ৰামেশ্বৰম আৰু হনুমদিশ্য শিৱলিংগ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী: - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, February 16, 2021

ৰামেশ্বৰম আৰু হনুমদিশ্য শিৱলিংগ প্ৰতিষ্ঠাৰ আঁৰৰ কাহিনী:

 


ৰামায়ণ আৰু মহাভাৰতত এনে বহু কথা আছে। যত মহাবলী হনুমানে আনৰ অহংকাৰ শেষ কৰিলে। বিশেষকৈ মহাভাৰতত ভগৱান শ্রী কৃষ্ণই বীৰ হনুমানৰ দ্বাৰা, অৰ্জুন, বলৰাম, ভীম,সুৰ্দশন শক্ৰ, গৰুদ্ৰ, সত্যভামাৰ অহংকাৰ ভাঙিছিল।ৰামায়ণৰ পাচত বীৰ হনুমান কৰা বৰ্ণনা ভগৱান শ্রী ৰামে কৈছে, যুদ্ধত ৰাৱণৰ সেনাত ৰাৱণ, কুম্ভকৰ্ণ, মেঘনাদৰ দৰে বহু বীৰ আছিল।আৰু ৰামৰ সেনাত ভগৱান শ্রী ৰাম, লক্ষ্মণ, জামন্ত,বিভিষন, সুগ্ৰীৱ, অংগদৰ দৰে যুদ্ধা আছিল। বীৰ হনুমান বলবান হোৱাৰ ফলটো তেওঁ অত্যন্ত বিনম্ৰ আছিল। অহংকাৰে তেওঁক চুবও নোৱাৰিছিল। ইয়াৰ ওপৰিও ৰামায়ণত এনে কথা আছে,যেতিয়া বীৰ হনুমানৰো কিছু সময়ৰ বাবে অহংকাৰ হৈছিল.. 


 ভগৱান শ্রী ৰামে যেতিয়া নিজৰ সৈন্যৰ লগত সাগৰৰ পাৰ পালেগৈ। তেতিয়া ভগৱান শ্রী ৰামে সমুদ্ৰত সেতুঁ বন্ধাৰ আগতে বিজয় আৰ্শীবাদ প্ৰাপ্ত কৰিবৰ বাবে ভগৱান শ্রী ৰামৰ মনত ভগৱান শিৱৰ পূজা অৰ্থাৎ শিৱ লিংগ স্থাপন কৰিবলৈ ইচ্ছা হল।তেতিয়া ভগৱান শ্রী ৰামে বীৰ হনুমানক আদেশ দিলে যে, কাশীলৈ গৈ এক দিব্য শিৱ লিংগ আনা।যাক ভগৱান ৰামে তাত স্থাপিত কৰিব।ভগৱান শ্রী ৰামৰ আজ্ঞা পায়, বীৰ হনুমানে তীব্ৰ গতীৰে কাশী পালেগৈ। আৰু এক দিব্য শিৱ লিংগ লগত লৈ আনিলে। পূজা মুহুৰ্ত্ব পাৰ হোৱা দেখি ভগৱান শ্রী ৰামে তাতে বালিৰে এক শিৱ লিংগ স্থাপন কৰিলে। আৰু পূজা বিধিৰ অনুসাৰি আৰম্ভ কৰিব লওঁতে সেই স্থানত বীৰ হনুমানে দিব্য শিৱ লিংগ লৈ আহি পালে। 


তেতিয়া বীৰ হনুমানে আহি পায় দেখা পালে যে ভগৱান শ্রী ৰামে বেলেগ শিৱ লিংগ স্থাপন কৰিলে। তাকে দেখা পায় বীৰ হনুমান বৰ দুখিত হল।বীৰ হনুমানে ভগৱান শ্রী ৰামক কলে, হে প্ৰভূ মই আপোনাৰ আদেশত ইমান শ্ৰম কৰি কাশীৰপৰা এই দিব্য শিৱ লিংগ আনিলো আৰু আপুনি বেলেগ শিৱ লিংগ স্থাপন কৰিলে। আপুনি স্থাপন কৰা শিৱ লিংগ কেৱল বালিৰে নিৰ্মিত। সেইবাবে বহু সময়লৈ নাথাকিব। কিন্তু মই পাচানৰে বনোৱা শিৱ লিংগ আনিছো। তেতিয়া ভগৱান শ্রী ৰামে কলে, হে বীৰ হনুমান এই কথাত দুখী হোৱাৰ কোনো কথা নাই,কিন্তু যদি তোমাৰ ইচ্ছা আছে, এই বালিৰে নিৰ্মিত শিৱ লিংগ আঁতৰাই তুমি অনা শিৱ লিংগ স্থাপন কৰা। যদি তুমি এনে কৰিব পাৰা আমি তুমি অনা শিৱ লিংগৰ পূজা কৰিম। এই কথা শুনি বীৰ হনুমানে ভাবিলে, তেওঁৰ এক প্ৰহাৰত পৰ্ৱতো ভাঙি যায়। সেইবাবে এই বালিৰে নিৰ্মিত শিৱ লিংগ টো সামান্য।


