মঙলদৈত নিৰ্মাণ হ'বলগীয়া পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয় 'অসম দক্ষতা বিশ্ববিদ্যালয়'ৰ আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত বিশ্ববিদ্যালয়খনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিশেষ গুৰুত্ব প্ৰদানেৰে ১২টা বিষয়ত দক্ষতা আৰু বৃত্তিমূলক শিক্ষা প্ৰদান কৰিব। লগতে, মানৱ সম্পদ গঢ়াৰ দিশত এই শিক্ষানুষ্ঠানে বিশেষ ভূমিকা পালন কৰিব।
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয়- গুৰুজ্যোতি দাস, বিনন্দ শইকীয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
No comments:
Post a Comment