সৰস্বতী পুজাৰ সৌন্দৰ্য্য প্রতিযোগিতাত অপমানিত এগৰাকী যুৱতী - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, February 15, 2021

সৰস্বতী পুজাৰ সৌন্দৰ্য্য প্রতিযোগিতাত অপমানিত এগৰাকী যুৱতী

মিলনপুৰ গাওঁৰ এখন সাধাৰন ঘৰৰ ছোৱালী নিকিতা | ঘৰ খনৰ আটায়েৰে মৰমৰ তাই | মৰমত ডাঙৰ হোৱা নিকিতাই বুজি নাপায় ঘাট-প্রতিঘাট , যন্ত্রনাৰ সংজ্ঞা | দেখা পোৱা নাই নিজৰ চকুত দুখৰ চকুলো | 

নিকিতাৰ দেউতাক ব্যক্তিগত খণ্ডৰ কোম্পানীৰ কৰ্মচাৰী | মাতৃ ঘৰৰ গৃহিনী | অকমান প্রাপ্যতে সন্তুষ্ট থকা এখন সুখৰ ঘৰ | বহু কষ্ট কৰি হলেও দেউতাকে তাইৰ দৈনন্দিন অভাৱ সমূহ পুৰন কৰি আহিছে |  তাইৰ মনত আছে তাইৰ ৮ বছৰ বয়সত মাক-দেউতাকে কৰা কিছু গোপন আলোচনা -


- তৰা , 

নিকিতাৰ মাকক দেউতাকে যেন কিবা কৱ বিচাৰিছে ,,,,,

- কওঁক

- আমাৰ জীৱনত মাইনা আহিলে,,,,

নিকিতাক ঘৰত মাক-দেউতাকে মাইনা বুলি মাতিছিলে |

- হয় | কিন্তু মই ভগৱানে দিলে আৰু এটি ল'ৰা সন্তান বিছাৰো |

নিকিতাৰ মাকে দেউতাকক কৈছিলে,,,,

- নাই আমাক আৰু সন্তান নালাগে | মাইনাক লৈ মই জীয়াই থাকিৱ বিছাৰো |

- কিন্তু বংশ ৰক্ষা কোনে কৰিৱ ?

- কিয় ! মাইনা ,তাইটো আমাৰে সন্তান,,,আমাৰ তেজ মঙহৰ লগত তাইৰ মধুৰ সংম্পৰ্ক আছে | হয় এদিন তাই বেলেগৰ বোৱাৰী হৱ সচা কিন্তু তাইৰ সন্তানটো আমাৰে হৱ |

- আপুনি ?

- অ তৰা | মই মাইনাক ভালকে খুৱাৱ পিন্ধাৱ পাৰিম | কিন্তু আৰু এটি সন্তান আমাৰ জীৱনলৈ আহিলে মোৰ ঘৰ চলোৱাত অসুবিধা হৱ | যৌৱনৰ ভোক গুছাৱৰ কাৰনে মই আন এটি সন্তান জন্ম দি তাৰ পাপৰ বোজা লৱ নোৱাৰো তৰা | মাইনাই মোৰ আশা ভৰষা |


তুমি সোণ আমাৰে মৰমৰ

সুখে দুখে প্রতিটো চেনেহৰ ,,,,


তাই তেতিয়া দেউতাকৰ কথাৰ অৰ্থবোৰ বুজা নাছিল যদিও আজি বুজা হ'ল | তাই বুজি পালে যে তাইৰ দেউতাক আদৰ্শৰ প্রতিক |


সময় বাগৰিছিল | মাইনা কলেজ পালে | তাই ঘৰৰ মৰমৰ | কিন্তু বাহিৰত যেন তাই আনৰ হাঁহিয়তিৰ পাত্র তেনে অনুভৱ হয় |

আজি সৰস্বতী পূজা | সিহতৰ কলেজত ও ব্যতিক্রমী ৰূপত আয়োজন কৰিছে পূজা | যথা সময়ত তাই ও সাধাৰন ভাবে সাজি কাছি পূজাস্থলীলৈ আহিলে | দেখিলে কেৱল ডেকা গাভৰুৰ জাক | সকলোৱে যিমান পাৰি সিমান ধুনীয়া হৈ আহিছে | নিকিতাৰ ইমান সাজি আহিবলৈও সামৰ্থ নাই | কিন্তু তাই যিখিনি পাইছে তাতে আছে সন্তুষ্টিৰ হাহি |

সিহতৰ কলেজত আহি পালে দুটামান ব্যক্তিগত চেনেলৰ কেমেৰা মেন লগতে সাংবাদিক | উদ্দেশ্য ব্যক্তিগত চেনেলে আয়োজন কৰা সৌন্দৰ্য্য প্রতিযোগিতাৰ বাবে সুন্দৰী বিছাৰি এই অভিযান | 

সকলোৰে মন এবাৰ টেলিভিছনৰ পৰ্দাত নিজকে চাব পৰা হলে | সেই মনৰ ব্যতিক্রম নহল নিকিতাৰ ও | তাই যেন দৌৰি দৌৰি গৈ মাক আৰু দেউতাকক কব চোৱা আজি মই টেলিভিছনত উঠিছো |

- তোমালোক এইফালে আহা 

কেমেৰামেন কেইজনীমান ধুনীয়া ছোৱালীক উদ্দেশী কোৱা কথা |

- তুমি বহুত ধুনীয়া | তাতে তোমাক এই কাপোৰ জোৰেৰে আৰু ধুনীয়া লাগিছে | আজি আমাৰ সৌন্দৰ্য্য প্রতিযোগিতাত তুমি এজনী ধুনীয়া ছোৱালী হৈ অংশগ্রহন কৰিছা | তোমাৰ ব্যক্তিগত ভনুভৱ জনোৱা ?

কলেজৰ ভিতৰত ধুনীয়া নিহাৰিকাক সাংবাদিকৰ প্রশ্ন |>

নিকিতাই বহুত চেষ্টা কৰিলে কেমেৰাৰ সন্মুখত যোৱাৰ বাবে | কিন্তু তাই আগত গলে কেমেৰামেনে কেমেৰাটো ঘুৰাই দিয়ে |

তাইৰ আৰু সহ্য নহল | তাই কেমেৰামেনৰ কাষত গৈ কেমেৰামেনক সুধিলে |

- দাদা মই কেমেৰাৰ আগত আহিলে আপুনি কেমেৰাটো ঘূৰাই দিয়ে যে,কিয় ?

- আমি মাত্র ধুনীয়া ছোৱালী বিছাৰি আছো |

কেমেৰামেনৰ ব্যস্ততা দেখুৱাই নিকিতালৈ বুলি উওৰ এয়া |

নিকিতাই যেন সকলো ফালে অন্ধকাৰ দেখিলে | সকলোৱে যেন তাইক বিকৃত অট্রহাস্য কৰি কৈ আছে |

- যা আগতে এবাৰ নিজৰ মুখ খন আইনাৰ সন্মুখত চাই আহ ! 

নিকিতাই আৰু ৰৱ নোৱাৰিলে যিমান পাৰি সিমান জলদি তাই ঘৰলৈ খোজ ললে | 

ঘৰ আহি তাই আইনাৰ সন্মুখত থিয় দি নিজৰ মুখখন চালে আৰু হুকহুকাই কান্দিব ধৰিলে ,,,,,

- ভগৱান মোক কিয় এনেকে জন্ম দিছিলা | কিয় মোক আনৰ হাঁহিয়তিৰ পাত্র কৰিলা | মই কি ভুল কৰিছিলো ভগৱান |

তাই সকলো কথা মাক দেউতাকক বিবৰি কলে | মাক দেউতাকে বহুত দুখ পালে |যিজনী ছোৱালীক কোনো দিনে কান্দিব দিয়া নাছিলে তাই আজি মাত্র ধুনীয়া নোহোৱা কাৰনে কান্দিব লগা হল |


নাকান্দিবাছোন মাজনী

নাকান্দিবাছোন,,,

ধুনীয়া নহয়

পবিত্র হৃদয়ৰে জগত জিনা,,,,

নাকান্দিবাছোন,,,,,,


মাক দেউতাকৰ বুজনিত,,,মৰমৰ দোলৰ মাজত মাইনা আকৌ আগৰ দৰে হ'ল | এতিয়া তাই আগৰ দৰে হাহি থাকে |

সময় গৈ থাকিল | চাওতে চাওতে আকৌ আহিল সৰস্বতী পূজা | এইবাৰ নিকিতাই সৰস্বতী পূজা নকৰাৰ সিদ্ধান্ত লৈছে |


- মাইনা পূজাত যোৱা সময় হ'ল |

- মা মই পূজা নকৰো এইবাৰ,,,,

- নাপায় মাইনা,সৰস্বতীক হেয় জ্ঞান কৰিৱ নাপায় |

- নহয় মা মোৰ মানসিকতাক আঘাত দিয়া মোৰ মন নাই |

- নহয় মাইনা সৰস্বতী পূজা হ'ল দেৱীক বছৰত সকলোবে এবাৰ পবিত্র অন্তৰেৰে আৰধনা কৰা | 

মাকৰ বুজনিৰ ফলত তাই যাবলৈ ওলাল | কাৰন তাই মাক দেউতাকৰ কথা কেতিয়াও অবজ্ঞা কৰি পোৱা নাই আজিও নকৰে | 

ঘৰতে মাকে বনোৱা ৰঙা ৰংৰ ফুল থকা ,বগা মেখেলা চাদৰ জোৰ পিন্ধি তাই গলগৈ | প্রকৃতিৰ সৌন্দৰ্য্য বিলীন হৈছে আজি নিকিতাৰ দেহত |


লাহি পাহি খোজেৰে

কোন তুমি গাভৰু,,,

মোৰ শৰীৰত বিলালা

প্রেমৰ সোনাৰু,,,,


নিকিতাৰ সন্মুখত এখন মাৰুতি ৰৈ গল | তাইৰ যে ভয় লাগিব ধৰিলে কোন বাৰু | কিয় ৰৈ গল মাৰুতিখন | এই ঠাইখিনিত মানুহৰ জনবসতি পাতল |  মাৰুতিৰ পৰা এজন ডেকা ল'ৰা নামি আহিলে | কোন বাৰু এয়া,,,,,,


- নমস্কাৰ মই ৰঞ্জন ভৰদ্বাজ |

ডেকা ল'ৰাজনে নিকিতাক সম্বোধী কলে |

- কিন্তু,,,,,

- হয় তুমি মোক চিনি পোৱাত অসুবিধা পাইছা | কিন্তু তোমাক মই ভালদৰে চিনি পাও |

- কিন্তু আপুনি ?

- হয় মই সৌ হাইস্কুল খনৰ বিজ্ঞান শিক্ষক | আজি দুমাহ হল ইয়াত জইন কৰিবৰ | সদায় তোমাক লক্ষ্য কৰো মই | মনৰ কথা এটি কম বুলি ভাবি আছিলো তোমাক | আজি সুযোগ পালো,,,,

- আপুনি !

- না ভয় কৰিব নালাগে,,,, "তুমি সচাকৈ ধুনীয়া"

- কি কৈছে আপুনি !

নিকিতা উচুপ খাই উঠিল | ৰঞ্জন পাগল হোৱা নাইটো | তাইক কি ধুনীয়া দেখিলে বাৰু তেওঁ | ঠাট্রা কৰিব আহিছে দিব নেকি দুটামান গালি | শান্ত হৈ থকা বাবে সকলোৱে সুযোগ পায় | আৰু নহব ,,,,,

- মই তোমাক ভালপাওঁ | বিয়া কৰাব খোজো,,,,

- কি কৈছে আপুনি ! মোৰ দৰে ছোৱালী এজনীক আপোনাৰ ল'ৰা এজনে ! ধেমালী নকৰিব প্লীজ,,,,

- মই ধেমালী কৰা নাই তুমি সচাই ধুনীয়া | মই তোমাৰ সকলো তথ্য সংগ্রহ কৰিছো | তুমি সকলোতকে ধুনীয়া কাৰন তুমি পবিত্র হৃদয়ৰ গৰাকী | ধুনীয়াটো অহংকাৰৰ বস্তু নহয় | পৃথিৱীৰ প্রত্যকজন মানুহ ধুনীয়া | প্রত্যকজন মানুহৰ সৌন্দৰ্য্যতা বোৰ বেলেগ বেলেগ | এখন ধুনীয়া মুখত যেতিয়া এক্সিডেন্টৰ ডাগ পৰে তেতিয়া থাকে নে সেই সৌন্দৰ্য্য ?

- মই বৰ দুখীয়া ঘৰৰ ছোৱালী ! আপুনি যানো,,,,

- না মোক একো নালাগে | মোক লাগে মাত্র এজনী পতিব্রতা স্ত্ৰী | মই যানো তুমিয়ে সেইজনী | 

এদিনা খন সৰস্বতী পূজাত তাই কান্দিছিলে | কিন্তু এইবাৰ তাইতকে সুখী কোনো নহয় | কোনোবাই তাইক কৈছে তুমি সচাকৈ ধুনীয়া,,,, ৰঞ্জন ৰ দৰে এজন পতি আছে এতিয়া তাইৰ,,,,,,


ৰঞ্জন আৰু নিকিতাৰ এতিয়া এখন সুখৰ সংসাৰ | সিহতৰ জীৱনত আহিছে এটি মৰম লগা কনমানি নূপুৰ | হাহি জীৱন সজাইছে এতিয়া সিহতে |

এই ফালে এসময়ৰ কলেজৰ ধুনীয়া ছোৱালী নিহাৰিকাই কান্দি কান্দি অতিবাহিত কৰিছে জীৱন | নিজৰ ধুনীয়া চেহেৰাৰে এসময়ত বহুটো ডেকা লৰাক পাগল কৰা নিহাৰিকা এতিয়া এজন ধুনীয়া মদাহী বেকাৰৰ পত্নী |


দেহৰ সুন্দৰেৰে নহয়,মনৰ সুন্দৰেৰে জীৱন সজোৱা,,,,,,,,,,,

দেখিবা জীৱনটো ধুনীয়া হৈ পৰিছে |


( কাৰো মানসিকতাত আঘাট হনা লক্ষ্য মোৰ নহয় | )

বিঃদ্ৰঃ Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্য ৰাগ ৰঞ্জনৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page

No comments:

Post a Comment

Advertisement

Pages