এই অহংকাৰৰ ভাবনাত বীৰ হনুমানে সেই শিৱ লিংগ অঁতৰাবলৈ প্ৰয়াস কৰিলে।কিন্তু আৰ্চয্যনক এই যে পৰ্ৱতকো ডাঙি অনা বীৰ হনুমানে সেই বালিৰে নিৰ্মিত কৰা শিৱ লিংগ'ক অলপো লৰচৰ কৰিবকে নোৱাৰিলে। সেই শিৱ লিংগ অতৰোৱাৰ প্ৰয়াসত তেওঁক এক জোৰেৰে ঠেলি বীৰ হনুমানক তাৰপৰা গদমাৰ্ধন পৰ্ৱতত পেলালেগৈ আৰু তেওঁ মূৰ্চা হৈ পৰিল। যেতিয়া তেওঁৰ চেতনা আহিল, তেতিয়া তেওঁৰ ভূলৰ পৰ্চাত্যাপ হল। তেওঁ পুনৰ ভগৱান শ্রী ৰামৰ ওচৰলৈ ঘূৰি আহি ভগৱান শ্রী ৰামে স্থাপন কৰা শিৱ লিংগ'ক ক্ষমা বিচাৰিলে।আৰু তেওঁ সেই শিৱ লিংগ'ৰ নাম ৰামেশ্বৰম ৰাখিলে।আৰু বীৰ হনুমানৰ মান ৰাখিবলৈ বীৰ হনুমানে অনা শিৱ লিংগক তাৰপৰা কিছু দূৰত স্থাপিত কৰিলে। আৰু শ্রী ৰামে কলে, হে মহাবলী তুমি কৰা শ্ৰম ব্যৰ্থ নাযায়। আজিৰপৰা এই শিৱ লিংগ তোমাৰ নামেৰে হনুমদিশ্যৰ নামেৰে বিখ্যাত হব।মোৰ দ্বাৰা স্থাপিত কৰা ৰামেশ্বৰম জ্যোতি লিংগ পূজা কৰাৰ আগতে, তোমাৰ দ্বাৰা স্থাপিত কৰা হনুমদিশ্যৰ শিৱ লিংগ'ৰ পূজা কৰাৰ আৱশ্যক হব। যিয়ে এনে নকৰিব, তেওঁ ৰামেশ্বৰম দৰ্শনত ফল প্ৰাপ্ত নহব।


আজিও তীৰ্থ যাত্ৰীয়ে ৰামেশ্বৰম দৰ্শন কৰাৰ আগতে, হনুমদিশ্য মহাদেৱৰ দৰ্শন অৱশ্যে কৰে।

জয় শ্ৰী ৰাম…জয় হনুমান…

বিঃদ্ৰঃ এই লেখা Social Media Journalism ফেচবুক গ্ৰুপৰ এগৰাকী সন্মানীয় সদস্যা ৰেখামণি চাৰিঙীয়াৰ দ্বাৰা গ্ৰুপত প্ৰকাশিত।আপোনালোকেও যদি কোনো লেখা বা গল্প কবিতা,বা-বাতৰি ইত্যাদি আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আপোনালোকৰ লেখা সমূহ আমাৰ ফেচবুক গ্ৰুপত প্ৰকাশ কৰিবলৈ নতুবা আমাৰ ফেচবুক পেজ/ SMJ24 ৰ মুখ্য পৰিচালন সঞ্চালক দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ ইনবক্সত প্ৰেৰণ কৰিবলৈ আহ্বান জনালো।নিৰ্বাচিত লেখা সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব,ধন্যবাদ।

আমাৰ ফেচবুক গ্ৰুপৰ লিংক - SMJ24.facbookgroup

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

দিব্য জ্যোতি দত্তৰ ফেচবুক পেজৰ লিংক - Dibya Jyoti Dutta/Fb page


No comments:

Post a Comment

Advertisement

Pages