মই মা হ'বলৈ ওলাইছো। মোৰ গৰ্ভত নয়নে আকৌ এবাৰ থিতাপি লৈছেহি। ইমানদিনে নয়ন মোৰ প্ৰতিটো উশাহত থকাৰ অনুমান সঁচা হ'ল। মাজে মাজে ভাবিছিলো নয়ন এদিন ঘূৰি আহিব। মোৰ কল্পনা বাস্তৱ হোৱাৰ পথত। সঁচাকৈ নয়ন ঘূৰি আহিব। মই মাক হ'ম। কেইটামান মুহূৰ্তৰ আগলৈকে নয়নক হেৰুৱাই ইচ্ছা মৃত্যু বিচৰা মোৰ জীৱনটোৰ প্ৰতি মোহ উপজিছে। চকুপানী আৰু হাঁহিৰ মিশ্ৰিত কন্ঠৰে মই ভগৱানক ধন্যবাদ জনালো।
মই মাক হ'বলৈ ওলোৱা খবৰটো শুনি মা সুখী হোৱা নাছিল। বিষ্ণুৱে মাৰ মনত সন্দেহ নামৰ বীজ এটাৰ জন্ম দিছিল।
: তোমাৰ সন্তানৰ বাপেক কোন?
: এইয়া কেনেকুৱা প্ৰশ্ন মা....
: মই কেতিয়াও মোৰ ঘৰত অবৈধ সন্তান এটাৰ জন্ম হ'বলৈ দিব নোৱাৰো।
মই জানো মোৰ সন্তানৰ বাপেক নয়ন। এগৰাকী নাৰীয়ে জীৱনত সকলো সহিব পাৰে কিন্তু মিছাকৈ চৰিত্ৰৰ ওপৰত লগা ক'লা দাগ কেতিয়াও সহ্য কৰিব নোৱাৰে। বিষ্ণুৱে ভয় কৰিছে মোৰ সন্তানৰ বাবে পোন্ধৰ লাখ টকাৰ ভাগ কিজানি মই অকলেই লওঁ। মদৰ নিচাত মাতাল হৈ মাজৰাতি ঘৰ সোমোৱা বিষ্ণুৱে মোক উদ্দেশ্যি বহু লেতেৰা শব্দৰ প্ৰয়োগ কৰিছে। পৃথিৱী নেদেখা মোৰ সন্তানটোক বিষ্ণুৱে জাৰজ সন্তান বুলি হাহিছে।
মই এইখন ঘৰ এৰি নোযোৱাৰ একমাত্ৰ কাৰণ আছিল নয়নৰ স্মৃতি বোৰ। এতিয়া নয়নৰ তেজ মোৰ গৰ্ভত। মই গুচি যাম। মোৰ সন্তানৰ বাবে এতিয়াও এখন নিৰাপদ ঘৰ আছে।
চহী কৰিবলৈ দিয়া কাগজ খন হাতত লৈ মই দুভাগ নিশাই মাৰ কোঠালৈ গ'লো।
: ইমান ৰাতি কিয় আহিছা মোৰ ওচৰলৈ?
: আপুনি বিচাৰিছে মই এইখনত চহী কৰি দহ লাখ টকা বিষ্ণুক দিব লাগে।
: অ.. যিটো তুমি মানিব খোজা নাই।
: মই চহী কৰিম বিনিময়ত মোৰ দুটা চৰ্ত আপুনি মানিব লাগিব।
: দুটা চৰ্ত!
ইমান সময়ে বেৰৰ সিফালৰ পৰা আমাৰ কথা শুনি থকা জুমি বৌ, বিষ্ণু আৰু তাৰ ঘৈনীয়েক আহি মা আৰু মোৰ কথাত সহযোগ কৰিছিল।
এফালে মই মাৰ কথা মান্তি হোৱাৰ বাবে সুখী আনফালে দুটা চৰ্তৰ কথা ভাবি চিন্তিত হোৱা মায়ে বিষ্ণুক চকুৰে ইংগিত দি মোক প্ৰশ্ন কৰিছিল।
: চৰ্ত দুটা কি কি?
: মই পোন্ধৰ লাখ টকা আপোনাক দিম বিনিময়ত মোক এইখন ঘৰ আৰু আপোনালোকৰ দৰে মুখাপিন্ধা মানুহবোৰৰ পৰা মুক্তি লাগে। এইখন ঘৰ আৰু আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই মোৰ আৰু মোৰ সন্তানৰ ওপৰত ভবিষ্যতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নোৱাৰিব।
মোৰ প্ৰথম চৰ্তটো শুনি মা আৰু বিষ্ণুৰ সুখৰ অনুমান তেওঁলোকৰ জিলিকি থকা মুখ কেইখন দেখিয়েই কৰিছিলো।
জুমি বৌ সুখী হোৱাৰ কাৰণ মই বুজি পোৱা নাছিলো হয়তো ভবিষ্যতে এইখন ঘৰ আৰু সম্পত্তিৰ ভাগ বাবুৱে মোৰ সন্তানৰ লগত ভগাই লব নালাগে বুলি ভাবিয়েই বৌ সুখী হৈছিল।
: দ্বিতীয়টো চৰ্ত কি?
: আপোনাৰ হাতত থকা মোৰ স্বামীৰ বাগান খনৰ কাগজ পত্ৰ বোৰ মোক দিব লাগিব। এতিয়াৰে পৰা সেই বাগান খন আৰু বাগানত থকা সৰু ঘৰটো মোৰ হ'ব। বাগানৰ যিকোনো সিদ্ধান্ত মই ল'ম। আপোনালোকৰ পৰিয়ালৰ কোনো মানুহেই বাগানত কেতিয়াও হস্তক্ষেপ কৰিব নোৱাৰিব।
নয়নৰ মৃত্যুৰ পিছত সম্পূৰ্ণ পিঠি দিয়া বাগান খনৰ সামান্য উপাৰ্জনতকৈ পোন্ধৰ লাখ টকা বিষ্ণুৰ বাবে বহুত বেছি মূল্যবান। মাৰ হাতত থকা বাগানৰ নথি-পত্ৰ বোৰ সি নিজে মোৰ হাতত জমা দিছিল। বিনিময়ত মই কৰ্টৰ কাগজ খনত হস্তাক্ষৰ কৰিছিলো।
" মাধুৰী বৰদলৈ"
ৰাতি পুৱাবলৈ আৰু বেছি সময় নাই। সূৰ্যৰ প্ৰথম কিৰণ পৃথিৱীত পৰিলেই মই এইখন ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই যাম। মোৰ নতুন পৃথিৱী খনলৈ। বিয়াৰ দিনা মোক শাহুৱে দিয়া পাতৰ কাপোৰ কেইযোৰ আৰু সোণৰ অলংকাৰ কেইপদ সকলোৱে দেখাকৈ থৈ সাধাৰণ কাপোৰ দুযোৰ আৰু প্ৰয়োজনীয় বস্তু কেইটামান বেগত ভৰাই ল'লো। বগা সাজ যোৰ খুলি নয়নে উপহাৰ দিয়া ৰঙা চাদৰ মেখেলা যোৰ পিন্ধি ললো। ইমান দিনে মোক সংগ দিয়া নয়নৰ ফটো খন দুহাতেৰে সামৰি মই যাবলৈ সাজু হলো।
" আমি যাবগৈ লাগিব নয়ন।
মোক আপুনি ভুল নুবুজিব দেই। আমাৰ সন্তানক মোৰ বৈধব্য জীৱনৰ তিক্ততা বোৰৰ সাক্ষী হ'বলৈ দিব নোৱাৰো। এইয়া চাওঁক মই আপোনাৰ প্ৰিয় ৰঙা কাপোৰ যোৰ পিন্ধিছো। ব'লক এতিয়া... ইয়াৰ পৰা যাওঁগৈ।"
ৰাতি দেৰিকৈ শুৱাৰ বাবে ঘৰৰ মানুহবোৰ শুৱাৰ পৰা উঠাই নাই। মই আগবাঢ়িলো। নয়ন আৰু মোৰ ভালপোৱাৰ সাক্ষী হৈ থকা বাগানৰ ঘৰটোতেই মোৰ সন্তানৰ জন্ম হ'ব। যদি ল'ৰা হয় তাৰ নাম নয়নৰ ন আৰু মাধুৰীৰ ম ৰে নমো ৰাখিম। যদি ছোৱালী হয় তাইৰ নাম নম্ৰতা ৰাখিম। মা, দেউতা, ভন্টি, মামনি পেহী, ফুটুকী বৰমা,ৰিনী খুড়ী, ৰেণু বৰমা আৰু চম্পাৰ নিভাঁজ মৰমত মোৰ সন্তান ডাঙৰ হ'ব।
সেউজীয়া বোৰৰ মাজে মাজে মই আগবাঢ়িছো। মোৰ দুখ আৰু চকুপানী বোৰক ধূৱাই নিবলৈ মোৰ লগত একেলগে আগবাঢ়িল কিনকিনীয়া বৰষুণ এজাক।
(সমাপ্ত)
বিঃদ্ৰঃ কলিয়াবৰ নিবাসী সন্মানীয় ডিম্পী মহন্ত ডাঙৰীয়াণীয়ে এই বিশেষ ধাৰাবাহিক খন আমালৈ প্ৰেৰণ কৰিছে।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment