বিজেপি ৰাজ্যিক মুখ্য কাৰ্যালয়ত আজি জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু প্ৰমুখ্যে NSUI ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা ৰাজ্যিক সাধাৰণ সম্পাদককে ধৰি শতাধিক সদস্যই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷
উল্লেখ্য যে যিসময়ত কংগ্ৰেছে অসম বচাওঁ অভিযান চলাই আছে সেইসময়তে তেওঁলোকৰ চালিকা শক্তি ছাত্ৰ সংগঠন NSUI ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দেবাশ্ৰী বৰা, ৰাজ্যিক সাধাৰণ সম্পাদক মিঠু আহমেদ, ৰাজ্যিক সম্পাদক ইফটিকাৰ হুছেইনকে আদি কৰি মুখ্য বিষয়ববীয়া সকলে বিজেপিত যোগদান কৰাটো কংগ্ৰেছে দলটোৰ বাবে এক বৃহৎ খহনীয়া বুলি মনা গৈছে।
আজিৰ এই যোগদান কাৰ্যসূচীত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, সাংসদ তথা ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় পল্লৱলোচন দাস আৰু ডাঃ ৰাজদ্বীপ ৰয়, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা , অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷
No comments:
Post a Comment