপাৰত উঠিলো | মনটো ভাগি গ'ল যিবোৰ ভাৱি আহিছিলো একোৱে নহল|ছোৱালীজনী মোৰ এৰেবাৰে পচন্দ হোৱা নাছিলে | কি কৰো | তাইলৈ প্রথমতে বহুত খং উঠিছিল মোৰ | মনত পৰিল তাই মোলৈ এটা উপহাৰৰ টোপোলা দিছিলে | চাৱৰ মন গ'ল গাড়ীতে খুলিলো | বাহ এখন সুন্দৰ গামোছা | কাগজ এখনত লিখি দিছিলে " সোঁণ এয়া মই তোমালৈ নিজে বনোৱা গামোছা " |

মোৰ মোবাইলটো ৰিং হ'ল | দেখিলো তাইৰ ফোন | মই কাটি দিলো | এনেকে দুবাৰমান কাটি দিয়াৰ পাছত তাই মোক এটা মেচেজ দিছিলে " এবাৰ মাত্র ফোনটো ৰিচিভ কৰা "

- হেল্ল'

- মই যানো তুমি মোক খং কৰিছা | ঘৃনা কৰিছা |

তাই কান্দিছিলে |

- যানা মই বৰ দুৰ্ভগীয়া | মোক দেখিলে কোনেওঁ মোক গ্রহন কৰিৱ নিবিচাৰে |কাৰন মোৰ দেহত সৌন্দৰ্য্য নামৰ কোনো শব্দ নাই | কিন্তু মই কি কৰিম কোৱা | মইটো নিজে তেনেকে পৃথিৱীত অহা নাই | মই যানো তুমি মোক কেতিয়াও গ্রহন কৰিৱ নোবাৰা | কিন্তু মোৰ ও তোমাক এবাৰ কাষৰ পৰা চোৱা হেপাঁহ আছিল চালো |

তাই হুকহুকাই কান্দিছিলে |মই যেন সান্তনাৰ ভাষাই বিছাৰি নাপালো |

- আমাৰ ও প্রেম কৰিৱ মন যায়,আমাৰ ও কাৰোবাৰ পত্নী হৱৰ মন যায় | সেয়েহে মই তোমাৰ প্রেমত পৰিছিলো | এতিয়া আৰু মোহ ভংগ হ'ল | সিদ্ধান্ত সলনি কৰিলো | মই আৰু কেতিয়াওঁ বিয়াৰ সপোন মিছাঁতে নেদেখো | ভালকৈ থাকিবা | নিজৰ যত্ন ল'বা |এৰিছো,,তোমাক আৰু আমনি নিদিওঁ |

ফোনটো কাটি দিছিলে তাই | তাইৰ কথা খিনিয়ে মোক আঘাত দিছিলে | উপলব্ধী কৰিছিলো তাইৰ মনৰ দুখ |কি অধিকাৰ আছে মোৰ তেনেকুৱা এজনী ছোৱালীক মোৰ দুখ দিয়াৰ | কিয় মন নাযাৱ তাইৰ আনৰ দৰে প্রেমত মগন হৱৰ | নাই নাই মই সেই ভূল কৰিৱ নোবাৰো ,কেতিয়াওঁ নোবাৰো |

- হেল্ল'

- মোক গালি নিদিবা কিন্তু,,,

তাই যেন ভয় খালে |

- শুনাছোন

- কি কোৱা,,,,,

- মই তোমাকে বিয়া পাতিম |

- ধেমালি কৰি আকৌ মোৰ হৃদয় খন কিয় ভাঙি পেলোৱা |

- ধেমালি কৰা নাই |মই তোমাৰ চকুযুৰিৰ প্রেমত পৰিলো ,তোমাৰ ককাললৈ বৈ পৰা মেঘালী চুলি খিনিৰ প্রেমত পৰিলো আৰু তোমাৰ সুন্দৰ মনৰ |

- তুমি,,,,

- কিন্তু মোৰ খং উঠিছিল তুমি বেলেগৰ ফটো নিজৰ প্রফাইলত কিয় ব্যৱহাৰ কৰিছিলা ?মনত ৰাখিবা পৃথিৱীৰ প্রত্যকজন মানুহ ধুনীয়া | গতিকে নিজক ফাকি নিদিবা |মোৰ কথা তোমাৰ ঘৰত কবা |

তাই মোৰ কথা ঘৰত কলে | সেই ভেলেন্টাইন দেৰ আমাৰ দেখাদেখিৰ পাছতে আমাৰ বিয়া হ'ল | সেই জনী ছোৱালীয়ে হ'ল মোৰ পত্নী মল্লিকা হাজৰিকা |এতিয়া আমি বহুত সুখী আৰু মোৰ জীৱনত এতিয়া তাই মোৰ অবিচ্ছেদ্দ্য অংগ |

- মহাশয়

মল্লিকাৰ মাতত ঘুৰি চালো,,,

- অফিচ যাবা,নে ভেলেন্টাইনতে মচগুল হৈ থাকিবা |

কথা খিনি কৈ তেওঁ মোৰ ফালে এক ৰোমান্টিক চাৱনি দিছিলে |মই যেন পাগল হৈ যাওঁ তেওঁৰ চকুযুৰিত |

- চাওঁ এইফালে আহাচোন

- কি হ'ল

- আহাচোন,,,,,

উপায় নাই মহাৰানী কাষলৈ মাতিছে যেতিয়া যাৱই লাগিৱ |

- কি কোৱা,,,,

কাই মোৰ কপালখনৰ ওচৰলৈ তাইৰ ওঠ যুৰি আনিছিলহে মাত্র ,,,,,

- বোৱাৰী

- অ মা,,,,,

- মাইনা অকমান,,,,

তেওঁ গ'লগৈ | মালৈ খং উঠিলে | কি যে হৱ জীৱনত এটা উপহাৰ কমি থাকিল নে এতিয়া | অনুভৱ কৰিলো পাছফালে কোনোবাই আলিংগন কৰিলে মোক,,,

আৰু মোক ঘুৰাই দি কপালত দিলে কোমল ওঠৰ পৰষ | মই লগে লগে কপাল খন মছি দিলো,,,,

- কি হ'ল মছি দিলা যে,,,

- লিপষ্টিক

- ধেত পাগল | ঘৰত লিপষ্টিক লগাম নেকি ?

হয়টো তেওঁটো ঘৰতে আছে |

-আকৌ গালখনত ওঠৰ পৰশ দিলে মল্লিকাই | 

- সোঁণ, হেপ্পী ভেলেন্টাইন দে,,,,,,,

মই মাত্র তেওঁৰ ফালে চাই থাকিলো |||

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages