চাল্লা মন্ত্ৰীয়ে
কেইটা মান টকাৰ কাৰণে
নিতৌ মাৰ বস্ত্ৰ হৰণ কৰে ,
বুকুখন উদং কৰি
কামোৰি কামোৰি খায় ,
মায়ে কষ্টত চিঞৰি থাকে
মাক ৰক্তাক্ত কৰি দেহটো জ্বলাই,
আমি সকলোৱে নিলাজ হৈ চাই আছো ,
হাত চাপৰি বজাই আছো,
……
………
চাল্লা মন্ত্ৰীয়ে মাক বেশ্যা বনাইছে
আমিবোৰে নিমাত হৈ চাই আছো,
মন্ত্ৰীয়ে আমাক ভৰষা দিছে,
প্ৰতিশ্ৰুতি দিছে
বাংলাদেশীক ঠাই দিছে
কম্বল দিছে
টকা দিছে
বিলাতী মদ খুৱাইছে
আমিবোৰ মাতাল হৈ
পাঁচ বছৰৰ বাবে মাক
তাৰ হাতত এৰি দিওঁ…
পিছত মন্ত্ৰীয়ে আমাক বুঢ়া আঙুলি দেখুৱাই,
নিজকে আকবৰৰ সন্তান বুলি ভাবি
শাসনৰ চকীখন বাপেকৰ সম্পত্তি বুলি ভাবি লয় ।
,,,
,,,,
আমাক বানপানীৰ মাজত এৰি থৈ
পঢ়াশালীত গৰু বান্ধি
মন্ত্ৰীয়ে বিদেশত ডিস্কো-বাৰত নৃত্য কৰি থাকে,
আমিবোৰে চাই আছো
পেটত গামোছাৰ গাঁঠিটো আঁতি আঁতি বান্ধিছো ।
,
,
মোৰ মাৰ সন্তান কিছুমানে জংঘলত ঘুৰি ফুৰিছে
মাৰ মুক্তি বিছাৰি ,
মন্ত্ৰীবাবুৱে টকাৰ লোভ দেখুৱাই
সন্তানবোৰক কিনাৰ দৰ দাম কৰিছে ,
দেশপ্ৰেমিক বোৰক জেলত ৰাখিছে,
নাৰী প্ৰেমিবোৰক বুকুৰ মাজত সাবতিছে ,
ধৰ্মক লৈ বেহা কৰিছে,
জাতিৰ মাজত যুদ্ধ লগাইছে,
যাৰে-তাৰে হাতত মাৰ দেহা বিক্ৰী কৰিছে।
,
,
যিয়ে কেলেংকাৰী কৰিব পাৰে,
নিজৰ পত্নীক মন্ত্ৰীৰ বিছনালৈ ঠেলি দিব পাৰে,
তেওঁ হ'ল মন্ত্ৰীৰ প্ৰিয় মানুহ ।
হে'ৰ মন্ত্ৰীবাবু
মোৰ অসমী আইক মুক্তি দে
কিমান আৰু বেচিবি আইৰ ভাগৰুৱা শৰীৰ,
কিমান আৰু জ্বলাবি আইৰ সন্তানবোৰক,
মূখাৰ আঁৰৰ মুখখন খুলি দে,
কাবৌ কৰিছো
"" মোৰ আইক মুক্তি দে ""
আমাক শান্তিৰে জীয়াই থাকিব দে ।
{ সকলোৱে চেয়াৰ কৰক , মা বেশ্যা হোৱাৰ পৰা মুক্তি কৰক ।}
বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য কাৰ্তিক বৈশ্যৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।
আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page
No comments:
Post a Comment